অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনু ঠাকুৰ

মিনু ঠাকুৰ (Meenu Thakur, জন্ম: ১ জুলাই, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি নৃত্যশিল্পী। তেখেতে 'সুৰম্যা' নামেৰে এখনি শিক্ষানুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ শিল্পীক কুচিপুড়ি নৃত্যৰ প্ৰশিক্ষণ দিয়ে। এই শিক্ষানুষ্ঠানখনি নতুন দিল্লীত অৱস্থিত।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৫ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মিনু ঠাকুৰ (Meenu Thakur, জন্ম: ১ জুলাই, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি নৃত্যশিল্পী। তেখেতে 'সুৰম্যা' নামেৰে এখনি শিক্ষানুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ শিল্পীক কুচিপুড়ি নৃত্যৰ প্ৰশিক্ষণ দিয়ে। এই শিক্ষানুষ্ঠানখনি নতুন দিল্লীত অৱস্থিত। ভাৰতীয় লোকনৃত্যটিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে 'উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী' বঁটা লাভ কৰিছে।১

পৰিয়াল

মিনু ঠাকুৰৰ পিতৃৰ নাম হৈছে হৰস্বৰূপ ঠাকুৰ আৰু মাতৃ হৈছে শকুন্তলা। পিতৃৰ পেছা হৈছে অধিবক্তা আৰু মাতৃ হৈছে গৃহিনী। মিনু ঠাকুৰৰ জন্ম উত্তৰ প্ৰদেশ জিলাৰ চাহাৰণপুৰত।১

শৈশৱৰ কালছোৱাতে নৃত্যৰ জগতখনৰ লগত পৰিচিত হোৱা মিনু ঠাকৰে দীঘলীয়া সময়ৰ বাবে কথক নৃত্য শিকিছিল। কিন্তু এটি দুৰ্ঘটনাত তেখেতৰ ভৰিখন ভাঙে। কিন্তু দৃঢ় মনোবলৰ অধিকাৰী মিনু ঠাকুৰে প্ৰতিকূলতাৰ বিষয়ে যুঁজ দিবলৈ মনস্থ কৰে আৰু নৃত্যতেই নিজকে উৎসৰ্গিত কৰে।২

সংক্ষিপ্ত জীৱনী

মীনা ঠাকুৰক কম বয়সতে নৃত্যৰ জগতখনত অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত তেখেতে অন্ধ্ৰপ্ৰদেশৰ পৰম্পৰাগত নৃত্যশৈলী কুচিপুড়িৰ গভীৰ অধ্যয়নত মনোনিৱেশ কৰে। ভাৰতবৰ্ষৰ প্ৰখ্যাত নৃত্যশিল্পী পদ্মভূষণ স্বপ্নাসুন্দৰী, নাট্যাচাৰ্য পশুমূৰ্তি সীতাৰামায়া, পদ্মশ্ৰী জয়াৰামা ৰাও আৰু বনশ্ৰী ৰাওৰ তত্ত্বাৱধানত নতুন দিল্লী, বিশাখাপট্টনম আৰু হায়দৰাবাদত মিনু ঠাকুৰে নৃত্যৰ প্ৰশিক্ষণ লয়। মিনু ঠাকুৰৰ নৃত্যত কুচিপড়ুিত থাকিবলগীয়া ভংগীমা আৰু অভিব্যক্তি দেখিবলৈ পোৱা যায়।

মিনু ঠাকুৰে উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১ উল্লেখ্য যে, মিনু ঠাকৰে প্ৰায় ২৯ বছৰ কাল ধৰি কুচিপুড়ি নৃত্যৰ লগত জড়িত হৈ আছে।

ভাৰতীয় সংস্কৃতি সম্পৰ্কৰ সংস্থা বা ICCR ৰ মিনু ঠাকুৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী। আইচিচিআৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনস্থ এক শাখা। সাংস্কৃতিক বিনিময়ৰ মাধ্যম হিচাপে মিনু ঠাকৰে দেশৰ বাহিৰতো নৃত্য প্ৰদৰ্শন কৰি আহিছে। তেখেতে দূৰদৰ্শনৰ 'এ' গ্ৰেডপ্ৰাপ্ত শিল্পী। ইয়াৰ উপৰি তেখেতে SPIC MACAY (Society for promotion of Indian classical music and culture among youth, তৰুণৰ মাজত ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সংস্কৃতিৰ প্ৰসাৰকাৰী সমাজ)। ইয়ং ইণ্ডিয়া নামৰ আলোচনী এখনৰো মিনু ঠাকৰ সাংস্কৃতিক স্তম্ভ লেখক।

২০১৪ চনত তিহাৰ কাৰাগাৰতো মিনু ঠাকুৰে নৃত্য পৰিৱেশন কৰে। ইয়াৰ লগে লগে কাৰাগাৰত নৃত্য পৰিৱেশন কৰা মিনু ঠাকৰ প্ৰথমগৰাকী ভাৰতীয় নৃত্যশিল্পী হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেখৈতে নতুন দিল্লীস্থ মন্দোলী কেন্দ্ৰীয় কাৰাগাৰত নৃত্য পৰিৱেশন কৰে।২

কুচিপুড়িৰ নৃত্যৰে এটি প্ৰকাৰ সিংহনন্দিনী প্ৰদৰ্শন কৰিব পৰা মিনু হৈছে অন্যতম এগৰাকী শিল্পী। এইবিধ প্ৰকাৰত শিল্পীয়ে ভৰিৰে দুৰ্গাৰ সিংহবাহনটো অংকন কৰে।১

তথ্যসূত্ৰ

  1. ↑ Meenu
  2. ↑ MEENU THAKUR: CLASSICALLY KUCHIPUDI

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনু ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৫০১৯০ (১২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।