অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰ্বতী বাউল

পাৰ্বতী বাউল এগৰাকী ভাৰতীয় বাউল লোকসংগীত শিল্পী, সংগীতজ্ঞ আৰু কাহিনী কথক। তেওঁ বাউল সংগীত জনপ্ৰিয় মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিখ্যাত। তেওঁ বাউল গীতৰ তত্ত্ব কথা তেওঁৰ সাধক শিষ্যসকলৰ মাজত গল্পৰ মাধ্যমত তুলি ধৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পাৰ্বতী বাউল এগৰাকী ভাৰতীয় বাউল লোকসংগীত শিল্পী, সংগীতজ্ঞ আৰু কাহিনী কথক।১ তেওঁ বাউল সংগীত জনপ্ৰিয় মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিখ্যাত। তেওঁ বাউল গীতৰ তত্ত্ব কথা তেওঁৰ সাধক শিষ্যসকলৰ মাজত গল্পৰ মাধ্যমত তুলি ধৰে। বাউল সাধিকা ফুলমালি দাসী, সনাতন দাস বাউল, শশাংক গোঁসাই – এই তিনি গৰাকী গুৰুৰ ওচৰত তেওঁ বাউলৰ দীক্ষা লৈছিল। ১৯৯৫ চনৰ পৰা তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত বাউল পৰিবেশন কৰি আহিছে। তেওঁ একতাৰা বাউল সংগীতা কলাৰী নামৰ বাউল গীত শিক্ষাৰ বিদ্যালয় স্থাপন কৰিছে।

প্ৰাৰম্ভিক জীৱন

১৯৭৬ চনত পশ্চিমবংগৰ পাৰম্পৰিক ব্ৰাহ্মণ সম্প্ৰদায়ৰ ঘৰত পাৰ্বতী বাউলৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম মৌচুমী পাৰিয়াল আছিল। তেওঁৰ পৰিয়াল মূলতঃ পূব পাকিস্তানৰ লোক আছিল আৰু দেশ বিভাজনৰ পিছত তেওঁলোক ভাৰতৰ পশ্চিমবংগলৈ আহে। তেওঁৰ পিতৃ ভাৰতীয় ৰে'ল বিভাগৰ এগৰাকী অভিযন্তা আছিল। শাস্ত্ৰীয় সংগীতৰ প্ৰতি ৰাপ থকা পাৰ্বতী বাউলৰ পিতৃয়ে তেওঁক প্ৰায়ে সংগীতানুষ্ঠানলৈ নিছিল। তেওঁৰ মাতৃ এগৰাকী গৃহিনী আৰু তেওঁ ৰামকৃষ্ণ পৰমহংসৰ ভক্ত আছিল। তেওঁৰ পিতৃৰ সততে বদলি হৈ থকাৰ বাবে পাৰ্বতীয়ে অসম, কোঁচ বিহাৰ আৰু পশ্চিম বংগৰ সীমামূৰীয়া অঞ্চলত ডাঙৰ হৈছিল। তেওঁ কোঁচ বিহাৰৰ সুনীতি একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।২৩

পাৰ্বতীয়ে সৰুতে শ্ৰীলেখা মুখাৰ্জীৰ ওচৰত কথক শিকিছিল। তেওঁ শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ কলা ভৱনত দৃশ্যমান কলাৰ প্ৰশিক্ষণ লাভ কৰিছিল।৪ তেওঁ শান্তিনিকেতনত প্ৰথমবাৰৰ বাবে অন্ধ ব্যক্তি এজনে বাউল গোৱা দেখিছিল। সেইসময়ত তেওঁ এগৰাকী বাউল গায়িকা ফুলমালা দাসীক লগ পায় আৰু পাৰ্বতীয়ে তেওঁৰ ওচৰত বাউল শিকে।৫৬ তাৰপিছত তেওঁ পশ্চিমবংগৰ বাংকুৰা জিলাৰ বাউল গায়ক সনাতন দাসৰ ওচৰত বাউল শিকিবলৈ লয়। ১৫ দিনৰ পিছত তেওঁ সনাতন দাসৰ ওচৰত দীক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ গুৰুৰ লগত বিভিন্ন ঠাই ভ্ৰমী বাউল গীত, নৃত্য আৰু বাদ্যৰ জ্ঞান আহৰণ কৰে। তাৰপিছত তেওঁ খৈৰভূমিৰ শশাংক গোঁসাইৰ ওচৰত বাউলৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ শশাংক গোঁসাইৰ ওচৰত তিনিবছৰ কাল বাউল পৰম্পৰাৰ বিষয়ে জ্ঞান লাভ কৰে।১২৩

কৰ্মজীৱন

১৯৯৫ চনত পাৰ্বতী বাউলে ৰাজহুৱাকৈ বাউল পৰিবেশন আৰম্ভ কৰে। ১৯৯৭ চনত তেওঁ কেৰালাৰ ৰাজধানী তিৰুঅনন্তপুৰমলৈ আহে আৰু কেৰালাৰ স্থানীয় থিয়েটাৰ পৰম্পৰাৰ বিষয়ে শিকে। ইয়াত তেওঁ কেৰালাৰ পৰম্পৰাগত পুতলাৰ শিল্পী ৰবি গোপালন নায়াৰক লগ পায়।৭ তেওঁ ৰবি গোপালনৰ লগত ২০০০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু পুতলাৰ বিষয়ে শিক্ষা গ্ৰহণ কৰে।৮ সেইসময়ত তেওঁলোকে চেভেন বেচিক নিডছ নামৰ থিয়েটাৰ গোটৰ লগত জড়িত হয় আৰু জাৰ্মানীৰ হেনঅভাৰত অনুষ্ঠিত এক্সপ' ২০২০ত পৰিবেশন কৰে।৯ তেওঁ তিৰুঅনন্তপুৰমত আব্দুল চালাম নামৰ ফকীৰ এজনক লগ পাই গুৰু মানি লৈছিল।১

২০০১ চনৰ পৰা তেওঁ সম্পূৰ্ণৰূপে বাউলৰ লগত জড়িত হৈ পৰিল। তেওঁ একতাৰা আৰু দুগগী বজাই ভৰিত চিলম্বো নূপুৰ পিন্ধি বাউল গাই ফুৰিব ধৰিলে। তেওঁ পৰম্পৰাগত বাউলৰ লগত নিজে সৃষ্টিকৰা দোহা আৰু থিয়েটাৰৰ পৰা লাভ কৰা জ্ঞানৰ ব্যৱহাৰ কৰি অভিনয় আৰু গীতৰ অদ্ভুত সংমিশ্ৰণ ঘটাই বাউল পৰিবেশন কৰে। পত্যচিত্ৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰি তেওঁ কাহিনীৰ মাধ্যমত বাউলক প্ৰকাশ কৰে আৰু মাজে মাজে ইংৰাজীত বুজাই যায়।১২৩ তেওঁ পৰিবেশন কৰিলে প্ৰায়ে ডাঙৰ কেনভাছত কাহিনীৰ ছবি ব্যৱহাৰ কৰে।৯

১৯৯০ৰ দশকৰ শেষৰ ফালে তেওঁ ৰবি গোপলনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাত তেওঁ একতাৰা বাউল সংগীতা কলাৰী নামৰ বাউল গীত শিক্ষাৰ গুৰুকুল স্থাপন কৰিছে।৬৭

তথ্যসূত্ৰ

  1. ↑ (9 November 2012). Bengal folk meets Kerala's spirituality in Parvathy Baul's music. CNN-IBN
  2. ↑ Academy, Himalayan. (January–March 2013). Sacred Arts: Poetess and Minstrel, Parvathy Baul Lives and Dances in her Beloved’s Divine Heart. Hinduism Today Magazine
  3. ↑ K.K. Gopalakrishnan. (25 December 2005). A storyteller on a mission. The Hindu
  4. ↑ (9 February 2013). Baul is not just music, it's a way of life: Parvathy Baul. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (27 September 2006). Blissfully Baul
  6. ↑ Bhawani Cheerath. (26 September 2008). Baul music charts mental routes. The Hindu
  7. ↑ (17 March 2006). Exceptional skill, one couple. The Hindu
  8. ↑ Nagarajan, Saraswathy. (14 September 2012). Play of puppets. The Hindu
  9. ↑ Harding, James Martin; Rosenthal, Cindy. (2006). Restaging the Sixties: Radical Theaters and Their Legacies. University of Michigan Press. পৃ. 386–. ISBN 0-472-06954-3

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্বতী বাউল” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৫৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।