অমৃতা সুৰেশ (জন্ম: ২ আগষ্ট, ১৯৯০) হ'ল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জ'কি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে। ৰেডিঅ' সুনৌ নাইনটি ওৱান পইণ্ট চেভেনৰ সংগীত অনুষ্ঠান সুনৌ মেলডিজৰ তেওঁ এগৰাকী বিখ্যাত হস্তী। ২০১৪ চনত তেওঁ অমৃতম গময় নামেৰে এটি মিউজিক বেণ্ড আৰম্ভ কৰে, য'ত অমৃতা আৰু তেওঁৰ ভগ্নী অভিৰামি সুৰেশ লীড ভকেলিষ্ট আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ২ আগষ্ট তাৰিখে সংগীতকাৰ পি আৰ সুৰেশ আৰু লেইলাৰ১ ঘৰত অমৃতাৰ জন্ম হয়। অমৃতাৰ দেউতাক সুৰেশ হিন্দু আৰু মাক লেইলা খ্ৰীষ্টিয়ান আছিল। তেওঁতকৈ পাঁচ বছৰে সৰু তেওঁৰ ভগ্নীৰ নাম হ'ল অভিৰামি সুৰেশ।২ তেওঁলোক কোচিৰ ইৰাপল্লীৰ।৩ পৈতৃক সূত্ৰে সংগীতকাৰৰ পৰিয়ালত জন্ম হোৱা বাবে অমৃতাৰ সৰুৰেপৰা সংগীতৰ প্ৰতি অনুৰাগ আছিল। ডিয়ন আৰু মাইকেল জেকছনৰ পাৰা অনুপ্ৰাণিত হৈ তিনি বছৰ বয়সৰেপৰা অমৃতাই গান গাবলৈ আৰম্ভ কৰে।৪ পঢ়া-শুনাতো তেওঁ ভাল আছিল আৰু বিদ্যালয়ত শীৰ্ষস্থান অধিকাৰ কৰিছিল। তথাপি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত তেওঁ দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব' আইডিয়া ষ্টাৰ চিংগাৰত অংশগ্ৰহণ কৰিবলৈ পঢ়া স্থগিত ৰাখে। শেষত অনানুষ্ঠানিক ভাবে তেওঁ পঢ়া শেষ কৰে।৫
কৰ্মজীৱন
সংগীত
সৰুতেই মঞ্চ অনুষ্ঠান পৰিৱেশন কৰি অমৃতাই তেওঁৰ সংগীতকাৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰিছিল। সাত বছৰ বয়সতে তেওঁ নাদিৰছাহৰ মঞ্চ অনুষ্ঠানত শিশু শিল্পী ৰূপে গীত পৰিৱেশন কৰিছিল।৬ টেলিভিচনৰ আইডিয়া ষ্টাৰ চিংগাৰ ৰিয়েলিটি শ্ব'ত ভাগ লৈ৭ অমৃতাই চিনেমাত গীত গোৱাৰ পথ প্ৰশস্ত কৰিছিল। তেতিয়াৰপৰাই তেওঁ মালয়ালম চলচ্চিত্ৰৰ বাবে গীত গাইছে। নেপথ্য কণ্ঠশিল্পী ৰূপে পুল্লিমান তেওঁৰ প্ৰথম চিনেমা। আগাথান(২০১০) চিনেমাত তেওঁ গোৱা মুন্থিৰপু গীতটিৰ গায়ন শৈলী উচ্চ প্ৰশংসিত হৈছিল।৮
অমৃতাৰ প্ৰথমটো একক গীত অনাথে ২০১৭ চনত মুক্তি পাইছিল। গীতটি মহিলা আৰু মাতৃত্বলৈ উচৰ্গিত আছিল।৯ থীমটোৰ বাবে গীতটিয়ে দৰ্শক-শ্ৰোতাৰ ধনাত্মক সঁহাৰি লাভ কৰে আৰু অমৃতালৈ কেইবাখনো তামিল ছবিওত অভিনয়ৰ প্ৰস্তাৱ আহে।১০ অভিনয় কৰিবলৈ অমৃতা অমান্তি হয়। এখন কানাডিয়ান প্ৰযোজনাৰ ইংৰাজী ছবিত অভিনয় কৰাৰ প্ৰস্তাৱো অমৃতাই লাভ কৰিছিল। একে বছৰতে অমৃতাই ৰেডিঅ' সুনৌ নাইটি ওৱান পইণ্ট চেভেনত ৰেডিঅ' জ'কি ৰূপে কাম কৰিবলৈ আৰম্ভ কৰে।২
২০১৯ চনত তেওঁ জুন চিনেমাত গোৱা মিন্নি মিন্নি গীতটোৰ বাবে শ্ৰেষ্ঠ গায়িকা শিতানত মাযহাভিল মিউজিক এৱাৰ্ড বঁটাৰ মনোনয়ন পায়।১১১২
অন্যান্য কৃতি
অমৃতাই মডেলিঙো কৰিছিল। ২০১৭ চনত জীৱন চৰ্চা আলোচনী এফ ডব্লিউ ডিৰ প্ৰচ্ছদত অমৃতাৰ ছবি প্ৰকাশ হৈছিল। কেৰালা সৌন্দৰ্য প্ৰতিযোগিতাৰ ৰেম্প্ত অমৃতাই ভাগ লৈছিল। ভণিতা আলোচনীৰ বেটুপাতটো ভগ্নীৰ সৈতে অমৃতাৰ পটো ওলাইছিল। ২০১৮ চনৰ অমৃতাই ইনষ্টাগ্ৰামত এমেজিং মি নামেৰে এটি হেশ্ব টেগ প্ৰচাৰ আৰম্ভ কৰি আত্ম সন্মানৰ বাবে মাত মাতিছিল। এই প্ৰচাৰে ৰাইজৰ ধনাত্মক সঁহাৰি লাভ কৰিছিল।১৩ ২০১৮ চনৰ ডিচেম্বৰত অমৃতা আৰু তেওঁৰ ভগ্নী অভিৰামিয়ে মিলি তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰাজি প্ৰচাৰৰ বাবে অমৃতম গময় নাম দি ইউটিউবত এটা ভল্গ খুলিছিল।১৪ তাত তেওঁলোকৰ ব্যক্তিগত জীৱন, ভ্ৰমণ, সংগীত, বজাৰ-সমাৰ আদি বিভিন্ন বিষয়ে ঠাই পাইছিল।১৫১৬ এই চিৰিজটোৱেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল।১৭ ২০২০ চনত অমৃতা আৰু অভিৰামিয়ে মালয়ালম টিভিৰ ৰিয়েলিটি শ্ব বিগ বচতো ভাগ লৈছিল।১৮
ব্যক্তিগত জীৱন
অমৃতাই তেওঁ স্বামী বালাক ৱেনাল্মৰম চিনেমাৰ চেটত লগ পাইছিল য'ত তেওঁ অভিনয় কৰিছিল আৰু অমৃতা নেপথ্যৰ গায়িকা আছিল। পিছত তেওঁলোকৰ মাজত বন্ধুত্ব আৰু প্ৰেম হয়। পৰিয়ালৰ সন্মতি ক্ৰমে ২০১০ চনৰ ২৭ আগষ্ট তাৰিখে চেন্নাইত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।১৯ কোচিৰ পালাৰিৱট্টমত তেওঁলোকে থাকিবলৈ আৰম্ভ কৰিছিল২০ যদিও ২০১৫ চনৰপৰা দুয়ো সুকীয়াকৈ থাকিবলৈ আৰম্ভ কৰে আৰু ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ কন্যা অৱন্তিকা মাকৰ লগত থাকে।২১ ২০১২ চনত তাইৰ জন্ম হৈছিল। অমৃতা ভ্ৰমণ বিলাসী। সংগীতৰ উপৰিও ভ্ৰমণত সময় খৰচ কৰি তেওঁ ভাল পায়।৩
বঁটা
- ২০১৯ চনৰ জুন মাহত ক্ৰিয়েটিভ ফিল্ম এৱাৰ্ড, শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা) শিতানত
- ২০১৯ চনৰ জুন মাহত- ৰামু কৈৰাত সংগীত বঁটা- একক কণ্ঠ
- ২০১৭ চনত গায়িকা ৰূপে মাষ্টাৰ ভিজন ইণ্টাৰনেচনেল এক্সিলেন্স এৱাৰ্ড লাভ
তথ্যসূত্ৰ
- ↑ (7 May 2012). A Musical Love Story. The New Indian Express
- ↑ Shyama. (12 September 2019). 'എല്ലാവർക്കും വേണ്ടേ അവരവരുടെ ജീവിതം ജീവിക്കാനുള്ള അവകാശം'; വിവാദങ്ങൾ ആഘോഷമാക്കുന്നവരോട് അമൃത ചോദിക്കുന്നു. Vanitha
- ↑ (5 July 2018). Travel and music are two sides of a coin - Amrutha Suresh. Malayala Manorama
- ↑ FWD media. (28 July 2017). Amrutha Suresh Is Back With A Breath Of New Life. FWD Life
- ↑ എം., പുഷ്പ. (7 August 2017). ഒരു കംപ്ലീറ്റ് മെയ്ക്കോവറാണ് ഞാന് ആഗ്രഹിക്കുന്നത്: അമൃത സുരേഷ്. Mathrubhumi
- ↑ (23 April 2018). വീട്ടുകാർ വേണ്ട എന്ന് പറഞ്ഞ ബന്ധമാണ്, അതെന്റെ തെറ്റായ തീരുമാനമായിരുന്നു. Mathrubhumi
- ↑ (30 July 2019). Sisters Amritha Suresh and Abhirami to feature in 'Paadam Namukku Paadam'. The Times of India
- ↑ സ്വന്തം ലേഖകൻ. (28 July 2017). ഈ മോഡലിങ് ഒരു സ്വപ്നം; ഗായിക അമൃത സുരേഷിന്റെ കിടിലൻ ഫോട്ടോ ഷൂട്ട്. Malayala Manorama
- ↑ Express News Service. (16 May 2017). Sound of music. The New Indian Express
- ↑ Sreenivasan, Deepthi. (18 May 2017). Don't want to cry any more: Amrutha Suresh. Deccan Chronicle
- ↑ Onmanorama staff. (27 April 2019). Music helped me to face life better: Amritha Suresh. Malayala Manorama
- ↑ (23 August 2019). Mazhavil Music Awards 2019 · Amrutha Suresh and Abhirami Suresh on Red Carpet! · Mazhavil Manorama. Mazhavil Manorama
- ↑ Priya, Priyadharsini. (26 November 2018). നമുക്കും ഒന്ന് പറഞ്ഞുകൂടേ 'അമേസിങ് മീ' എന്ന്! അമൃതയുടെ സെൽഫ് മോട്ടിവേഷൻ ഏറ്റെടുത്ത് സൈബർ ലോകം. Vanitha
- ↑ Varghese, Anuja Susan. (4 August 2019). Kerala's celebs connect with fans via YouTube content. The New Indian Express
- ↑ M., Athira. (11 January 2019). Star-studded web. The Hindu
- ↑ Onmanorama staff. (14 September 2019). Amrutha Suresh back with vlog, recreates mother's old pic. Malayala Manorama
- ↑ Onmanorama staff. (10 September 2019). Going through the toughest phase of my life: Amrutha Suresh. Malayala Manorama
- ↑ (24 February 2020). Bigg Boss Malayalam 2: Siblings Amritha and Abhirami Suresh make a wild card entry in the house. The Times of India
- ↑ (7 May 2012). 'Bala is very caring'. The New Indian Express
- ↑ Raveendra, Rahul. (20 May 2015). The duplex flat of Bala & Amritha. Malayala Manorama
- ↑ (9 December 2019). Actor Bala, singer Amritha officially divorced. Mathrubhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা সুৰেশ” প্ৰবন্ধৰ সংশোধন ৩৭৯৭২২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।