অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰতি অংকলীকৰ-টিকেকৰ

আৰতি অংকলীকৰ-টিকেকৰ (Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ৩৪৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আৰতি অংকলীকৰ-টিকেকৰ (Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত। সম্পূৰ্ণ কণ্ঠৰ গীত আৰু শৈলীৰ বাবে জনাজাত আৰতি আগ্ৰাৰ লগতে গোৱালিয়ৰ আৰু জয়পুৰ ঘৰাণাৰ পৰা আয়ত্ত কৰিছিল। তেওঁ দুটাকৈ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

তেওঁ বহুতো অডিঅ' কেছেট আৰু চিডিত কণ্ঠদান কৰিছে। তেওঁ শ্যাম বেনেগালৰ ছবি 'চৰ্দাৰী বেগম'ৰ মুখ্য নেপথ্য গায়িকা আছিল। তেওঁৰ এলবাম 'তেজোময় নাদব্ৰহ্ম', 'ৰাগ-ৰং', 'ভক্তিমালা ভজন' আৰু 'অন্তৰ্নাদ', 'ডে ঢাক্কা', 'চাৱলী', 'চৰ্দাৰী বেগম', 'ইক হাজাৰিচি নোট' ছবিৰ বাবে পৰিচিত। তেওঁ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা উদয় টিকেকৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।১ তেওঁলোকৰ কন্যা স্বনন্দী টিকেকৰ এগৰাকী অভিনেত্ৰী।

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনৰ ২৭ জানুৱাৰী তাৰিখে কৰ্ণাটকৰ বিজয়পুৰাত আৰতিৰ জন্ম হৈছিল। তেওঁ আগ্ৰা, গোৱালিয়ৰ আৰু জয়পুৰ-আত্ৰাউলী ঘৰাণাৰ পৰা সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ প্ৰাৰম্ভিক সংগীত শিক্ষা পণ্ডিত বসন্তৰাও কুলকাৰ্ণীৰ পৰা আৰু পিছত কিশোৰী আমোংকাৰৰ ওচৰত গ্ৰহণ কৰিছিল।

কৰ্মজীৱন

তেওঁ কেইবাটাও মাৰাঠী, কোংকণী লগতে হিন্দী ছবিৰ বাবে মুখ্য নেপথ্য গায়িকা আছিল। তেওঁ কণ্ঠদান কৰে উল্লেখযোগ্য ছবি সমূহ হৈছে: 'চৰ্দাৰী বেগাম' (১৯৯৬), 'চাৱলী', 'ডে ঢাক্কা' (২০০৮), 'দিল দোষ্টি ইটিচি', 'ধুচাৰ' আৰু 'সংহিতা' (২০১৩)।

আৰতি অংকলীকৰ-টিকেকাৰে টেলিভিছন সাক্ষাৎকাৰ, ৰিয়েলিটি শ্ব'ত আৰু সংগীত অনুষ্ঠানত অতিথি বিচাৰক হিচাপে প্ৰায়ে দেখা যায়।

তেওঁ ২০১৯ চনত টৰণ্টোৰ টৰণ্টোৰ আগা খান সংগ্ৰহালয়কে ধৰি সন্মানীয় স্থানত গোটেই বিশ্বতে তেওঁৰ কলা প্ৰদৰ্শন কৰিছে।২

বঁটা আৰু সন্মান

তেওঁ ১৯৭৫-১৯৮০ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বৃত্তি লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৮০-১৯৮২ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শন কলা কেন্দ্ৰ সুৰশ্ৰী কেশৰবাই কেৰকৰ বৃত্তি লাভ কৰিছিল। তেওঁ আকাশবাণীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাৰ সকলো শ্ৰেণীত "স্বৰ্ণ পদক" লাভ কৰিছিল।

আৰতি অংকলীকৰ-টিকেকৰে ২০০৬ চনত বাবে এজন শাস্ত্ৰীয় গায়কৰ জীৱনৰ ওপৰত আধাৰিত কোংকণী চিনেমা 'অন্তৰ্নাদ'ত কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৩

তেওঁ মাৰাঠী চলচ্চিত্ৰ 'ডে ঢাক্কা'ৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁক মাৰাঠী ছবি 'সংহিতা'ত কণ্ঠদানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত কৰা হয়।৪

সংগীত ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে তেওঁ কেইবাটাও ৰাজ্যিক বঁটা যেনে পণ্ডিত যশৰাজ বঁটা আৰু পণ্ডিত কুমাৰ গন্ধৰ্ব বঁটা লাভ কৰিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Report pubes Arati ankalikar; tikekar bags national award for a second time . DNA India
  2. ↑ Stree Shakti: Celebrating Women in Music · Aga Khan Museum (September 7, 2019). Aga Khan Museum
  3. ↑ Directorate of Film Festival. iffi.nic.in
  4. ↑ National Film Awards 2013. dff.nic.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীমাৰাঠী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি অংকলীকৰ-টিকেকৰ” প্ৰবন্ধৰ সংশোধন ৩৮৪০৫৬ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।