অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাৰতৰ ধ্ৰুপদী ভাষা

ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷ ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷১ ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।২ ২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ আৰু নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ ধ্ৰুপদী ভাষা" হিচাপে স্বীকৃতি দিয়া হ'ব।৩ এই নীতিক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়।

চৰ্তসমূহ

২০০৪ চনত, “ধ্ৰুপদী ভাষা’’ৰ প্ৰাচীন কালৰ প্ৰাৰম্ভিক মানদণ্ড কমেও ১০০০ বছৰীয়া বুলি ধৰা হৈছিল।৩

সংশ্লিষ্ট কৰ্তৃপক্ষই চৰ্তসমূহ সময়ে সময়ে সলনি কৰি আহিছে৷

২০০৪ চনত চৰ্তসমূহ

তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সময়ত ভাৰত চৰকাৰে তলৰ চৰ্তসমূহ উপস্থাপন কৰিছিল৪

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০ বছৰ পুৰণি। ২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে৷ ৩. লিখন সাহিত্যৰ ইতিহাস, যি সম্পূৰ্ণ নিজা আৰু কাৰোপৰা আমদানি কৰা নহয়৷৪

২০০৫ চনত চৰ্তসমূহ

সংস্কৃত ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সময়ত ভাৰত চৰকাৰে তলৰ চৰ্তসমূহ দাঙি ধৰিছিল:

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০-১৫০০ বছৰ পুৰণি। ২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে ৷ ৩. লিখন সাহিত্যৰ ইতিহাস, যি সম্পূৰ্ণ নিজা আৰু কাৰোপৰা আমদানি কৰা নহয় ৷ ৪. প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ বেলেগ/পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা ৷৪

প্ৰাচীনত্বৰ চৰ্তটো ১০০০ৰ পৰা ১০০০-১৫০০ বছৰলৈ বৃদ্ধি কৰা হৈছিল। তেলুগু ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা আৰু ওড়িয়াক বাছনি কৰাৰ সময়তো এইকেইটা চৰ্তই বাহাল আছিল।৪

২০২৪ চনৰ চৰ্তসমূহ

সাহিত্য অকাডেমিয়ে তলৰ চৰ্তসমূহ ৰাখিছিল;৪

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০-১৫০০ বছৰ পুৰণি। ২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে৷ ৩. পদ্য, শিলালিপি বা তাম্ৰলিপি আদিৰ প্ৰমাণ আৰু পদ্যৰ লগতে ঘাইকৈ গদ্যৰ জ্ঞানসমৃদ্ধ পাঠ্য। ৪. প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা৷৪

মৌলিকত্ব আৰু অন্য ভাষাৰ সাহিত্যৰ পৰা ধাৰ কৰা চৰ্তটো নতুন নিয়মসমূহত আঁতৰাই দিয়া হয়।৪

লাভ

শৈক্ষিক সুবিধা

ভাৰত চৰকাৰৰ ২০০৪ চনৰ ১ নৱেম্বৰৰ No. 2-16/2004-US (Akademies) নম্বৰৰ প্ৰস্তাৱ অনুসৰি, "ধ্ৰুপদী ভাষা" হিচাপে ঘোষণা কৰা এটা ভাষাৰ সুবিধা হ'বঃ৫

  1. ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলৰ বাবে প্ৰতি বছৰে দুটা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব।
  2. ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে এক উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ'ব।
  3. আৰম্ভণিতে অন্ততঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দিষ্ট সংখ্যক বিশিষ্ট আসন মুকলি কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰা হ'ব।৬

নিযুক্তিৰ সুবিধা

ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালে ঘাইকৈ শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰত নিযুক্তিৰ সুবিধা হ'ব। লগতে অভিলখন, অনুবাদ, প্ৰকাশ আৰু ডিজিটেল মিডিয়াৰ লগত জড়িত লোকসকলেও এই ভাষাবোৰৰ প্ৰাচীন পাঠ্যৰ সংৰক্ষণ, নথিকৰণ আৰু ডিজিটাইজেচনত নিযুক্তিৰ সুবিধা লাভ কৰিব।৪

চৰকাৰীভাৱে স্বীকৃত ধ্ৰুপদী ভাষাসমূহ

ভাষাপ্ৰাৰম্ভিক প্ৰত্যায়নভাষা পৰিয়ালভাষা শাখাস্বীকৃতিৰ তাৰিখ
தமிழ்খ্ৰীষ্টপূৰ্ব ৫০০ৰ পৰা ৩৫০ৰ মাজত৭৮দ্ৰাৱিড়িয়দক্ষিণ দ্ৰাৱিড়িয় ---- মধ্য তামিল১২ অক্টোবৰ, ২০০৪৯
संस्कृतम्খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা ৫০০ৰ ভিতৰত১০১১ভাৰত-ইউৰোপীয়ভাৰত-আৰ্য২৫ নৱেম্বৰ, ২০০৫৯
ಕನ್ನಡখ্ৰীষ্টিয় ৪৫০১২১৩দ্ৰাৱিড়িয়দক্ষিণ দ্ৰাৱিড়িয় ---- কন্নড় উপভাষা৩১ অক্টোবৰ, ২০০৮১৪
తెలుగుখ্ৰীষ্টিয় ৫৭৫১৫১৬দক্ষিণ-মধ্য দ্ৰাৱিড়িয় ভাষা পৰিয়াল ---- প্ৰাচীন তেলুগু
മലയാളംখ্ৰীষ্টিয় ৮৩০১৭দক্ষিণ দ্ৰাৱিড়িয়২৩ মে', ২০১৩১৮
ଓଡ଼ିଆখ্ৰীষ্টিয় ১০ম শতিকা১৯ভাৰত-ইউৰোপীয়পূৰ্বী ভাৰত-আৰ্য২০ ফেব্ৰুৱাৰী, ২০১৪৬
অসমীয়াখ্ৰীষ্টিয় ১০ম শতিকা২০২১৩ অক্টোবৰ, ২০২৪৪
বাংলাখ্ৰীষ্টিয় ১০ম শতিকা২২
मराठीখ্ৰীষ্টিয় ১০০০২৩দক্ষিণ ভাৰত-আৰ্য
পালি:খ্ৰীষ্টপূৰ্ব ৩য় শতিকা২৪মধ্য ভাৰত-আৰ্য
প্ৰাকৃত:প্ৰাকৃতখ্ৰীষ্টপূৰ্ব ৩য় শতিকা২৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (13 August 2015). Reviving classical languages – Latest News & Updates at Daily News & Analysis. Dnaindia.com
  2. ↑ নিউজ ১৮ অসম
  3. ↑ (17 September 2004). India sets up classical languages. BBC
  4. ↑ Cabinet approves conferring status of Classical Language to Marathi, Pali, Prakrit, Assamese and Bengali languages. Press Information Bureau
  5. ↑ (14 August 2013). Classical Status to Odiya Language. Press Information Bureau, Government of India
  6. ↑ (14 August 2013). Classical Status to Oriya Language
  7. ↑ (17 July 2018). Archived copy l
  8. ↑ (2023-11-03). Tamil language · Origin, History, & Facts · Britannica. www.britannica.com
  9. ↑ (25 November 2005). Notification
  10. ↑ J. P. Mallory; Douglas Q. Adams. (1997). Encyclopedia of Indo-European Culture. Taylor & Francis. পৃ. 306. ISBN 978-1-884964-98-5
  11. ↑ Michael Witzel 1989, পৃ. 115–127 (see pp. 26–30 in the archived-url)
  12. ↑ (2023-10-10). Kannada language · History, Script & Dialects · Britannica. www.britannica.com
  13. ↑ Kannada inscription at Talagunda may replace Halmidi as oldest
  14. ↑ Declaration of Telugu and Kannada as classical languages. Press Information Bureau. Ministry of Tourism and Culture, Government of India
  15. ↑ (2023-11-01). Telugu language · Origin, History, & Facts · Britannica. www.britannica.com
  16. ↑ Service, Express News. (2022-01-10). First Telugu inscription claim sparks debate. The New Indian Express
  17. ↑ Malayalam language · Dravidian, India, Scripts · Britannica. www.britannica.com
  18. ↑ (23 May 2013). Classifying Malaylam as 'Classical Language'. PIB
  19. ↑ (2023-10-13). Odia language · Region, History, & Basics · Britannica. www.britannica.com
  20. ↑ (2024-08-31). Assamese language · Assamese Dialects, Brahmaputra Valley & Eastern India · Britannica. www.britannica.com
  21. ↑ Deka, Joy Jyoti; Boro, Akashi Tara. (2024-08-31). Charyapads as the Oldest Written Specimen of Assamese Literature. International Journal of Health Sciences. পৃ. 7028–7034
  22. ↑ (2024-08-31). Bengali language · History, Writing System & Dialects · Britannica. www.britannica.com
  23. ↑ Marathi literature · History, Authors & Works · Britannica. www.britannica.com
  24. ↑ (2024-08-29). Pāli language · Theravada Buddhism, Pali Canon, India · Britannica. www.britannica.com
  25. ↑ Prakrit. www.ames.ox.ac.uk

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাৰতৰ ধ্ৰুপদী ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ধ্ৰুপদী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৮৪ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।