অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বছেন মুৰ্মু

বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল। ২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।

হালনাগাদ: ৬ জুলাই ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল।

২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।

জন্ম আৰু পৰিচয়

১৯৮৭ চনৰ ৯ এপ্ৰিল তাৰিখে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বৰহাজিয়ান গাঁৱত বছেন মুৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নৰেন মুৰ্মু আৰু মাতৃ মইনা মুৰ্মু। তেওঁ মমতা মুৰ্মুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ। ভাগ্যলক্ষ্মী মুৰ্মু তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান।২

কৰ্মজীৱন

বছেন মুৰ্মুয়ে তেওঁৰ জীৱনকালত প্ৰায় ৫০০ গীতত কণ্ঠ নিগৰাইছে। ইয়াৰ লগতে তেওঁ এগৰাকী গীতিকাৰো আছিল। তেওঁৰ অতি জনপ্ৰিয় গীত সমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল: 'কুলমি দাৰে লেকা কুদিম হাৰায়েন', 'চ্‌হেমেক চ্‌হেমেক', 'জীৱী ৰাণী তিছিম হিজুক', 'আলাক জাদি নাদি লেকা' ইত্যাদি।৩৪৫

মৃত্যু

২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।৪ তেওঁৰ কোনো ৰোগ বা ৰোগৰ লক্ষণ নাছিল। ৮ জুন তাৰিখে তেওঁ হঠাৎ বাগৰি পৰে। তাৰপিছত তেওঁক ৰায়ৰংপুৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

তথ্যসূত্ৰ

  1. ↑ (2020). संताली सिंगर बोसेन मुर्मु नहीं रहे. Neutral Publishing House Ltd
  2. ↑ (2020-06-08). ᱥᱟᱱᱛᱟᱲᱤ ᱥᱮᱨᱮᱧ ᱨᱩᱥᱤᱠᱟ ᱵᱟᱥᱮᱱ ᱢᱩᱨᱢᱩ ᱫᱚᱭ ᱵᱟ.ᱜᱤᱭᱟᱫ ᱵᱚᱱᱟ. ᱰᱤᱡᱤᱴᱟᱞᱤ ᱥᱟᱱᱛᱟᱲᱤ ᱠᱷᱚᱵᱚᱨ •
  3. ↑ www.youtube.com/watch?v=q4lo4Jonhak
  4. ↑ (9 June 2020). ଯୁବ ସାନ୍ତାଳୀ ଗାୟକ ବସେନ ମୁର୍ମୁଙ୍କ ପରଲୋକ. Summa real Media Pvt.Ltd. পৃ. 4
  5. ↑ www.youtube.com/watch?v=vOUDh1yZ-f8

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় গীতিকাৰচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বছেন মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৫২২৪৩৭ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।