উমা শৰ্মা (Uma Sharma; জন্ম: ১৯৪২) হৈছে কথক নৃত্যৰ এগৰাকী ধ্ৰুপদী শিল্পী। ইয়াৰ উপৰি তেখেত এগৰাকী নৃত্যপৰিচালক আৰু শিক্ষক। নতুন দিল্লীত থকা 'ভাৰতীয় সংগীত সদন'ৰো তেখেত নেতৃত্বপ্ৰদানকাৰী। এইখন হৈছে ধ্ৰুপদী নৃত্য আৰু সংগীতৰ একাডেমী। তেখেতৰ পিতৃয়ে ১৯৪৬ চনত এই প্ৰতিষ্ঠানখন স্থাপন কৰিছিল। ধ্ৰুপদী নৃত্যৰ'নটৱাৰী' বা 'বৃন্দাবনৰ ৰাসলীলা' নামৰ এক পুৰণি শৈলী পুনৰুদ্ধাৰৰ বাবে তেখেত সৰ্বপৰিচিত। পৰৱৰ্তী পৰ্যায়ত এইটো শৈলী 'কথক'লৈ বিৱৰ্তিত হয়।১২৩
প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ
উমা শৰ্মাৰ পৰিয়ালে বাস কৰিছিল ৰাজস্থানৰ ধোলপুৰত। অৱশ্যে ১৯৪২ চনত নতুন দিল্লীতহে উমা শৰ্মাই জন্ম লাভ কৰে। গুৰু হীৰালালজী আৰু গীৰভৰ দয়ালৰ পৰা উমা শৰ্মাই নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁলোক জয়পুৰ ঘৰাণাক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত তেখেত পণ্ডিত সুন্দৰ প্ৰসাদৰ এগৰাকী শিক্ষাৰ্থী হৈ পৰে। সুন্দৰ প্ৰসাদো জয়পুৰ ঘৰানাৰে এগৰাকী নেতৃস্থানীয় শিল্পী।১ উমা শৰ্মাই নতুন দিল্লীস্থ ছেইণ্ট থ'মাছ স্কুলৰ পৰা পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত নতুন দিল্লীৰে লেডি শ্ৰীৰাম কলেজ ফ'ৰ ৱমেনৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে।
কৰ্মজীৱন
শিল্পৰ পৰম্পৰাগত সমলৰ উপস্থাপনশৈলীৰ লগত পৰিচয় হোৱাৰ পিছত, তেখেতে বিভিন্ন থিম বা বিষয়বস্তুত নতুন নৃত্য আৰু সম্পূৰ্ণ দৈৰ্ঘ্যৰ নৃত্য-নাটক সংৰচনা কৰিছে। ইয়াৰ জৰিয়তে কথক নৃত্যৰ বিস্তৃতি বাঢ়িছে। তেখেতৰ নৃত্যনাটিকা 'স্ত্ৰী' (Woman) শক্তিশালী বিষয়গত ভাববস্তু আৰু শৈল্পিক উপস্থাপনৰ বাবে পৰিচিত।
উমা শৰ্মাই দেশৰ প্ৰায়বোৰ ঠাইতে নৃত্য প্ৰদৰ্শন কৰিছে। ইয়াৰ লগতে দেশীয় আৰু আন্তঃদেশীয় বিভিন্ন উৎসৱ-মহোৎসৱতো তেখেতে অংশগ্ৰহণ কৰিছে। আৰৱ, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, আমেৰিকা, কানাডা, মধ্য প্ৰাচ্য, জাপান আৰু চীন দেশত তেখেতে নৃত্যৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে। ভাৰতীয় সংস্কৃতি সম্পৰ্কৰ সংসদৰ এগৰাকী প্ৰতিনিধি হিচাপেও তেখেতে কিছু অনুষ্ঠানত অংশ লৈছে।
উমা শৰ্মাই নিজৰ এখন বিদ্যালয়ত নৃত্য শিকায়। নতুন প্ৰজন্মৰ আগ্ৰহী শিল্পীসকলে এইখন বিদ্যালয়ত নৃত্য আৰু কলাৰ লগত পৰিচয় গঢ়াৰ সুযোগ পাইছে।
বঁটা আৰু স্বীকৃতি
১৯৭৩ চনত উমা শৰ্মা ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা সৰ্বকনিষ্ঠ নৃত্যশিল্পী হিচাপে পৰিগণিত হয়।৪ ২০০১ চনত তেখেতে পদ্মভূষণ লাভ কৰে।৫ তেখেতে সংগীত নাটক একাডেমী বঁটা আৰু সাহিত্য কলা পৰিষদ বঁটাও লাভ কৰিছে। ২০১৩ চনৰ ২৭ জানুৱাৰীত তেখেতক 'সৃজন মনিষী' উপাধি প্ৰদান কৰা হয়। কাশীৰ অখিল ভাৰতীয় বিক্ৰম পৰিষদে তেখেতক এই সন্মান প্ৰদান কৰে আৰু কথন নৃত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক সন্মানীত কৰে।
তথ্যসূত্ৰ
- ↑ Uma Sharma Profile
- ↑ Richmond, p. 198
- ↑ Massey, p. 83
- ↑ Shukla, Vandana. (22 Mar 2003). Two expressions in the medium of dance. The Times of India
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪৩০০৪৩ (৩০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।