ক সাক্ষাৎৰ মুহূৰ্ত]]
মালবিকা চাৰুক্কাই (Malavika Sarukkai) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক। তেখেতৰ নৃত্যৰ মূল বিচৰণ ক্ষেত্ৰ হৈছে ভাৰতনাট্যম।১২৩ তেখেতে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।৪২০০৩ চনত তেখেতক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানীত কৰে।৫
জীৱনী
১৯৫৯ চনত মালবিকা চাৰুক্কাইৰ জন্ম হয়। তেখেতেৰ জন্মস্থান আছিল ভাৰতৰ দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডু।৬ ভাৰত নাট্যমৰ শিক্ষা তেখেতে আৰম্ভ কৰে মাত্ৰ সাত বছৰ বয়সতেই। তেখেতে তাঞ্জভুৰ বিদ্যালয়ৰ কল্যাণসুন্দৰম পিল্লাইৰ অধীনত শিক্ষা গ্ৰহণ কৰে। তেখেতৰ আনজন গুৰু আছিল ভাজুভুৰ বিদ্যালয়ৰ ৰাজাৰত্নাম।৭৮৯ মালবিকা চাৰুক্কাইয়ে 'অভিনয়া'ৰ শিক্ষাও গ্ৰহণ কৰে। কালানিধী নাৰায়ণনৰ অধীনত তেখেতে উক্ত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে ওড়িছী শিক্ষা গ্ৰহণ কৰে প্ৰখ্যাত গুৰু কেলুচৰণ মহাপাত্ৰ আৰু ৰমনী ৰঞ্জন জেনাৰ অধীনত।৭৮৯১২ বছৰ বয়সত মহাৰাষ্ট্ৰৰ মুম্বাইত মালবিকাই নৃত্য-অভিষক ঘটায়।৭১০ তেখেতে ভাৰতৰ বহুঠাইতে নৃত্য পৰিৱেশন কৰে।১১১২ দেশৰ বাহিৰলৈকো তেখেত নৃত্য পৰিৱেশন কৰিবলৈ একাধিকবাৰ ৰাওনা হৈছে।১৩১৪ বিদেশৰ 'লিংকন চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ', নিউ ইয়ৰ্ক তাৰে ভিতৰত অন্যতম।১৫জন এফ. কেনেডী ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ১৬ আৰু চিকাগোতো তেখেতে নৃত্যানুষ্ঠান সম্পন্ন হৈছে।১৭ তেখেতৰ কৰ্ম আৰু জীৱনক সাঙুৰি এখন বিশেষ তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। নাম হৈছে 'সমৰ্পণম'। এইখনৰ নিৰ্মাণত উদ্যোগ লৈছিল ভাৰত চৰকাৰে।৭৮১৩ বিবিচি/ডব্লিউনেটৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা 'Dancing' নামৰ এখনি দূৰদৰ্শনৰ তথ্যচিত্ৰতো তেখেতৰ কৰ্মৰাজিক উপস্থাপন কৰা হৈছে। উল্লেখনীয় যে, এইখন তথ্যচিত্ৰৰ দৈৰ্ঘ্য নঘণ্টা।৭৮১০ মুম্বাইত থকা 'নেশ্যনেল চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ'ত প্ৰদৰ্শিত হোৱা এখন বিশেষ তথ্যচিত্ৰ 'The Unseen Sequence – Exploring Bharatanatyam Through the Art of Malavika Sarukkai'তো মালবিকাৰ কৰ্মৰাজি আৰু বিশিষ্টতাক দেখুওৱা হৈছে।১০
বঁটা আৰু স্বীকৃতি
২০০২ চনত ভাৰত চৰকাৰে মালবিকা চাৰুক্কাইক সংগীত নাটক একাডেমী বঁটাৰে সন্মানীত কৰে।৪৭ তামিলনাডুৰ চৰকাৰৰ পৰা মালবিকাই 'কালাইমামণি' উপাধি লাভ কৰে। ইয়াৰ লগতে 'মৃণালিনী চাৰাভাই বঁটা'ৰ দৰে অইন একাধিক গুৰুত্বপূৰ্ণ সন্মানেৰেও তেখেতক স্বীকৃতি প্ৰদান কৰা হৈছে।১৩ নৃত্যচূড়ামণি উপাধি, সংস্কৃতি বঁটা আৰু হৰিদাস সন্মিলনী বঁটা হৈছে এইসমূহৰ ভিতৰত অন্যতম।২৭ ২০০৩ চনত ভাৰত চৰকাৰে তেখেতক পুনৰবাৰ সন্মানীত কৰে। দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেখেতলৈ সন্মান যঁচা হয়।২৫৭
তথ্যসূত্ৰ
- ↑ (2015). INK Talks. INK Talks
- ↑ (2015). Kennedy Center. Kennedy Center
- ↑ (February 2006). Walk The Talk with Malavika Sarukkai. NDTV
- ↑ (2015). Sangeet Natak AKademi Award. Sangeet Natak AKademi
- ↑ (2015). Padma Awards. Padma Awards
- ↑ Vijaya Ramaswamy. (2007). Historical dictionary of the Tamils. Lanham, Md.: Scarecrow Press. ISBN 9780810853799
- ↑ (2015). Indian Arts. Indian Arts
- ↑ (2015). Bengal Foundation. Bengal Foundation
- ↑ Malavika Sarukkai. (2015). Interview
- ↑ (2015). Blouin Art Info. Blouin Art Info
- ↑ (13 November 2013). Malavika Sarukkai: A tribute to Thimmakka. INKTalks
- ↑ (21 February 2014). Padmashri Malavika Sarukkai Performs Bharatanatyam - Yaksha 2014. Isha Foundation
- ↑ (2015). Canary Promo. Canary Promo
- ↑ (27 June 2012). TOI India performance. TOI
- ↑ (21 December 2013). Huffington Post. Huffington Post
- ↑ Seibert, Brian. (18 November 2012). Stories Told With a Leap, Even a Shake. New York Times
- ↑ (2015). Pulse Connects. Pulse Connects
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা চাৰুক্কাই” প্ৰবন্ধৰ সংশোধন ৪৪২৪২৭ (২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।