অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমা ডগ্ৰা

উমা ডগ্ৰা (Uma Dogra) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। তেওঁ জয়পুৰ ঘৰানাৰ কথক নৃত্যৰ পণ্ডিত দুৰ্গা লালৰ সবাতোকৈ পুৰণি শিষ্য। নৃত্য কৰাৰ লগতে তেওঁ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষয়িত্ৰী। ৪০ বছৰ ধৰি তেওঁ ভাৰতৰ লগতে বিদেশতো নৃত্য প্ৰদৰ্শন কৰি আহিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৪১ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

উমা ডগ্ৰা (Uma Dogra) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী।১ তেওঁ জয়পুৰ ঘৰানাৰ কথক নৃত্যৰ পণ্ডিত দুৰ্গা লালৰ সবাতোকৈ পুৰণি শিষ্য।২ নৃত্য কৰাৰ লগতে তেওঁ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষয়িত্ৰী।১৩ ৪০ বছৰ ধৰি তেওঁ ভাৰতৰ লগতে বিদেশতো নৃত্য প্ৰদৰ্শন কৰি আহিছে।

প্ৰাৰম্ভিক জীৱন

নতুন দিল্লীৰ মালৱীয় নগৰত, মতিৰাম আৰু শকুন্তলা শৰ্মাৰ গৃহত, উমাই জন্মগ্ৰহণ কৰিছিল। উমাই ৭ বছৰ বয়সৰ পৰাই নৃত্য কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে গুৰু বংশীলালৰ অধীনত আৰু তাৰ পিছত ৰেবা বিদ্যাৰ্থীৰ অধীনত, নতুন দিল্লীৰ কথক কেন্দ্ৰ নেচনেল ইনষ্টিটিউট অৱ কথক ডান্সত প্ৰশিক্ষণ লয়। তাৰ পিছত, তেওঁ জয়পুৰ ঘৰানাৰ পণ্ডিত দুৰ্গা লালৰ পৰা নৃত্য শিক্ষা লʼবলৈ আৰম্ভ কৰে।৪ সীতাৰবাদক, পণ্ডিত ৰবি শংকৰৰ শিষ্য পিতৃ, পণ্ডিত মতিৰাম শৰ্মাৰ অধীনত তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল।

কৰ্মজীৱন

উমা ডগ্ৰা হʼল পণ্ডিত দুৰ্গা লালৰ গন্ধ বন্ধ শগিৰ্ড (ই এটি পৰম্পৰাগত অনুষ্ঠান, যিয়ে গুৰু আৰু শিষ্যৰ মাজত দৃঢ় সম্পৰ্ক স্থাপন কৰে)ৰ এগৰাকী শিষ্যা।৫ তেওঁ ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ ৰেবা বিদ্যাৰ্থী আৰু পণ্ডিত বিৰজু মহাৰাজৰ অধীনত কথক শিকিছিল। ১৯৭২ চনৰ পৰা ১৯৮৪ চনলৈ তেওঁ গুৰু পণ্ডিত দুৰ্গা লালৰ অধীনত কথক শিকিছিল৪ আৰু এছবিকেকে, ৰামলীলা, সুৰদাস, শ্বাহ-নে-মোগল আদি প্ৰযোজনা সংস্থাৰ অধীনত নৃত্য কৰিছিল। তেওঁ ১৯৮৪ চনত বোম্বাইলৈ যায় আৰু হেমা মালিনীৰ সৈতে নৃত্য ভাৰতী, নূপুৰ ধাৰাবাহিক আৰু বেলে মীৰাত কাম কৰে। তেওঁ আশা পাৰেখৰ সৈতে ধাৰাবাহিক ঝংকাৰতো কাম কৰিছিল।

গুৰুৰ মৃত্যুৰ পিছত, ১৯৯০ চনত, উমা ডগ্ৰাই স্যাম বেদ চʼছাইটিৰ প্ৰতিষ্ঠা কৰে।৩ তেওঁৰ উদ্দেশ্য আছিল ইয়াৰ জৰিয়তে ভাৰতীয় পৰিৱেশন কলা শিকোৱা আৰু প্ৰচাৰ কৰা। এই সংস্থাৰ বেনাৰৰ তলত, বিগত ২৫ বছৰ ধৰি,৫৬৭ মুম্বাইৰ সাংস্কৃতিক কাৰ্যসূচীত, তেওঁ প্ৰতি বছৰে দুটা উৎসৱৰ আয়োজন কৰি আহিছে।৬ প্ৰথমটো হʼল, পণ্ডিত দুৰ্গা লাল উৎসৱ, বছৰৰ প্ৰথমাৰ্ধতে অনুষ্ঠিত হয়।৫ ইয়াত সংগীত, নৃত্য আৰু থিয়েটাৰ জগতৰ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে।৩ ২০২০ চনত, উৎসৱটোৱে ৩০ বছৰ সম্পূৰ্ণ কৰে।৮ দ্বিতীয়টো, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰেইনড্ৰপ উৎসৱ৫ জুলাইত অনুষ্ঠিত হয় যাৰ উদ্দেশ্য হৈছে আহিবলগীয়া একক শিল্পীসকলক এখন মঞ্চ প্ৰদান কৰা। তেওঁ আন বহুতো উৎসৱ যেনে খাজুৰাহো নৃত্য মহোৎসৱ, মাৰ্গাজি উৎসৱত অংশগ্ৰহণ কৰিছে।৯ তেওঁ মুম্বাইৰ উমা ডগ্ৰা কথক স্কুলত কথকৰ শ্ৰেণী পৰিচালনা কৰে। তেওঁ কেইবাজনো শিক্ষাৰ্থীক প্ৰশিক্ষণ দিছে, যাৰ ভিতৰত আছে১০ কথকৰ একক শিল্পী টিনা তাম্বে,১১ বলীউডৰ অভিনেত্ৰী সোণম কাপুৰ,১২ আৰু দূৰদৰ্শন অভিনেত্ৰী ৰচনা পাৰুলকাৰ।

যেতিয়া নৃত্যশিল্পীসকল মঞ্চলৈ যায়, তেওঁলোকে হিন্দু ধৰ্ম বা ইছলাম ধৰ্ম, এইটো বস্তু বা সেইটো বস্তুক চিত্ৰিত নকৰে। এয়া আপোনাৰ নিজৰ জীৱন, আপোনাৰ নিজৰ চিন্তা-ভাৱনা আৰু আপোনাৰ নিজৰ জ্ঞানৰ অভিব্যক্তি।১৩
— উমা ডগ্ৰা

তেওঁ ২০১৪ চনত, সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিছে।১৪১৫১৬

২০১৬ চনৰ ১৮ মে' তাৰিখে, উমাই ভাৰতীয় লোক প্ৰতিবেদক গীতাঞ্জলি শৰ্মাৰ সৈতে১৭ "উজ্জয়িনী সিংহস্থ" নামৰ এক মাহজোৰা সাংস্কৃতিক উৎসৱত নৃত্য পৰিৱেশন কৰিছিল।১৮

ব্যক্তিগত জীৱন

উমা ডগ্ৰাই ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক চিত্ৰাৰ্থ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১৯ তেওঁলোকৰ এজনী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। কন্যা, সুহানি সিং, ইণ্ডিয়া টুডেৰ এগৰাকী লেখক তথা সাংবাদিক আৰু পুত্ৰ, মানস সিং এগৰাকী অভিনেতা। উমাই মুম্বাইত বসবাস কৰে। মুম্বাইত চʼছাইটিৰ অনুমতি অবিহনে বাণিজ্যিক উদ্দেশ্যৰ বাবে তেওঁৰ ঘৰৰ অবৈধ ব্যৱহাৰৰ অভিযোগত, চʼছাইটিৰ সৈতে তেওঁৰ বিবাদো হৈছিল। চʼছাইটিৰ অধ্যক্ষগৰাকীয়ে কয়, "কোলাহলৰ বাবে চুবুৰীয়াসকলে আমনি পাইছে আৰু তেওঁলোকে আমাক লিখিত অভিযোগ দিছে।" ২০

গ্ৰন্থৰাজি

তেওঁ এগৰাকী নৃত্যশিল্পী হিচাপে, তেওঁৰ যাত্ৰা আৰু কথকৰ কৌশলৰ বিষয়ে "ইন প্ৰেইজ অৱ কথক" নামেৰে এখন কিতাপ লিখিছে।২১ এই কিতাপখন ২০১৫ চনৰ ৩০ জানুৱাৰীত, সামবেদৰ ৰজত জয়ন্তী মহোৎসৱত, সাংসদ হেমা মালিনীয়ে মুকলি কৰিছিল।২২

সংগীতপঞ্জী

নিৰ্বাণ থ্ৰু ডান্স – উমাৰ গুৰু, পণ্ডিত দুৰ্গা লালৰ জীৱন আৰু কৃতিত্ব উদযাপনৰ বাবে নিৰ্মাণ কৰা এখন চলচ্চিত্ৰ।২৩

কথক বিদ্যালয়

তেওঁ মুম্বাইস্থিত উমা ডগ্ৰা স্কুল অফ কথক নামৰ শিক্ষানুষ্ঠানটি পৰিচালনা কৰে।১৭ ইয়াৰ কাৰ্যকলাপবোৰৰ ভিতৰত আছে শ্ৰেণীকোঠাৰ শিক্ষাদান, কৰ্মশালা, মাষ্টাৰ শ্ৰেণী, নৃত্য প্ৰদৰ্শন, চেমিনাৰ আৰু উৎসৱ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sridharan, Divya. (28 May 2009). A Katha on Kathak. The Hindu
  2. ↑ (8 February 2008). Remembering the Legend - Times of India. The Times of India
  3. ↑ Modi, Chintan Girish. (5 March 2016). Remembering a maestro. The Hindu
  4. ↑ (11 February 2011). Repose in rhythm. The Hindu
  5. ↑ Kothari, Sunil. (6 August 2015). Young, able and willing. The Hindu
  6. ↑ Kothari, Sunil. (8 October 2015). In memory of a dance guru. The Hindu
  7. ↑ Ghosh, Tanushree. (6 February 2014). A dance tribute. Mint (newspaper)
  8. ↑ (31 March 2020). Prominent dancers perform at the 30th Pandit Durgalal Festival
  9. ↑ Subramanian, Mahalakshmi. Dancers like Uma Dogra and Vaibhav Arekar, drew an overwhelming crowd. DNA
  10. ↑ Dave, Ranjana. (12 April 2018). Joining the dots with dance. The Hindu
  11. ↑ (19 May 2009). Opening minds to classical arts
  12. ↑ (19 February 2016). The restless actor. The Hindu
  13. ↑ Yang, Melissah. Kathak Dance Puts Hinduism And Islam in the Same Circle. neontommy.com
  14. ↑ Sarkar, Gaurav. (12 June 2015). Danseuse Uma Dogra to get National Award for Kathak. dna
  15. ↑ (23 October 2015). Prez Confers Sangeet Natak Akademi Awards
  16. ↑ (24 October 2015). Sangeet Natak Akademi delegation meets PM Modi. HT
  17. ↑ Denishua, HPA. School of Kathak · Uma Dogra. umadogra.com
  18. ↑ Sinha, Manjari. (26 May 2016). Joy sheer joy…. The Hindu
  19. ↑ 28th National Film Awards
  20. ↑ (24 March 2019). Mumbai: Kathak dancer takes on Goregaon society over feeding stray dogs. mid-day
  21. ↑ Denishua, HPA. Book · Uma Dogra. umadogra.com
  22. ↑ Book Review – In praise of Kathak – Shyamhari Chakra. narthaki.com. Samved Society
  23. ↑ (26 April 2012). Moving Stories – Indian Express. archive.indianexpress.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা ডগ্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।