অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মমতা চন্দ্ৰকৰ

মমতা চন্দ্ৰকৰ (Mamta Chandrakar, জন্ম: ৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ছত্তীছগঢ়ী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁক ছত্তীছগঢ়ৰ নাইটিংগেল বুলি কোৱা হয়।

হালনাগাদ: ১০ আগষ্ট ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মমতা চন্দ্ৰকৰ (Mamta Chandrakar, জন্ম: ৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ছত্তীছগঢ়ী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁক ছত্তীছগঢ়ৰ নাইটিংগেল বুলি কোৱা হয়।১২ ছত্তীছগঢ়ৰ খৈৰাগঢ়ত অৱস্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা সংগীতত মামতা চন্দ্ৰকাৰে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।৩ ১০ বছৰ বয়সৰ পৰায়ে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল আৰু ১৯৭৭ চনত আকাশবাণী ৰায়পুৰ কেন্দ্ৰৰ লোক কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৬ চনত ভাৰত চৰকাৰৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।৪ তেওঁৰ স্বামী প্ৰেম চন্দ্ৰকাৰ চৌলিউদৰ এজন প্ৰযোজক আৰু পৰিচালক। বৰ্তমান মমতা চন্দ্ৰকৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত।

জীৱনী

১৯৫৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে অবিভক্ত মধ্য প্ৰদেশৰ (বৰ্তমান ছত্তীসগঢ়) দুৰ্গত মমতা চন্দ্ৰকৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দাও মানসিংহ চন্দ্ৰকৰ আৰু মাতৃ গয়াবাঈ চন্দ্ৰকৰ। দাও মানসিংহ চন্দ্ৰকৰ এজন লোকসংগীতৰ পণ্ডিত আছিল।৫ যেতিয়া বলিউডৰ সংগীতত স্থানীয় লোকসংগীতক প্ৰভাৱিত কৰি আছিল সেইসময়ত তেওঁ ১৯৭৪ চনত "চনহা-বিহান" নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল। চনহা-বিহানৰ লক্ষ্য আছিল লোকসংগীতৰ আত্মাক মানুহৰ হৃদয় আৰু মনত জীয়াই ৰখাৰ বাবে ১৯৭৪ চনৰ মাৰ্চত চল্লিশৰ পৰা পঞ্চাশ হাজাৰ লোকৰ সন্মুখত প্ৰদৰ্শন কৰিছিল। স্বৰ্গীয় দাউ মহা সিঙে লোকসংগীতৰ প্ৰচাৰৰ বাবে তেওঁৰ গোটেই জীৱন উৎসৰ্গিত কৰিছিল। মামতা চন্দ্ৰকৰে তেওঁৰ দেউতাকৰ পৰা নিজেই লোকসংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ সংগীতৰ অধিক অধ্যয়নৰ বাবে ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। ১৯৮৬ চনত তেওঁ ছত্তীছগঢ়ী চিনেমাৰ পৰিচালক আৰু প্ৰযোজক প্ৰেম চন্দ্ৰকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৮৮ চনত দম্পতীহালৰ এগৰাকী কন্যা পুৰ্ভি চন্দ্ৰকৰৰ জন্ম হয়।২

১৯৭৭ চনত তেওঁ আকাশবাণীৰ লোকসংগীতৰ বাবে এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পীত পৰিগণিত হয়। তেওঁ ১৯৮৪ চনৰ আকাশবাণীৰ বাৰ্ষিক প্ৰতিযোগিতাত ছত্তীছগঢ়ৰ লোক জীৱনৰ প্ৰতিচ্ছবি স্বৰূপ নৃত্য উপস্থাপনৰ বাবে সৰ্ব ভাৰতীয় স্তৰত এক মেধা প্ৰমাণপত্ৰ প্ৰদান লাভ কৰিছিল। ১৯৯২ চনত মমতা চন্দ্ৰকৰে লোকসংগীতৰ বাবে আকাশবাণীৰ এ গ্ৰেড শিল্পীৰ স্বীকৃতি লাভ কৰে। ২০১২ চনত তেওঁ ছত্তীশগড় চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দ্বাৰা ভোটাৰ সজাগতাৰ বাবে ৰাজ্যিক আইকন হিচাপে বাছনি কৰা হৈছিল। ২০১৩ চনত তেওঁক লোক সংগীতৰ বাবে শীৰ্ষ শ্ৰেণী প্ৰদান কৰা হৈছিল।

তেওঁ ছত্তীছগঢ়ৰ আকাশবাণী ৰায়পুৰ কেন্দ্ৰৰ সহকাৰী পৰিচালক (কাৰ্যসূচী) হিচাপে সুদীৰ্ঘ ৩৬ বছৰ চাকৰি কৰাৰ পিছত ২০১৮ চনৰ ৩১ মে' তাৰিখে চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে। দেশ আৰু বিদেশত তেওঁৰ কলা প্ৰদৰ্শন কৰা মমতা চন্দ্ৰকাৰে বৰ্তমান ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ পালন কৰি আছে।৬

বঁটা আৰু সন্মান

  • ২০১৯: ছত্তীছগঢ় বিভূতি অলংকৰণ৭
  • ২০১৭: সন্মানীয় ডি.লিট. ডিগ্ৰী, ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়
  • ২০১৬: পদ্মশ্ৰী৮
  • ২০১৩: ছত্তীছগঢ় ৰত্ন৯
  • ২০১২: দাও গুলাৰ সিং মান্দৰাজী সন্মান

তথ্যসূত্ৰ

  1. ↑ Experts, Disha. (5 August 2017). The PADMA ACHIEVERS 2016. books.google.co.in. ISBN 9789385846649
  2. ↑ Mamtha Chandrakar. veethi.com
  3. ↑ TOP FEMALE FOLK SINGERS OF INDIA. wegotguru.com
  4. ↑ (26 Jan 2016). Mamta Chandrakar. cgkhabar
  5. ↑ (10 September 2012). Smt. Mamta Chandrakar – Folk Singer. CEO Chhattisgarh
  6. ↑ (26 January 2016). ममता चन्द्राकर,छत्तीसगढ़ सरकार के संस्कृति विभाग से सम्मान प्राप्त
  7. ↑ (2018). Chhattisgarh Vibhuti Alankaran. CG News
  8. ↑ (25 Jan 2016). Padma Shri Award to Mamta Chandrakar. Jagran
  9. ↑ (20 Dec 2013). Chhattisgarh Ratna. ফেইচবুক

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতা চন্দ্ৰকৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৩৮৮ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।