দিলশাদ আখতাৰ (ইংৰাজী ভাষা: Dilshad Akhtar) আছিল পঞ্জাবী লোক সংগীতৰ গায়িক। তাৰোপৰি তেওঁ বহুকেইখন পঞ্জাবী চলচ্চিত্ৰত কণ্ঠদান কৰিছে।১২ চাৰিজন ভাই-ভনীৰ ভিতৰত দিলশাদ আছিল সৰু। তেওঁৰ ভগ্নী মনপ্ৰীত আখতাৰো গায়িকা আছিল।৩
দিলশাদ আখতাৰৰ জন্ম হৈছিল ভাৰতৰ পঞ্জাৱৰ শ্ৰীমুক্তসাৰ চাহিব জিলাৰ গিলজেৱালা গাঁৱত।৪ তেওঁ ফৰিদকোটত সংগীত শিকিছিল।৪ তেওঁ বহুতো ধৰ্মীয় গীতো গাইছিল। পাঞ্জাবী চলচ্চিত্ৰ তাৰকা বীৰেন্দ্ৰৰ মৃত্যুৰ পিছত দিলশাদে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অতি আৱেগেৰে নাহিন ভুল্লানা বিচোড়া তীৰা, সাৰে দুখ ভুল্লা জাজান গীতটি গাই মানুহৰ চকুত চকুলো কঢ়িয়াই আনিছিল আৰু আজিও সেই গীতটোৱে বীৰেন্দ্ৰৰ স্মৃতি সতেজ কৰি তুলিছে।
১৯৯৬ চনৰ ২৮ জানুৱাৰীত গুৰদাসপুৰ জিলাৰ সিংপুৰা গাঁৱত এটা অনুষ্ঠানৰ সময়ত এজন আৰক্ষী বিষয়াই আখতাৰক হত্যা কৰে, যেতিয়া তেওঁ আৰক্ষী বিষয়াজনৰ পৰা এটা গীতৰ অনুৰোধ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।৪২
প্ৰসিদ্ধ গীত
- মন ৱিচ্চ ৱসণৈ সজ্জণাং ৱে ৰহিনৈ, অক্ষীয়া তোঁ দূৰ
- সানূং পৰদেশীয়া নূূঁ য়াদ কৰকে নী কাহনূঁ অত্থৰূ বহাউন্দী
- চৰখা বোল পিয়া
- মেৰে য়াৰ দী চৰচা গলী-গলী
- কুংণ্ডা খোল বসঁন্তৰীএ
- হুণ কিওঁ ৰোনী ঐঁ বিল্লো
- দিল চোৰী হো গিয়া
- ইহ তূঁম্বা মেৰী জান কুড়ে
তথ্যসূত্ৰ
- ↑ (March 13, 2008). http://www.tribuneindia.com/2008/20080313/main4.htm
- ↑ (February 17, 2012). http://www.tribuneindia.com/2012/20120217/jal.htm
- ↑ Dhillon, Sukhpal Singh. (October 11, 2011). ਨੌਜਵਾਨ ਗਾਇਕ ਸੰਦੀਪ ਅਖ਼ਤਰ ਦੀ ਕੈਂਸਰ ਕਾਰਨ ਮੌਤ. Daily Ajit
- ↑ Dilshad Akhtar. dilapnapunjabi.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলশাদ আখতাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৯৫ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।