অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বসুন্ধৰা দোৰাস্বামী

বসুন্ধৰা দোৰাস্বামী (ইংৰাজী: Vasundhara Doraswamy) হৈছে ভৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য গুৰু। তেওঁ মহীশূৰৰ “বসুন্ধৰা পাৰফৰ্মিং আৰ্টছ চেণ্টাৰ”ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।

হালনাগাদ: ২৩ জুলাই ২০২৬ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বসুন্ধৰা দোৰাস্বামী (ইংৰাজী: Vasundhara Doraswamy) হৈছে ভৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য গুৰু। তেওঁ মহীশূৰৰ “বসুন্ধৰা পাৰফৰ্মিং আৰ্টছ চেণ্টাৰ”ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। ইয়াৰ উপৰিও তেওঁ অষ্টাংগ বিন্যাস যোগৰ শাখাত প্ৰয়াত শ্ৰী পট্টাভি জয়ছৰ অন্যতম শিষ্য১ আৰু বসুন্ধৰা শৈলীত নিজাকৈ উপডমেইন গঢ়ি তুলিছে।২

প্ৰাৰম্ভিক জীৱন

দক্ষিণ কৰ্ণাটকৰ মুডবিদ্ৰীত বসুন্ধৰা দোৰাস্বামীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পণ্ডিত নাগৰাজ আৰু মাতৃৰ নাম আছিল বৰডা দেৱী। মুৰুলীধৰ ৰাওৰ তত্বাৱধানত বসুন্ধৰাই ৪ বছৰ বয়সৰ পৰাই ভাৰতনাট্যম শিকিছিল৩ আৰু ৫ বছৰ বয়সত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। এই সাফল্যই তেওঁৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল আৰু তেওঁৰ পিতৃ-মাতৃয়ে পাণ্ডনালুৰ মীনাক্ষী সুন্দৰম পিল্লাইৰ ছাত্ৰ প্ৰয়াত শ্ৰীৰাজৰত্নম পিল্লাইৰ তত্বাৱধান নৃত্য শিক্ষা অব্যাহত ৰাখিছিল। বসুন্ধৰাই নিজৰ নিষ্ঠাবান প্ৰশিক্ষণৰ জৰিয়তে কৰ্ণাটক মাধ্যমিক শিক্ষা ব'ৰ্ডৰ দ্বাৰা পৰিচালিত বিদ্যাৰ্থ পৰীক্ষাত ১ম স্থান দখল কৰে আৰু একেৰাহে তিনিটা স্বৰ্ণ পদক লাভ কৰে।৪ তেওঁৰ বিবাহ হৈছিল প্ৰয়াত শ্ৰী এইচ. ডোৰাস্বামীৰ সৈতে১ আৰু তেওঁলোকৰ এজন পুত্ৰ আছে যিয়ে অষ্ট্ৰেলিয়াত থাকে আৰু তেওঁৰ বোৱাৰী মেঘলা ভাট হীৰাছেৱে “আৰ্ট অৱ বিন্যাছা স্কুল অৱ ডান্স” পৰিচালনা কৰি তেওঁৰ পৰম্পৰা অব্যাহত ৰাখিছে। মেঘলা মেলবৰ্ণৰ FIMDV (Federation of Indian Music & Dance Victoria)ৰো সম্পাদিকা।

কেৰিয়াৰ

১৯৮৮ চনত বসুন্ধৰাই যোগ আৰু ভাৰতনাট্যমৰ মাজৰ সম্পৰ্কৰ ওপৰত তেওঁৰ অধ্যয়নৰ৫ বাবে পি.এইচ.ডি. লাভ কৰে।৬ তেওঁ লোককথাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু ‘টাং-টা’ আৰু ‘কালৰিপ্পায়াট্টু’৭ যুদ্ধ কলাৰ এক নিখুঁত প্ৰতিষ্ঠাপক যিয়ে তেওঁৰ নৃত্যৰ বহুবিষয়ক দৃষ্টিভংগীৰ সন্ধানৰ নিশ্চয়তা প্ৰদান কৰে।৬ বসুন্ধৰাই যোগ আৰু নৃত্যৰ সম্পৰ্কৰ ওপৰত "নাট্য যোগ দৰ্শন" নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে।৮

কৰ্ণাটক ৰাজ্যৰ লোকসংগীতৰ যক্ষগন সংগীতৰ সৈতে ভাৰতনাট্যমৰ একক অভিযোজন কৰি সৃষ্টি কৰা ‘পাঞ্চালী’ তেওঁৰ অন্যতম নৃত্য পৰিচালনা।৬ গংগা লাহৰী, আম্বে, দক্ষায়নী,পাঞ্চালী,৯ শকুন্তকুঞ্জনা আদি হৈছে তেওঁৰ শক্তিশালী নাৰীমুখী বিষয়বস্তুৰে কৰা একক প্ৰযোজনা।১০

বসুন্ধৰাক কৰ্ণাটক ৰাজ্য চৰকাৰৰ নৃত্যৰ বাবে সৰ্বোচ্চ ৰাজ্যিক বঁটা "শান্তলা নাট্য শ্ৰী বঁটা"১১ আৰু ৰাজ্যোৎসৱ বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আজিলৈকে কৰ্ণাটক সংগীত নৃত্য একাডেমীৰ পৰা সন্মানীয় "কৰ্ণাটক কলা তিলক"১ বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া আৰু লগতে উডুপিৰ শ্ৰী কৃষ্ণ মটৰ পৰা “আস্থানা নৃত্য ৰত্ন” বঁটা প্ৰাপক একমাত্ৰ নৃত্যশিল্পী। দূৰদৰ্শন ইণ্ডিয়াৰ “চন্দনা বঁটা”, পদ্ম ভূষণ সৰোজা বৈদ্যনাথনৰ “শ্ৰেষ্ঠ কলা প্ৰচাৰক”,১২ পদ্ম বিভূষণ শ্ৰী বালামুৰালি কৃষ্ণৰ “কলা বিপাঞ্চি”, “নাট্য জ্যোতি” আৰু “আৰ্টিষ্ট অৱ দ্য মিলেনিয়াম বঁটা” আদি লাভ কৰিছে।১৩

তেওঁ হৈছে দূৰদৰ্শনৰ এগৰাকী এ গ্ৰেডপ্ৰাপ্ত শিল্পী।১

তেওঁ হৈছে ইউনেস্কোৰ তত্বাৱধানত পেৰিছত অনুষ্ঠিত হোৱা ‘বিশ্ব শান্তি’ সন্মিলনত ১৩৭খন দেশক প্ৰতিনিধিত্ব কৰা ২৫০০ জনীয়া দৰ্শকৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ভাৰতৰ পৰা আমন্ত্ৰিত হোৱা একমাত্ৰ ভাৰতনাট্যম নৃত্যশিল্পী।১৪

বসুন্ধৰাক ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় সংগীত নাটক একাডেমীৰ বঁটাৰে সন্মানিত কৰা হয়।

বসুন্ধৰাই নিয়মিতভাৱে বিশ্বব্যাপী ভাৰতনাট্যম আৰু যোগৰ কৰ্মশালা পৰিবেশন আৰু পৰিচালনা কৰে।১৫ তেওঁ ব্ৰিটেইনৰ ভাৰতীয় বিদ্যা ভৱনৰ বাবে গ্ৰীষ্মকালীন শিবিৰ পৰিচালনা কৰে। আইচিচিআৰ [ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ]ক প্ৰতিনিধিত্ব কৰি তেওঁ চেক গণৰাজ্য, পোলেণ্ড, ফ্ৰান্স,১৬ জাৰ্মানী, যুক্তৰাজ্য আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে।১৭ শেহতীয়াকৈ তেওঁ আমেৰিকা, ছিংগাপুৰ, পেৰিছ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে।১৮১৯ বসুন্ধৰা হৈছে আমেৰিকাৰ আলাবামা বিশ্ববিদ্যালয়ৰ২০ অতিথি অধ্যাপক।১৫ যোৱা ১৫ বছৰতকৈও অধিক কাল তেওঁ প্ৰতি গ্ৰীষ্মকালত লুইছভিললৈ যায় আৰু ২০১২ চনত লুইছভিলৰ কলাক্ষেত্ৰলৈ তেওঁৰ অৱদানক স্বীকৃতি দি আমেৰিকাৰ লুইছভিলৰ মেয়ৰে "লুইছভিলৰ সন্মানীয় নাগৰিক" আৰু "জীৱনজোৰা কৃতিত্ব বঁটা" প্ৰদান কৰিছে।২১

তথ্যসূত্ৰ

  1. ↑ Nathan, Archana. The sacred framework. The Hindu
  2. ↑ Paul, George. (29 October 2019). Vasundhara - Odyssey of a Dancer. Notion Press. পৃ. 212. ISBN 9781646505050
  3. ↑ Paul, George. Book Review - Odyssey of a Dancer. Nartaki
  4. ↑ Cavale, Sangeetha. Yoga and the energy of dance. Times. Times of India
  5. ↑ Sobers, Venkatnag. World is a stage for Vasundhara. Feature Article. Star of Mysore
  6. ↑ Tapping yoga for creativity. The Hindu. The Hindu Newspaper
  7. ↑ Kumar, Sujit Chandra. When the body becomes all eyes. Deccan Chronicle. DC
  8. ↑ Desk, IAR. Vasundhara Doraswamy’s Yoga Guide for Dancers. India Art Review
  9. ↑ Probal, Gupta. Aesthetic innovation within the traditional boundary. Nartaki
  10. ↑ Kshatra Draupadi - leaves audiences in awe. City Today
  11. ↑ Kannada Being Suppressed: URA
  12. ↑ (15 April 2013). 'Shreshta Kala Pracharak' award to Vasundhara. Bangalore First
  13. ↑ Ganga, Madappa. attendance Annual Dance Awards. Alliance Française de Bangalore
  14. ↑ Paul, George. VASUNDHARA MAKES HISTORY BY PERFORMING AT THE UNESCO. narthaki
  15. ↑ Dr, Krishnan. Classical Bharatanatyam Dance Performance in Birmingham by Vasundhara Doraswamy. Parasi Herald
  16. ↑ Vasundhara, Filliozat. (29 June 2015). Journée du Sanskrit. Célébration du Bicentenaire (1815-2015). পৃ. 31
  17. ↑ (1 September 1998). ICCR Programmes. Indian Council for Cultural Relations
  18. ↑ Paritosh, Parasher. Garba comes to Australia. Rediff
  19. ↑ Jabbal, Preeti. Bharatanatyam meets ballet. Indian Link. Indian Link Melbourne
  20. ↑ Mindfulness Practices for the Academic with Guru Dr. Vasundahra Doraswamy. University Of Alabama
  21. ↑ (3 July 2012). Dr. Vasundhara awarded Hon. Citizenship of Louisville, USA. Bangalore First

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসুন্ধৰা দোৰাস্বামী” প্ৰবন্ধৰ সংশোধন ৬১৮৮৯৬ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।