অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালিনী অৱস্তী

মালিনী অৱস্তী (Malini Awasthi; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৭) হ'ল এগৰাকী ভাৰতীয় লোক গায়িকা। তেওঁ হিন্দী ভাষাৰ লগতে ভোজপুৰী, অৱধী আৰু বুন্দেলখণ্ডি ভাষাত গীত গায়। তেওঁ কজৰী আৰু থুমৰিও পৰিৱেশন কৰে। তেওঁ বহুতকেইখন চলচ্চিত্ৰৰ বাবেও গীত গাইছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৩১ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মালিনী অৱস্তী (Malini Awasthi; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৭) হ'ল এগৰাকী ভাৰতীয় লোক গায়িকা।১২ তেওঁ হিন্দী ভাষাৰ লগতে ভোজপুৰী, অৱধী আৰু বুন্দেলখণ্ডি ভাষাত গীত গায়। তেওঁ কজৰী আৰু থুমৰিও পৰিৱেশন কৰে।৩ তেওঁ বহুতকেইখন চলচ্চিত্ৰৰ বাবেও গীত গাইছে। ইয়াৰ ভিতৰত 'দুৰ্গামতী: দ্য মিথ' (২০২০), 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা' (২০১৭), 'লালী কী চাদি ম্যে লড্ডু দিৱানা' (২০১৭), 'চাৰফুটিয়া চৌকৰে' (২০১৩), আটা পটা লাপটা (২০১১) আদি উল্লেখযোগ্য।৪ 'দুৰ্গামতী: দ্য মিথ' চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালনা আৰু 'ইস্ক' ছবিত অভিনয়ো কৰিছে।৫ ২০১৬ চনত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে৬ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

উত্তৰ প্ৰদেশৰ কনৌজত মালিনী অৱস্তীৰ জন্ম হয়। লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰপৰা তেওঁ স্নাতকোত্তৰ আৰু সোণৰ পদকধাৰী। .৭ ইয়াৰ উপৰিও তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰপৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ কৰি সোণৰ পদক অৰ্জন কৰিছে। মধ্যযুগীয় আৰু আধুনিক ভাৰতীয় স্থাপত্য তেওঁৰ বিশেষ কাকত আছিল। তেওঁ প্ৰসিদ্ধ হিন্দুস্তানী ধ্ৰুপদী গায়িকা, পদ্মবিভূষণ বিদুষী গিৰিজা দেৱীৰ বাৰাণসী ঘৰানাৰ গন্দা বন্ধ ছাত্ৰ। জেষ্ঠ আই এ এছ বিষয়া অৱনীশ কুমাৰ অৱস্তীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছে। অৱনীশ কুমাৰ অৱস্তীয়ে বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰধান সচিব ৰূপে কাম কৰি আছে। তেওঁলোকৰ অনন্যা নামৰ এগৰাকী জী আৰু আদিত্য নামৰ এজন পুত্ৰ আছে।৬

কেৰিয়াৰ

মালিনী অৱস্তী জনপ্ৰিয় শাস্ত্ৰীয় সংগীত সমাৰোহ 'জাহান-এ-খুছ্ৰু'ৰ এগৰাকী নিয়মীয়া শিল্পী।৮ তেওঁৰ কণ্ঠ উচ্চ স্বৰৰ হোৱা বাবে 'থাৰে ৰহু বাকে শ্যাম'ৰ দৰে থুমৰিৰ অভিব্যক্তিৰ বাবে তেওঁ জনপ্ৰিয়। মালিনীয়ে কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছে। ত্ৰিনিদাদত প্ৰভাসী দিৱস, মৰিচাছৰ ভাৰত মহোৎসৱ, লণ্ডনৰ 'চাউথ বেংক চেণ্টাৰ'ত সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য ঠাইত তেওঁ পৰিৱেশন কৰিছে। পাকিস্তানত অনুষ্ঠান পৰিৱেশন কৰা ভাৰতীয় শিল্পীসকলৰ ভিতৰত তেৱো এগৰাকী। সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু উত্তৰ প্ৰদেশ চৰকাৰে য়শ ভাৰতী সন্মানেৰে বিভূষিত কৰিছে।৬

এন ডি টি ভিৰ অনুষ্ঠান 'জুনুন'তো তেওঁ ভাগ লৈছে। ২০১২ আৰু ২০১৪ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে তেওঁক 'ব্ৰেণ্ড এম্বেচেডৰ' নিযুক্তি দিছিল।৯

২০১৫ চনত অনু মালিকে সংগীত পৰিচালনা কৰা 'দম লগাকে হেইচ্ছা' চলচ্চিত্ৰত মালিনীয়ে সুন্দৰ সুশীল গীতটি গাইছে।

শৈক্ষিক সন্মান আৰু ফেলোশ্বিপ

  • বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ 'ভাৰত অধ্যয়ন কেন্দ্ৰ'ৰ শতবৰ্ষীয় আসনৰ অধ্যাপক১০

সাংস্কৃতিক প্ৰদৰ্শন

ৰ ৰাষ্ট্ৰপতি ভৱনত পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত, ২৮ মাৰ্চ, ২০১৬]]

ৰাষ্ট্ৰীয়

  • উত্তৰ প্ৰদেশত থুমৰি উৎসৱ আৰু ৰগ ৰং উৎসৱ, তাজ মহোৎসৱ, গংগা মহোৎসৱ, লক্ষ্ণৌ সমাৰোহ, বোধ মহোৎসৱ, ৰামায়ণ মেলা, কজৰি মেলা, কবীৰ উৎসৱ আদি।
  • ৰাজস্থানত, শ্ৰুতি মণ্ডল সমাৰোহ, কুম্ভল গড় মেলা, জয়পুৰৰ তীজ মেলা
  • পঞ্জাব আৰু হাৰিয়ানাত, সুৰজকুণ্ড হস্ত মেলা আৰু পিঞ্জৰী ঐতিহ্য মেলা।

আন্তৰ্জাতিক

  • ত্ৰিনিদাদত প্ৰভাসী দিৱস, ২০১৭১১
  • মৰিচাছত ভাৰত মহোৎসৱ, ২০১৫১২
  • ফিজিত আইচিচিআৰৰ ৪০তম বাৰ্ষিকী উদযাপন, ২০১১১৩
  • হাষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাধীনতা দিৱস উদযাপন, ২০০৪
  • পাকিস্তানত সাংস্কৃতিক অনুষ্ঠান, ২০০৭১৪
  • লণ্ডনৰ 'চাউথ বেংক চেণ্টাৰ'ত সাংস্কৃতিক অনুষ্ঠান, ২০১১১৫
  • নেডাৰলেণ্ডত ভাৰতীয় উৎসৱ উদযাপন, ২০০২, ২০০৩, ২০১৫ আৰু ২০১৬১৬
  • মৰিচাছত বিশ্ব ভোজপুৰী সম্মিলন, ২০০০, ২০০৪, ২০১৬
  • ফিলাডেলফিয়া আৰু লছ এঞ্জেলছত সাংস্কৃতিক অনুষ্ঠান, ২০১৬

চলচ্চিত্ৰ পঞ্জী

  • জয় হৌ ছথ মাইয়া
  • ভ'লে শংকৰ
  • বম বম ব'লে
  • এজেণ্ট বিনোদ (২০১২)
  • দম লগাকে হেইচ্ছা
  • ভাগন কে ৰেখন কী- ইস্ক (২০১৩)
  • চাৰফুটিয়া চৌকৰে (২০১৪)

বঁটা

  • পদ্মশ্ৰী (২০১৬)১৭
  • য়শ ভাৰতী, উত্তৰ প্ৰদেশ চৰকাৰ, ২০০৬১৮
  • উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী ফেলোশ্বিপ
  • ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Malini Awasthi mesmerises audience=
  2. ↑ (2011-09-19). It's the villages where folk music is disappearing faster. The Times Of India
  3. ↑ (2011-09-11). Body Text Thumri, Kajri mark final day of music festival. The Times Of India
  4. ↑ Malini Awasthi Complete Filmography. www.bollywoodmdb.com
  5. ↑ Malini Awasthi Filmography. www.cinestaan.com
  6. ↑ (May 21, 2020). Malini Awasthi (Singer) Biography, Age, Husband, Children, Family, Facts, Caste, Wiki & More. www.celebrityborn.com
  7. ↑ (2009-09-09). Low at Bhatkhande. The Times Of India
  8. ↑ Tripathi, Shailaja. (2010-02-25). Hues of Hori. The Hindu
  9. ↑ (2012-02-09). Election Commission 'sveeps' polls in first phase. The Times Of India
  10. ↑ www.bhu.ac.in/arts/bak/teaching.php
  11. ↑ www.hcipos.gov.in/event.php{{Dead link|date=January 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  12. ↑ (21 December 2015). Malini Awasthi Enthrals The Audience. Mauritius Times
  13. ↑ www.eternalmewar.in/media/newsletter/templates/2 link|date=August 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  14. ↑ www.newindianexpress.com/thesundaystandard/2019/
  15. ↑ www.telegraph.co.uk/culture/music/worldfolkandja
  16. ↑ www.shethepeople.tv/news/sonal-mansingh-malini-a
  17. ↑ www.bhaskar.com/news/UP-GOR-malini-awasthi-got-p
  18. ↑ www.hindustantimes.com/india/yash-bharti-to-13-p

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালিনী অৱস্তী” প্ৰবন্ধৰ সংশোধন ৬৪০১৫২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।