চিত্ৰ সিং ( Chitra Singh); জন্ম নাম চিত্ৰা সোম১ এগৰাকী ভাৰতীয় গজল গায়িকা। স্বামী জগজিৎ সিঙৰ সৈতে তেওঁ গজলৰ ধাৰাটো জনপ্ৰিয় কৰি তুলিছিল।২ সন্মানসহকাৰে কোৱা "গজল জগতৰ ৰজা আৰু ৰাণী" হিচাপে পৰিচিত এই স্বামী-স্ত্ৰী যুটীয়ে ১৯৭০ আৰু ৮০ৰ দশকৰ কিছুমান সফল ভাৰতীয় সংগীতৰ সৃষ্টি কৰিছিল।
ব্যক্তিগত জীৱন
চিত্ৰাই এটা বাঙালী পৰিয়ালত চিত্ৰা সোম নামেৰে জন্মগ্ৰহণ কৰিছিল। পঢ়া-শুনা সমাপ্ত কৰাৰ পাছতে তেওঁ দেশৰ এটা আগশাৰীৰ বিজ্ঞাপন সংস্থাৰ কাৰ্যবাহী বিষয়া দেব প্ৰসাদ দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াখন ১৯৫০ চনৰ মাজভাগত অনুষ্ঠিত হৈছিল৷ বিয়াৰ পিছত ১৯৫৯ চনত তেওঁলোকৰ মনিকা নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়।৩
যেতিয়া দেৱ প্ৰসাদৰ সৈতে তেওঁৰ বিবাহ টিকি আছিল, সেই সময়তে চিত্ৰাই এজন সংগ্ৰামী গায়ক জগজিৎ সিঙক লগ পায়। জগজিৎ সিং শিখ পৰম্পৰাৰ আছিল আৰু তেওঁ সুদূৰ ৰাজস্থানৰ শ্ৰীগংগানগৰৰ বাসিন্দা আছিল। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে গীত ৰেকৰ্ডিং ষ্টুডিঅ’ত দুয়োৰে লগ হৈছিল৷ সেই সময়ত কোনো অজ্ঞাত কাৰণত চিত্ৰা আৰু দত্তৰ বৈবাহিক সম্পৰ্কৰ ওপৰত সংকট আহি পৰিছিল।৪ চিত্ৰাই জগজিৎ সিঙৰ পৰা সান্ত্বনা লাভ কৰিছিল আৰু কয় যে, জগজিতৰ "কেয়াৰিং" ব্যক্তিত্বই তেওঁক বৰকৈ আকৰ্ষণ কৰিছিল। ১৯৬৮ চনত চিত্ৰাই নিজৰ ৯ বছৰীয়া কন্যা সন্তানক লগত লৈ দেৱ প্ৰসাদক এৰি থৈ যায়।৫৬ ১৯৬৯ চনত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি কন্যা মনিকা তত্ত্বাৱধান আইনমতে লাভ কৰি জগজিৎ সিঙৰ সৈতে চিত্ৰাই বিবাহপাশত আৱদ্ধ হয়।৭ চিত্ৰাৰ প্ৰেমৰ সম্পৰ্ক, বিবাহ বিচ্ছেদ আৰু জগজিতৰ সৈতে বিয়াখনত তেওঁলোকৰ পৰিয়াল অসন্মত আছিল আৰু তাৰ ফলত পিছলৈ নতুন দম্পতীহালে আত্মীয়ৰ সৈতে কম যোগাযোগ ৰাখিব লাগিছিল। চিত্ৰা আৰু জগজিৎ বিবেক নামৰ এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল। পেছাগতভাৱে দম্পতীহালে গজল গায়ক যুটী গঠন কৰে আৰু দম্পতীহালে যথেষ্ট সফলতা লাভ কৰে।
১৯৯০ চনৰ ২৭ জুলাইত এক পথ দুৰ্ঘটনাত বিবেকৰ মৃত্যু হয়। পুত্ৰৰ মৃত্যুৰ দিনৰে পৰা চিত্ৰাই আৰু কেতিয়াও ৰাজহুৱা স্থানত সংগীত পৰিৱেশন কৰা নাই বা কোনো গীত ৰেকৰ্ডিং কৰা নাই। তেওঁৰ প্ৰথম বিবাহৰ ফালৰ পৰা হোৱা কন্যা মনিকাই প্ৰথম প্ৰেমত পৰিছিল বঁটা বিজয়ী চিনেমাট’গ্ৰাফাৰ জাহাংগীৰ চৌধাৰীক। ১৯৮৮ চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈ দুই পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হয়। ২০০৫ চনত মনিকাই চৌধাৰীৰ লগত বিবাহ বিচ্ছেদ কৰি মুম্বাইৰ ভিখৰোলিত থকা এটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ব্ৰিটিছ নাগৰিক মাৰ্ক হাউটন ৰজাৰ এটকিন্সৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০০৭ চনত মনিকাই এটকিন্সৰ বিৰুদ্ধে আদালতত হাৰাশাস্তিৰ গোচৰ ৰুজু কৰে। ২০০৮ চনত এজন দণ্ডাধীশে তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিছিল যদিও ইতিমধ্যে তেওঁ দেশ এৰি পলায়ন কৰিছিল। ২০০৯ চনত তেওঁৰ জীয়েক ৫০ বছৰীয়া মনিকাই আত্মহত্যা কৰি মৃত্যুবৰণ কৰে।৮ মৃত্যুৰ সময়ত তেওঁৰ দুজন পুত্ৰ আৰ্মান আৰু উমেইৰক এৰি যায়৷ তেতিয়া আৰ্মানৰ ১৭ বছৰ আৰু উমেইৰৰ ১২ বছৰ আছিল৷৯১০ এই কাণ্ডৰ দুবছৰৰ পিছত ২০১১ চনত মগজুৰ ৰক্তক্ষৰণৰ ফলত জগজিৎ সিঙৰ মৃত্যু হয়। চিত্ৰা তেতিয়াৰে পৰা তেওঁৰ দুজন নাতিৰ সৈতে জীয়াই আছে।১১
তথ্যসূত্ৰ
- ↑ Sahara, Rashtriya. (1997). Rashtriya Sahara, Volume 5, Issues 1-6. Google Books. Sahara India Mass Communication
- ↑ Jagjit & Chitra Singh. AllMusic
- ↑ 'I want to marry your wife,' Jagjit Singh asked Chitra's ex-husband.. Pics | 'I want to marry your wife,' Jagjit Singh asked Chitra's ex-husband.. Photos | 'I want to marry your wife,' Jagjit Singh asked Chitra's ex-husband.. Portfolio Pics | 'I want to marry your wife,' Jagjit Singh asked Chitra's ex-husband.. Personal Photos - ETimes Photogallery
- ↑ First meeting
- ↑ Ayesha. (February 8, 2022). पहले दोनों बच्चों की हुई मौत फिर पति का भी साथ छूटा, जगजीत सिंह की पत्नी की जिंदगी सिखाती हैं दर्द के साथ जीना. Navbharat Times
- ↑ (October 9, 2021). When Jagjit Singh asked for Chitra's hand from her estranged husband: 'I want to marry your wife'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Jagjit called me Mummy, I called him Papa - Chitra Singh
- ↑ (30 May 2009). Chitra Singh daughter found hanging; was depressed, says family
- ↑ Monica Chowdhary dies by suicide
- ↑ Triple tragedy for Jagjit Singh's wife Chitra
- ↑ Farook, Farhana. (April 18, 2018). Chitra Singh remembers her husband - The unforgettable Jagjit Singh. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰা সিং” প্ৰবন্ধৰ সংশোধন ৪১২১২৮ (১৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।