অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যামিনী কৃষ্ণমূৰ্তি

যামিনী কৃষ্ণমূৰ্তি (২০ ডিচেম্বৰ ১৯৪০ - ৩ আগষ্ট ২০২৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিখ্যাত। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

যামিনী কৃষ্ণমূৰ্তি (২০ ডিচেম্বৰ ১৯৪০ - ৩ আগষ্ট ২০২৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিখ্যাত।১ ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২ ভাৰত চৰকাৰে তেওঁক ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।৩

প্ৰাৰম্ভিক জীৱন

১৯৪০ চনৰ ২০ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ মাদানাপল্লীত যামিনী কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল। বৰ্তমান এই ঠাই অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰ জিলাৰ অন্তৰ্গত। তেওঁ অৰ্ধ চন্দ্ৰৰ নিশা জন্ম গ্ৰহণ কৰাৰ বাবে তেওঁৰ ককাকে তেওঁৰ নাম যামিনী পূৰ্ণতিলাকা ৰাখিছিল। ইয়াৰ অৰ্থ হৈছে ৰাতিৰ ভ্ৰূৰ ওপৰত এটা পূৰ্ণ চিহ্ন। তেওঁ তামিলনাডুৰ চিদাম্বৰমত ডাঙৰ হৈছিল যদিও মাতৃভাষা তেলেগু আছিল।

কৰ্মজীৱন

১৯৫৭ চনত মাদ্ৰাজত পোন প্ৰথমবাৰৰ বাবে যামিনী কৃষ্ণমূৰ্তিয়ে ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভগৱান ভেংকটশ্বৰৰ মন্দিৰ তিৰুমালা তিৰুপতি দেৱস্থানমৰ আস্থানা নৰ্তকী অৰ্থাৎ স্থায়ী নৰ্তকীৰ সন্মান লাভ কৰিছিল। কিছুমান সমালোচকৰ মতে তেওঁৰ নৃত্যয়ে লয়বদ্ধ ব্যক্তিত্বক প্ৰতিফলিত কৰে। তেওঁক কুচিপুড়ি নৃত্যৰ শিখাবাহক হিচাপেও অভিহিত কৰা হয়। তেওঁ কুচিপুড়ি আৰু ভাৰতনাট্যম দুয়ো শাস্ত্ৰীয় নৃত্যৰ পটীয়সী। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ হৌজ খাছত তেওঁৰ যামিনী স্কুল অফ ডান্স নামেৰে নৃত্যৰ প্ৰতিষ্ঠান আছে। ইয়াত তেওঁ নতুন চামক শাস্ত্ৰীয় নৃত্যৰ শিক্ষা দান কৰে। ইয়াৰ লগতে তেওঁ দেশ-বিদেশৰ বিভিন্ন স্থানত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ নৃত্য সাধনাত ব্যস্ত থাকি কেতিয়াও বিবাহ নকৰিলে। শিৱ গণেশ তেওঁৰ ব্যৱস্থাপক আৰু জে. এগ্ৰী গ্ৰীয়েট তেওঁৰ ব্যক্তিগত সচিব।

তেওঁৰ আত্মজীৱনী এ পেছন ফৰ ডান্স অৰ্থাৎ নৃত্যৰ প্ৰতি স্পৃহা প্ৰকাশিত হৈছে আৰু পাঠকৰ সমাদৰো লাভ কৰিছে।

বঁটা আৰু সন্মান

তেওঁ কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে কলা শিতানত তেওঁক ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী, ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। ৪৫ ২০১৪ চনৰ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত সম্ভৱী স্কুল অফ ডান্সৰ নায়িকা এক্সচেলেন্স পাৰচনীফাইডত নাট্য শাস্ত্ৰ পুৰস্কাৰৰে যামিনী কৃষ্ণমূৰ্তিক সন্মানিত কৰা হৈছিল।৬ তেওঁ ইয়াত "কুচিপুড়িলৈ মহিলাৰ অৱদান" শীৰ্ষক ব্যক্তব্য আগবঢ়ায়।৭৮

মৃত্যু

২০২৪ চনৰ ৩ আগষ্ট তাৰিখে নতুন দিল্লীত ৮৩ বছৰ বয়সত যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যু হয়।৯

তথ্যসূত্ৰ

  1. ↑ Kuchipudi ambassadors. The Hindu
  2. ↑ PTI. Pratibha presents Sangeet Natak Akademi fellowships, awards. The Hindu
  3. ↑ The Tribune — Windows — This Above All. tribuneindia.com
  4. ↑ Padma Shri Awardees
  5. ↑ Padma Bhushan Awardees
  6. ↑ Lecture Demonstration at Nayika, Bangalore. www.thehindu.com
  7. ↑ Yamini Krishnamurthy in "Naykia-Excellence Personified". www.narthaki.com
  8. ↑ Yamini Krishnamurthy Confer with Natyashastra Award. www.buzzintown.com
  9. ↑ (3 August 2024). Bharatanatyam icon and Padma awards winner Yamini Krishnamurthy dies at 84. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যামিনী কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬৪০১৮৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।