অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পালি চন্দ্ৰা

পালি চন্দ্ৰা (Pali Chandra; জন্ম: ১৯ নৱেম্বৰ ১৯৬৭) হৈছে এগৰাকী কথক নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ বা নৃত্য পৰিচালক, ডিজিটেল নৃত্য প্ৰশিক্ষক, মেণ্টৰ আৰু শৈল্পিক পৰিচালক। তেখেতে "কথক দূত" হিচাপে পৰিচিত।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৫ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পালি চন্দ্ৰা (Pali Chandra; জন্ম: ১৯ নৱেম্বৰ ১৯৬৭) হৈছে এগৰাকী কথক নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ বা নৃত্য পৰিচালক, ডিজিটেল নৃত্য প্ৰশিক্ষক,১ মেণ্টৰ আৰু শৈল্পিক পৰিচালক।২ তেখেতে "কথক দূত" হিচাপে পৰিচিত। কথক নৃত্যশৈলীত প্ৰশিক্ষিত হোৱা পালি চন্দ্ৰাই বিগত প্ৰায় ত্ৰিশটা বছৰ ধৰি এইবিধ নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে বিভিন্ন প্ৰয়াস হাতত লৈ আহিছে। কথক নৃত্যৰ প্ৰশিক্ষণৰ হেতু তেখেতে আমেৰিকা গণৰাজ্য, আৰৱ, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষত বহুকেইটা ষ্টুডিঅ' প্ৰতিষ্ঠা কৰিছে। তেখেতে বিভিন্ন মহাদেশত চৌধ্যখন কলা মহোৎসৱো পৰিচালনা কৰিছে। পালি চন্দ্ৰা "কথক অনলাইন" নামৰ পৰ্টেলটোৰো সহ-প্ৰতিষ্ঠাপক।৩৪ ইয়াৰ লগতে তেখেত ইনভিছ মাল্টিমিডিয়াৰ লগত সংযুক্ত হৈ 'নাট্যসূত্ৰ অনলাইন'তো কথক পাঠ্যক্ৰমৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছে।৫

পৰিয়াল আৰু প্ৰাৰম্ভিক জীৱন

পালি চন্দ্ৰাৰ জন্ম হৈছিল ১৯৬৭ চনৰ ১৯ নৱেম্বৰত।৬৭ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত জন্মলাভ কৰা আৰু ডাঙৰ-দীঘল হোৱা পালি চন্দ্ৰাৰ পিতৃ হৈছে দ্বাৰকা নাথ শ্ৰীবাস্তৱা। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া। তেখেতে জীৱনৰ অধিকাংশ সময় লক্ষ্ণৌতে অতিবাহিত কৰিছে। পালি চন্দ্ৰাৰ মাতৃ হৈছে ঊষা শ্ৰীবাস্তৱা। ফায়জাবদাত জন্মলাভ কৰা ঊষা শ্ৰীবাস্তৱা হৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী প্ৰতিষ্ঠিত গায়িকা। পালি চন্দ্ৰাৰ ভগ্নীৰ নাম সোমনা টুগনাই।

পালিৰ নৃত্যশিক্ষা আৰম্ভ হয় ছয় বছৰ বয়সতে। তেখেতে গুৰু বিক্ৰম সিংঘেৰ অধীনত সংগীত নাটক একাডেমী, কথক কেন্দ্ৰ, লক্ষ্ণৌত নৃত্যশিক্ষা আৰম্ভ কৰে। তেতিয়া তেখেতৰ বয়স আছিল আঠ। পৰৱৰ্তী সময়ত তেখেত পণ্ডিত ৰাম মোহন মহাৰাজ আৰু কপিলা ৰাজৰ সান্নিধ্যলৈও আহে। পালিয়ে ১৯৮৭ চনত অৱধ গাৰ্লছ ডিগ্ৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতৰ অৰ্থনীতি আৰু নৃতত্ত্ববিদ্যাত অনাৰ্ছ লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইয়াৰ পিছত নৃতত্ত্ববিদ্যাতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। জনগোষ্ঠীয় সংগিত আৰু গাড্ডী জনজাতিৰ নৃত্যৰ বিষয়ে আগবঢ়োৱা গৱেষণাৰ বাবে তেওঁ সোণৰ পদকৰে পুৰষ্কৃত হয়।৬

ব্যক্তিগত জীৱন

পালিয়ে বিশাল চন্দ্ৰাৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলে। তেওঁলোকৰ আৰ্য চন্দ্ৰা আৰু সূৰ্য চন্দ্ৰা নামেৰে দুটি পুত্ৰ সন্তান আছে। বৰ্তমান তেওঁলোক ছুইজাৰলেণ্ডৰ নিবাসী।

কৰ্মজীৱন

ডিজিটেল নৃত্যৰ প্ৰশিক্ষক হিচাপে পালি চন্দ্ৰা
ডিজিটেল নৃত্যৰ প্ৰশিক্ষক হিচাপে পালি চন্দ্ৰাছবি: Gurukulswitzerland · CC BY-SA 4.0

পালি চন্দ্ৰা হৈছে যুক্তৰাজ্যত থকা ইম্পিৰিয়েল ছ'ছাইটি অৱ টিচাৰ্ছ অৱ ডান্সিঙৰ এগৰাকী জ্যেষ্ঠ সদস্যা। ভাৰতীয় সাংস্কৃতিক সম্পৰ্কৰ সচিবৰো তেখেতে এগৰাকী সন্মানীয় সদস্য। অক্সফৰ্ড বিশ্ববিদ্যালয়, বাৰ্মিংহাম বিশ্ববিদ্যালয় আৰু ব্ৰেডফোৰ্ড বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানৰ বাবে তেখেতে বিভিন্ন কৰ্মশালাৰ আৰ্হি প্ৰস্তুত আৰু সম্পন্ন কৰিছে।৮৯

২০০৮ চনত ডুবাইত স্থাপিত হোৱা প্ৰথম চাৰিটা গুৰুকুল ষ্টুডিঅ'ৰে১০১১ পালি চন্দ্ৰা এগৰাকী গুৰু, মেণ্টৰ আৰু তত্ত্বাৱধায়ক। তেওঁলোকে ৫৫০ শিক্ষাৰ্থীক কথক নৃত্যৰ পৰিৱেশনৰ প্ৰশিক্ষণ দিছে। নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেখেত ছুইছ আন্তঃৰাষ্ট্ৰীয় কথক মহোৎসৱৰো প্ৰতিষ্ঠাপক আৰু শৈল্পিক অধ্যক্ষ হিচাপে কৰ্মৰত হৈছিল (২০১৯)।১২ ইয়াৰ লগতে তেখেত ডেন্সিং ডিভাছ (২০০৯-১৯) আৰু যুক্তৰাজ্য, আৰৱ আৰু ভাৰতত থকা বহুকেইটা প্ৰযোজনা গোষ্ঠীৰেই অধ্যক্ষ।

যুক্তৰাজ্যত থকা 'পলি পিককছ্'ৰ উদ্যোগত১৩ পালি চন্দ্ৰাক লণ্ডনৰ হাউছ অৱ কমন্সতো সন্মানীত কৰা হয়। 'ইন দ্য ছেড' অৱ দ্য হিলছ্'ৰ কলা পৰিচালনাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে তেখেত এই সন্মানৰ অধিকাৰিনী হয়। ইংলেণ্ডৰ আৰ্টছ কাউন্সিল, লণ্ডনৰ আৰ্টছ বৰ্ডৰ দৰে অনুষ্ঠানে১৪ পালি চন্দ্ৰাৰ বিভিন্ন অনুষ্ঠানলৈ সহযোগিতা আগবঢ়ায়।১৫

তথ্যসূত্ৰ

  1. ↑ Review and described Online Engagement
  2. ↑ MY JOURNEY FROM DANCER TO PERFORMER TO MENTOR. Education UAE Magazine
  3. ↑ Learn Kathak Online
  4. ↑ MY JOURNEY FROM DANCER TO PERFORMER TO MENTOR. Education UAE Magazine
  5. ↑ Natyasutra - Insoiration of Pali Chandra
  6. ↑ Pali Chandra. Peoplepill
  7. ↑ pali chandra. Veethi
  8. ↑ I am a keeper of art. The Hindu
  9. ↑ Passing the Torch. The National
  10. ↑ Kathak goes Global. The Hindu
  11. ↑ Dance like a dream. Khaleej Times
  12. ↑ Die indische Choreografin Pali Chandra bringt die bunte Welt Indiens mitten in den Aargau. Aargauer Zeitung
  13. ↑ Schools presents classic Hindi Tale. Harrow Times
  14. ↑ Touring details UK - Production
  15. ↑ The eight forms of She. Time of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালি চন্দ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৪৮৪০৯ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।