অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৈশালী মহান্তি

বৈশালী মহান্তি (Baisali Mohanty, জন্ম-৫ আগষ্ট ১৯৯৪) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅ'গ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয়া অৱদানকাৰী৷…

হালনাগাদ: ১৩ জানুৱাৰী ২০২৬ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

বৈশালী মহান্তি (Baisali Mohanty, জন্ম-৫ আগষ্ট ১৯৯৪) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅ'গ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয়া অৱদানকাৰী৷ বিশ্বখ্যাত আলোচনী যেনে-ফৰ্বছ, দ্য হাফিংটন প'ষ্ট, দ্য ডিপ্ল'মেট আৰু লণ্ডনস্থিত অপেন ডেম'ক্ৰেচীৰ লগত তেখেত জড়িত হৈছে৷ ১২৩৪৫ বৈশালী মহান্তি অক্সফৰ্ড ওড়িছী কেন্দ্ৰৰ প্ৰতিষ্ঠাতা৷ এইটো কেন্দ্ৰৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত ওড়িছী নৃত্যৰ প্ৰসাৰ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷৬৭

২০১৫-১৬ চনৰ বাবে তেখেত এ.এল.চি.ৰ গোলকীয় সভ্য হিচাপে নিৰ্বাচিত হৈছিল; যি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত৷ ৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৪ চনৰ ৫ আগষ্টত ওড়িশাৰ পুৰীত বৈশালী মহান্তিৰ জন্ম হৈছিল৷ তেখেতৰ মাতৃ হৈছে প্ৰখ্যাত নাৰীবাদী লেখিকা আৰু কবি মানসী প্ৰধান৷ পিতৃ হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা বৈদ্যুতিক অভিযন্তা ৰাধা বিনোদ মহান্তি৷৯

বৈশালী মহান্তিয়ে ব্লেছড ছেক্ৰামেণ্ট উচ্চ মাধ্যমিক পুৰী আৰু ভুৱনেশ্বৰস্থিত কেআইআইটি ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰে৷১০ দিল্লীত থকা লেডি শ্ৰীৰাম কলেজ ফ'ৰ ৱমেনত অধ্যয়ন কৰি তেখেতে পৰৱৰ্তী পৰ্যায়ত ৰাজনীতি আৰু আন্তৰ্জাতিক সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷১১

অক্সফৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি তেখেতে নিউক্লিয়াৰ কূটনীতিত নিজৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷৫

নৃত্যকৰ্ম

২০১০ চনৰ ২৪ নৱেম্বৰত ষোল্লতম আন্তৰ্জাতিক বিচ্চ মহোৎসৱত বৈশালী মহান্তি আৰু তেখেতৰ দলটোৱে নৃত্য প্ৰদৰ্শন কৰিছে৷
২০১০ চনৰ ২৪ নৱেম্বৰত ষোল্লতম আন্তৰ্জাতিক বিচ্চ মহোৎসৱত বৈশালী মহান্তি আৰু তেখেতৰ দলটোৱে নৃত্য প্ৰদৰ্শন কৰিছে৷ছবি: Oocoxford · CC BY-SA 4.0

বৈশালী মহান্তিয়ে ওড়িছী নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে প্ৰখ্যাত ওড়িছী নৃত্যগুৰু পদ্মশ্ৰীপ্ৰাপক গংগাধৰ প্ৰধানৰ পৰা৷ অইন এগৰাকী প্ৰখ্যাত ওড়িছী শিক্ষক আৰু পদ্মশ্ৰী প্ৰাপক ইলিয়ানা চিটাৰিষ্টীৰ পৰা তেখেতে নৃত্য-পৰিচালনা বা কৰিঅ'গ্ৰাফীৰ উচ্চতৰ শিক্ষা গ্ৰহণ কৰে৷ ওড়িছী নৃত্যত তেখেতৰ ডিষ্টিংছনসহ বিশাৰদ ডিগ্ৰী আছে৷১২

"বৈশালী মহান্তি এণ্ড ট্ৰুপ" নামৰ নিজা নৃত্যগোষ্ঠীৰ জৰিয়তে তেখেতে একক আৰু দলীয় নৃত্য পৰিৱেশন কৰে৷ এই দলটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় পোন্ধৰ বছৰৰো অধিক কাল নৃত্য পৰিৱেশন কৰি আহিছে৷ ১৩১৪

অক্সফৰ্ড ওড়িছী কেন্দ্ৰ

২০১৫ চনত বৈশালী মহান্তিয়ে অক্সফৰ্ড বিশ্ববিদ্যালয়ত "অক্সফৰ্ড ওড়িছী কেন্দ্ৰ" স্থাপন কৰে৷ এই কেন্দ্ৰটোৰ জৰিয়তে তেখেতে বিশ্ববিদ্যালয়খনত ভাৰতীয় ধ্ৰুপদী নৃত্যৰ প্ৰসাৰৰ ব্যৱস্থাৱলী হাতত লয়৷১৫১৬১৭ অক্সফৰ্ড বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ ওড়িছী নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ উপৰি বৈশালী মহান্তিয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইক'নমিকছ্, কিংগছ কলেজ লণ্ডন, মানচেষ্টাৰ বিশ্ববিদ্যালয়, এডিনবাৰ্গ বিশ্ববিদ্যালয়তো ওড়িছী নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰিছে৷১৮১৯

"অক্সফৰ্ড ওড়িছী মহোৎসৱ"ৰো বৈশালী মহান্তি প্ৰতিষ্ঠাপক৷ অক্সফৰ্ড ওড়িছী কেন্দ্ৰৰ নেতৃত্বত আয়োজিত হোৱা এই মহোৎসৱটো বিশ্ববিদ্যালয়খনত এনেধৰণে বাৰ্ষিকভাৱে উদযাপিত হোৱা প্ৰথমটো ভাৰতীয় ধ্ৰুপদী নৃত্য৷ ২০২১২২২৩২৪

বঁটা

২০১৫ চনৰ ৯ এপ্ৰিলত নতুন দিল্লীস্থ ইণ্ডিয়া হেবিটেত কেন্দ্ৰত অনুষ্ঠিত হোৱা নিৰ্ভয়া সমাৰোহত বৈশালী মহান্তিয়ে আবৃত্তি প্ৰদান কৰিছে৷
২০১৫ চনৰ ৯ এপ্ৰিলত নতুন দিল্লীস্থ ইণ্ডিয়া হেবিটেত কেন্দ্ৰত অনুষ্ঠিত হোৱা নিৰ্ভয়া সমাৰোহত বৈশালী মহান্তিয়ে আবৃত্তি প্ৰদান কৰিছে৷ছবি: Oocoxford · CC BY-SA 4.0

২০১৩ চনত নতুন দিল্লীত আন্তৰ্জাতিক নাৰী দিৱসৰ ক্ষণটিত "নাৰীৰ ৰাষ্ট্ৰীয় আয়োগ"ৰ দ্বাৰা বৈশালী মহান্তি সম্বৰ্ধিত হয়৷ অসাধাৰণ বিশিষ্টতাৰ বাবে বৈশালী মহান্তিক উক্ত সন্মান প্ৰদান কৰা হয়৷২৫ একেটা বৰ্ষতে বৈশালী মহান্তিয়ে ২০১২ চনৰ দিল্লীৰ ধৰ্ষণ কাণ্ডত বলি হোৱা যুৱতীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচি এটি নৃত্য সংৰচনা কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাৰ সকলো শিতানতে উক্ত সংৰচনাটিয়ে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়৷২৬

২০১৭ চনত, বৈশালী মহান্তিয়ে সন্মানীয় আৰ্য্যা বঁটা লাভ কৰে৷ ভাৰতীয় লোকনৃত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতলৈ উক্ত সন্মান আগবঢ়োৱা হয়৷ ২০১৪ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থীয়ে তেখেতক এই সন্মানটি প্ৰদান কৰে৷২৭২৮

তথ্যসূত্ৰ

  1. ↑ Orissa POST E-Paper
  2. ↑ Flows, Capital. Has Modi's Mantra Of 'Reform, Perform And Transform' Failed Desperately?. Forbes
  3. ↑ Can the Nuclear Deal With Japan Get India Into the Nuclear Suppliers Group?. thediplomat.com
  4. ↑ Archived copy
  5. ↑ Puri girl Baisali makes it to Oxford Varsity
  6. ↑ Odissi beats to resonate at Oxford University. The Telegraph
  7. ↑ আৰ্কাইভ কপি
  8. ↑ Oxford India Society - About
  9. ↑ Odisha: Odia girl Baisali Mohanty in class of Aung San Suu Kyi, Oriya Success Orbit, Odisha Latest Headlines
  10. ↑ The Pioneer
  11. ↑ Odisha: Odia girl Baisali Mohanty in class of Aung San Suu Kyi, Oriya Success Orbit, Odisha Latest Headlines
  12. ↑ Odisha girl Baisali selected for Master's Degree at Oxford University, Oriya Success Orbit, Odisha Latest Headlines
  13. ↑ A Beautiful Fusion of Classical Dances. Telangana Today
  14. ↑ Archived copy
  15. ↑ আৰ্কাইভ কপি
  16. ↑ Archived copy
  17. ↑ Archived copy
  18. ↑ আৰ্কাইভ কপি
  19. ↑ Archived copy
  20. ↑ Archived copy
  21. ↑ (27 May 2016). Odishi fest at Oxford Varsity from today. www.dailypioneer.com
  22. ↑ Archived copy
  23. ↑ citynewsline.co.uk. www.citynewsline.co.uk
  24. ↑ (1 June 2016). Odishi at Oxford enthrals foreigners. www.dailypioneer.com
  25. ↑ Odissi Centre to open at Oxford University from 2016
  26. ↑ Baisali Mohanty wins DU dance competition
  27. ↑ 12 women achievers get Arya Award. The Pioneer
  28. ↑ 12 women achievers awarded by Kailash Satyarthi. Pragativadi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীওড়িয়া ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈশালী মহান্তি” প্ৰবন্ধৰ সংশোধন ৫৬৯৪১৫ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।