অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোশন কুমাৰী

ৰোশন কুমাৰী ফকিৰ মহম্মদ (Roshan Kumari Fakir Mohammad) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, অভিনেত্ৰী আৰু নৃত্য পৰিচালক। তেওঁক বহুতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকৰ অন্যতম শীৰ্ষস্থানীয় প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰোশন কুমাৰী ফকিৰ মহম্মদ (Roshan Kumari Fakir Mohammad) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, অভিনেত্ৰী আৰু নৃত্য পৰিচালক। তেওঁক বহুতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকৰ অন্যতম শীৰ্ষস্থানীয় প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।১ জয়পুৰ ঘৰানাক অনুসৰণ কৰা ৰোশন কুমাৰী কথকৰ প্ৰসাৰৰ বাবে স্থাপন কৰা মুম্বাইৰ নৃত্য কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক।২ ১৯৭৫ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা৩ আৰু ১৯৮৪ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।৪

জীৱনী

ৰোশন কুমাৰীৰ উত্তৰ ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ আম্বালাত (পূৰ্বৰ পাঞ্জাব) এজন বিখ্যাত তবলাবাদক চৌধুৰী ফকিৰ মহম্মদ আৰু প্ৰখ্যাত শাস্ত্ৰীয় আৰু নেপথ্য কণ্ঠশিল্পী জোহৰাবাই অম্বালেৱালীৰ ঘৰত বৰদিনৰ আগদিনাখন (জন্মবৰ্ষ অনিশ্চিত) জন্ম হৈছিল।৫ কে.এছ. মোৰেৰ পৰা কথকৰ প্ৰাৰম্ভিক জ্ঞানখিনি আয়ত্ব কৰাৰ পিছত তেওঁ জয়পুৰ ঘৰানাৰ মুম্বাইৰ মহাৰাজ বিন্দাদ্দিন স্কুল অফ কথকত সুন্দৰ প্ৰসাদজীৰ অধীনত প্ৰশিক্ষণ অব্যাহত ৰাখে।৬ পিছলৈ তেওঁ গুলাম হুছেইন খান আৰু হনুমান প্ৰসাদৰ পৰাও প্ৰশিক্ষণ গ্ৰহণ কৰে। ভাৰত নাট্যম শিকে গোৱিন্দৰাজ পিল্লাই আৰু মহালিংগম পিল্লাইৰ পৰা।

ৰোশন কুমাৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ অনুষ্ঠানকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰিছে। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, নিকিতা খ্ৰুছেভ, মিল্টন ওবোটে, হুছেইন অফ জৰ্ডান আৰু নেপালৰ ৰজাৰ দৰে ব্যক্তিত্বৰ সন্মুখতো তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছে। ১৯৭১ চনত তেওঁ মুম্বাইৰ বান্দ্ৰাত নৃত্য কলাকেন্দ্ৰ প্ৰতিষ্ঠা কৰে, য'ত তেওঁ বহুতো শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল।৭ মুক্তা যোশী, অদিতি ভাগৱত,৮ নন্দিতা পুৰী, নিগাৰ বানো, শ্বেলিনা বিৰানী, সেহজপ্ৰীত সিং, হিমানী, সংগীতা,৯ অনন্যা গুহা১০ আৰু শৈলা অৰোৰা১১ আদি তেওঁৰ কেইগৰাকীমান উল্লেখযোগ্য শিক্ষাৰ্থী। অবিবাহিত হৈ থকা ৰোশন কুমাৰীৰ ঘৰ মুম্বাইত।

চলচ্চিত্ৰীয় জীৱন

১৯৫৩ চনত বিমল ৰায়ে তেওঁক পৰিনীতা ছবিৰ বাবে এটা কথকত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনায়। পিছৰ বছৰত তেওঁ নীতিন বসুৰ ৱাৰিছ আৰু ছোহৰাব মোডীৰ হিন্দী, উৰ্দু দ্বিভাষিক ছবি মিৰ্জা গালিবত অভিনয় কৰে। তেওঁৰ পৰৱৰ্তী অভিনয় আছিল ১৯৫৬ চনত ৰাজা নৱাথেৰ ছবি বসন্ত বাহাৰত। ভাৰতৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ে তেওঁ পৰিচালনা কৰা ১৯৫৮ চনৰ ছবি জলসাঘৰৰ এটা নৃত্যৰ দৃশ্যত ৰোশন কুমাৰীক অভিনয় কৰোঁৱাইছিল। ১৯৭০ চনত ভাৰত চৰকাৰৰ ফিল্ম ডিভিজনে কথকৰ ইতিহাস আৰু অনুশীলনৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে, য'ত ৰোশন কুমাৰীৰ উপৰিও দময়ন্তী যোশী, উমা শৰ্মা, সুদৰ্শন ধীৰ আৰু শম্ভু মহাৰাজৰ দৰে উল্লেখযোগ্য কথকৰ প্ৰতিষ্ঠাপকসকলেও পৰিবেশন কৰিছিল।১২ পিছলৈ গোপী, লেকিন (১৯৯০),চৈতালী (১৯৭৫) আৰু চৰ্দাৰী বেগম (১৯৯৬) আদি হিন্দী ছবিত নৃত্য পৰিচালক হিচাপে কাম কৰে।

তথ্যসূত্ৰ

  1. ↑ Sangit Mahabharati. (2011). Roshan Kumari - The Oxford Encyclopaedia of the Music of India. Oxford University Press. পৃ. 1161. ISBN 9780195650983
  2. ↑ (2015). Kathak Institutions. Narthaki
  3. ↑ (2015). Sangeet Natak Akademi Puraskar (Akademi Awards). Sangeet Natak Akademi
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ Elizabeth Sleeman. (2001). The International Who's Who of Women 2002. Psychology Press. পৃ. 699. ISBN 9781857431223
  6. ↑ Sunil Kothari. (1989). Kathak, Indian Classical Dance Art. Abhinav Publications. ISBN 9788170172239
  7. ↑ (2015). My Guru-Padmashree Dr. Roshan Kumariji. Muktha Joshi
  8. ↑ (2015). Aditi Bhagwat. Aditi Bhagwat
  9. ↑ (2015). Nandita Puri Profile. Maharashtra Foundation
  10. ↑ (2015). Anonna Guha. Anonna Guha
  11. ↑ (2015). One with Kathak. Harmony
  12. ↑ (2015). Kathak (Motion picture). WorldCat

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোশন কুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৩৭ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।