মিনাক্ষী শ্ৰীনিবাসন (Meenakshi Srinivasan; জন্ম: ১১ জুন, ১৯৭১) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ। তেখেত ভাৰতনাট্যমৰ পাণ্ডানাল্লুড় শৈলীৰ এগৰাকী পটিয়সী।১ তেখেতে আৰ্লামেল ভাল্লীৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। পৰম্পৰাগত শৈলীত নৃত্য-প্ৰদৰ্শন কৰি থকা নতুন প্ৰজন্মৰ একক শিল্পীসকলৰ ভিতৰত তেখেতে হৈছে অন্যতম।২
মিনাক্ষী শ্ৰীনিবাসনে মাদ্ৰাছ সংগীত একাডেমীৰ বাৰ্ষিক আন্তৰ্জাতিক নৃত্য মহোৎসৱত নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে। ইয়াৰ লগতে তেখেতে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ ছিফাছ মহোৎসৱ (ছিংগাপুৰ) আৰু পেৰিছত অনুষ্ঠিত হোৱা মুইছি গাইমেটতো অনুষ্ঠান পৰিৱেশন কৰিছে। ২০১১ চনত সংগীত নাটক একাডেমীৰ পৰা তেখেতে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ গ্ৰহণ কৰে।
ইয়াৰ লগতে শ্ৰীনিবাসন এগৰাকী স্থপতিবিদ। চেন্নাই আৰু তামিলনাডুত তেখেতে 'Calm Studio' নামৰ এখনি পেছাদাৰী প্ৰতিষ্ঠানৰ গুৰি ধৰিছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মিনাক্ষী শ্ৰীনিবাসনে জন্মলাভ কৰে ১৯৭১ চনৰ ১১ জুনত। জন্মস্থান হৈছে চেন্নাই।৩ শ্ৰীনিবাসনে নৃত্যশিক্ষা আৰম্ভ কৰে কলাক্ষেত্ৰৰ ভেংকটাচালাপাথীৰ অধীনত। তেখেতে ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। পৰৱৰ্তী সময়ত আলাৰ্মেল ভাল্লীৰ ওচৰতো তেখেতে নৃত্যশিক্ষা গ্ৰহণ কৰে।২৪
কৰ্মজীৱন
দক্ষিণ ভাৰতৰ বহুকেইখন গুৰুত্বপূৰ্ণ সভাত (sabhās) মিনাক্ষী শ্ৰীনিবাসনে নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰিছে। তাৰে ভিতৰত মাদ্ৰাছ সংগীত একাডেমী,২ ব্ৰাহ্ম গণ সভা,৫ আৰু কৃষ্ণ গণ সভা আৰু৬ মাৰগাঝী মহোৎসৱ অন্যতম।৭
দক্ষিণ ভাৰতৰ বাহিৰতো তেখেতে একাধিক নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰিছে। তাৰে ভিতৰত বাংগালোৰ হাব্বা,৫ আৰু নদম মহোৎসৱ,৩ পৰিক্ৰমা মহোৎসৱ,৮ শিল্পপৰমাণ নৃত্য মহোৎসৱ,৫ কলিকতাৰ ডোৱাৰ লেন সংগীত সন্মিলনী,৫ দেৱদাসী মহোৎসৱ,৩ সূৰ্য মহোৎসৱ,৯ স্বৰলতা মহোৎসৱ,১০ আৰু নিশাগন্ধী মহোৎসৱ অন্যতম।৫
মিনাক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ কেইটামান নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে। ছিংগাপুৰত "এছপ্লাণ্ডে-থিয়েটাৰছ অন দ্য বে"ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ মহোৎসৱ ছিফাছ ইয়াৰে ভিতৰত অন্যতম।১১১২ তাৰপিছত ছিংগাপুৰৰে ছিংগাপুৰ ৰেপেৰটৰি থিয়েটাৰ১৩ মালয়েছিয়াৰ ৰামলী ইব্ৰাহীমৰ নৃত্যৰ থিয়েটাৰ,১৩ কানাডাৰ ভেংকোভাৰৰ দ্য গেইট টু দ্য স্পিৰিট মহোৎসৱ,১৪১৫১৬ লণ্ডনৰ ইয়ং মাষ্টাৰছ মহোৎসৱ,১৬ পেৰিছ, ফ্ৰান্সৰ মুইছি গাইমেটতো তেখেতে নৃত্যানুষ্ঠান কৰে।১৭ বেলজিয়াম আৰু হলেণ্ডতো মিনাক্ষীয়ে নৃত্যৰ অনুষ্ঠান আগবঢ়াইছে।১৮
বঁটা-সন্মান
মিনাক্ষীয়ে নিজৰ নৃত্য আৰু কৰ্মৰাজিৰ বাবে কেইবাটাও বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। নৃত্ত (বিশুদ্ধ নৃত্য, nritta), নৃত্য (প্ৰকাশিকা নৃত্য, nritya) আৰু নাট্যৰ (নাটক, natya)ৰ দিশত প্ৰদৰ্শন কৰা অভ্যন্তৰীণ শক্তি আৰু "পৰিমিত উৎকৃষ্টতা"ৰ বাবে তেখেতে ইতিবাচক সমালোচনা লাভ কৰিছে।১১ ২০০৭ চনত তেখেতে "নাট্য কলা বিপাঞ্চী"ৰ সন্মান লাভ কৰে। ২০১২ চনত লাভ কৰে "নাট্য কলা দৰ্শিনী" আৰু "নৃত্য অভিনয়া সুন্দৰম" সন্মান।১৯
২০১১ চনত মিনাক্ষী শ্ৰীনিবাসনে সংগীত নাটক একাডেমীৰ "উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ" লাভ কৰে। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙনিৰ বাবে তেখেতলৈ উক্ত সন্মান আগবঢ়োৱা হয়।২০৩
তথ্যসূত্ৰ
- ↑ Menon, Anasuya. (21 July 2013). Seamless Grace. The Hindu
- ↑ Sai, Veejay. (8 January 2017). Meet the next gen Indian artistes keeping Bharatnatyam alive and flourishing. The News Minute
- ↑ Meenakshi Srinivasan. Sangeet Natak Akademi
- ↑ Seshan, A. (29 October 2009). Meenakshi's magnificent Margam. Narthaki: Your gateway to the world of Indian Dance
- ↑ Performances - 2000-2012. Meenakshi Srinivasan
- ↑ Upcoming Performances. Meenakshi Srinivasan
- ↑ Saranyan, Vidya. (1 January 2015). Focus on the Feminine. The Hindu
- ↑ Kantawala, Zainab. (27 Oct 2017). A celebration of dance. The Times of India
- ↑ (20 September 2017). 111-day Surya festival begins today. The Times of India
- ↑ Ajayan, T. R. (1 October 2013). Swaralaya Festival of Music and Dance; Kerala. KutcheriBuzz
- ↑ Alurkar-Sriram, Sarita. (25 March 2016). Brilliant all the way. Tabla. পৃ. 17
- ↑ (23 March 2016). A fine-arts showcase, Indian style. Today
- ↑ Meenakshi Srinivasan. Shruti: India's Premier Magazine for the Performing Arts
- ↑ (4 October 2014). Gait To The Spirit Celebrates Classical Dance Of India. The Link
- ↑ Smith, Janet. (29 October 2014). Gait to the Spirit festival brings in the best of bharata natyam. Straight
- ↑ (2017). THE 11th Dance Festival MUSIC ACADEMY MADRAS. MUSIC ACADEMY MADRAS. পৃ. 46
- ↑ (14 October 2014). Meenakshi Srinivasan à Guimet. Inde à Paris
- ↑ (1 February 2012). Bharata Natyam dancer Meenakshi Srinivasan on tour in The Netherlands and Belgium. Tonal Ties
- ↑ Meenakshi Srinivasan. THARANG UTSAV
- ↑ Sinha, Meenakshi. (4 October 2013). Meenakshi Srinivasan: The values that come with learning a classical art are precious. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনাক্ষী শ্ৰীনিবাসন” প্ৰবন্ধৰ সংশোধন ৬২৫৬৭৪ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।