অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলাম ইন্দিৰা দেৱী

এলাম ইন্দিৰা দেৱী (Elam Endira Devi, জন্ম:১ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৪ ৩৮৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এলাম ইন্দিৰা দেৱী (Elam Endira Devi, জন্ম:১ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।১ কলা আৰু সংস্কৃতিত তেওঁৰ অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।২

জীৱনী

১৯৫৪ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে উত্তৰ-পূব ভাৰতৰ মণিপুৰৰ ইম্ফালৰ খাৱাই নাগমপাল চিংজুবং লিৰকাত এলম ইন্দিৰা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম এলম বিধুমণি সিং আৰু তেওঁৰ মাতৃৰ নাম হৈছে এলম ৰসমণি দেৱী। তেওঁ গুৰু লৌৰেম্বাম অমুইয়ামা সিঙৰ অধীনত আঠ বছৰ বয়সত মণিপুৰী নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল।৩ তেওঁ পিছত আৰ. কে. আক্সানা, মাইচনাম অমুবি সিং,৪ থিংবাইজাম বাবু সিং আৰু থিয়াম তৰুণকুমাৰ সিঙৰ দৰে শিক্ষকসকলৰ অধীনত নৃত্যৰ প্ৰশিক্ষণ লৈছিল। জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীত যোগদান কৰাৰ আগতে তেওঁ ইম্ফলৰ ডিপ্লোমা পাঠ্যক্ৰমৰ বাবে আৰ. কে. প্ৰিয়গোপাল চানা, য়মচান্বি মাইবি, থাম্বালংগ'উ, এন জি কুমাৰ মাইবি আৰু হ'বাম নগাংবিৰ অধীনত শিকাৰ সুযোগ পাইছিল। ১৯৬৭ চনত তেওঁ নৃত্যচাৰ্য ডিপ্লোমা পাঠ্যক্ৰমত উত্তীৰ্ণ হয়।৩

তেওঁ ১৯৭৯ চনত তেওঁৰ পাঠ্যক্ৰম অধ্যয়ন বজাই ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু মণিপুৰী সংস্কৃতি আৰু সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ নৃত্যৰ সৈতে অধ্যয়ন অব্যাহত ৰাখিছিল আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ পৰা যুৱ শিল্পী বৃত্তিৰ সহায়ত ১৯৭৯ চনত ৰাস আৰু ১৯৮৪ চনত লাই হাৰাওবাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।১৩৫

১৯৭২ চনত মেইতেই ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবি 'মাতাম্‌গী মণিপুৰ'ত তেওঁ নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ বহুতো আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ বহুতো নাটক আৰু নৃত্য নাটিকাতো অংশগ্ৰহণ কৰিছে।৩৫ তেওঁৰ কিছুমান উল্লেখযোগ্য আন্তৰ্জাতিক প্ৰদৰ্শন হৈছে:

  • ১৯৯০ চনত দুৰদৰ্শনৰ বাবে একক নৃত্য
  • একক নৃত্য - কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০তম জন্মবাৰ্ষিকী উপলক্ষে - ২০১১
  • একক নৃত্য - ৯ম ভাগ্যচন্দ্ৰ ৰাষ্ট্ৰীয় ধ্ৰুপদী নৃত্য উৎসৱ - ২০১১
  • একক নৃত্য - ভাৰত-ছোভিয়েট সাংস্কৃতিক বন্ধুত্ব, মস্কো - ১৯৭৮
  • একক নৃত্য - লোক উৎসৱ নতুন দিল্লী - ১৯৮৮
  • পৰম্পৰাগত 'লাই হাৰাওবা' - ভাৰত উৎসৱ, পেৰিছ - ১৯৮৫
  • লাই হাৰাওবা ধ্ৰুপদী নৃত্য - ৰি-ইউনিয়ন দ্বীপ, ফ্ৰান্স-ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ ২০১০৩৫

ইন্দিৰা দেৱী হওবাম মণিগোপাল সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু দম্পতীহালৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।

মেইতেই পৰম্পৰাগত নৃত্য প্ৰশিক্ষণ বিদ্যালয় আৰু প্ৰদৰ্শন কেন্দ্ৰ

ইন্দিৰা দেৱীয়ে ১৯৯৩ চনত ইম্ফলত মেইতেই পৰম্পৰাগত নৃত্য প্ৰশিক্ষণ স্কুল আৰু প্ৰদৰ্শন কেন্দ্ৰ৬ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই প্ৰতিষ্ঠানৰ পৰিচালক পদত অধিষ্ঠিত।৭ প্ৰতিষ্ঠানখন শাস্ত্ৰীয়, পৰম্পৰাগত নৃত্য আৰু বেলে নৃত্যৰ শিক্ষণৰ বাবে বিখ্যাত আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত।৮

পদবীসমূহ

এলম ইন্দিৰা দেৱীয়ে বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল। ইয়াৰে ভিতৰত উল্লেখযোগ্যসমূহ হৈছে:৩

  • সদস্য - পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ, কলকাতা - ২০০৯-১২
  • জুৰি সদস্য - সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, ভাৰত চৰকাৰৰ শিক্ষা আৰু সংস্কৃতিৰ এক স্বায়ত্তশাসিত সংস্থা - ১৯৯৬- ২০০৭৯
  • সদস্য - অডিচন পেনেল - দুৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী - ১৯৯৮-২০০০
  • সদস্য - চৰকাৰী প্ৰতিনিধি - ছোভিয়েট সংঘ লোক উৎসৱ, কলকাতা - ১৯৮৭

২০০৯ চনৰ পৰা তেওঁ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা ক্লাব এছোচিয়েচন অফ ইণ্ডিয়াৰ আজীৱন সদস্য আৰু ১৯৮৯ চনৰ পৰা আকাশবাণী ইম্ফলত মণিপুৰী নৃত্যৰ বিশেষজ্ঞ ভাষ্যকাৰ হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ ২০০১ চনৰ পৰা ২০১২ চনলৈ মণিপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক কৰ্মচাৰী মহাবিদ্যালয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অতিথি প্ৰবক্তা হিচাপেও কাম কৰিছিল। আৰু বৰ্তমান জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমী মণিপুৰ, ইম্ফল ১৯৯৬ চনৰ পৰা এজন জ্যেষ্ঠ শিক্ষক হিচাপে কৰ্মৰত।১০

এলম ইন্দিৰা দেৱীয়ে মণিপুৰী নৃত্য আৰু সংস্কৃতিৰ ওপৰত চাৰিখন গ্ৰন্থ ৰচনা কৰিছে। তদুপৰি তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন চেমিনাৰ আৰু সন্মিলনত বক্তৃতা প্ৰদান কৰিছে।১১

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী - ভাৰত চৰকাৰ - ২০১৪
  • উৎকৃষ্টতা বঁটা - বিশ্ব নাট্য দিৱস - ১৯৭০
  • শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা - সৰ্বভাৰতীয় নাট্য মহোৎসৱ - ১৯৭১
  • নৃত্য ৰাণী উপাধি - সাংস্কৃতিক নাটকীয় সংস্থা, মইৰাং - ১৯৮৪৫
  • জুনিয়ৰ ফেলোশ্বিপ - সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ - ১৯৯০-৯২

তথ্যসূত্ৰ

  1. ↑ Sunil Kothari. (26 November 2011). Sunil Kothari Column. Narthaki.com
  2. ↑ (25 January 2014). Padma Awards Announced. Circular. Press Information Bureau, Government of India
  3. ↑ Daniel Chabungbam. (2014). Elam Indira Devi (Padmashree Awardee in the field of Dance ) A Profile. Web article. E Pao
  4. ↑ (2011). Maisnam Amubi Singh. Oxford University Press. ISBN 9780195650983
  5. ↑ (14 November 2011). Bhagyachandra National Festival of Classical Dance 2011: Part 2. E Pao
  6. ↑ MTDTSPC Profile. Indi mapped.com
  7. ↑ (11 August 2013). Kangla Online. Kangla Online.com
  8. ↑ MTDTSPC. Ministry of Culture
  9. ↑ Centre for Cultural Resources and Training. Centre for Cultural Resources and Training
  10. ↑ JN Manipur Dance Academy. Kendra Sangeet Natak Akademi
  11. ↑ Mariko Namba Walter, Eva Jane Neumann Fridman. (2004). Shamanism: An Encyclopedia of World Beliefs, Practices, and Culture, Volume 1. ANC Clio. পৃ. 1055. ISBN 9781576076453

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ ব্যক্তিভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলাম ইন্দিৰা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৩৯২১১ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।