অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুৰান চিষ্টাৰ্চ

নুৰান চিষ্টাৰ্চ বা নুৰান ভগ্নীদ্বয় (Nooran Sisters) দুগৰাকী ভগ্নী জ্যোতি নুৰান আৰু চুলতানা নুৰানৰ বেণ্ড। ভাৰতৰ জলন্ধৰৰ এই বেণ্ড তেওঁলোকৰ চুফী সংগীতৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত পৰম্পৰাত তেওঁলোক শাম চৌৰাছিয়া ঘৰাণাৰ অন্তৰ্গত।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২১ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নুৰান চিষ্টাৰ্চ বা নুৰান ভগ্নীদ্বয় (Nooran Sisters) দুগৰাকী ভগ্নী জ্যোতি নুৰান আৰু চুলতানা নুৰানৰ বেণ্ড। ভাৰতৰ জলন্ধৰৰ এই বেণ্ড তেওঁলোকৰ চুফী সংগীতৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত পৰম্পৰাত তেওঁলোক শাম চৌৰাছিয়া ঘৰাণাৰ অন্তৰ্গত।

প্ৰাৰম্ভিক জীৱন

নুৰান ভগ্নীদ্বয় এক সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁলোকৰ দেউতাক উস্তাদ গুলচন মীৰে তেওঁলোকক প্ৰাৰম্ভিক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। তেওঁ বিবি নুৰানৰ নাতি আৰু ১৯৭০ দশকৰ চুফী সংগীতজ্ঞ স্বৰ্ণ নুৰানৰ পুত্ৰ আছিল। শৈশৱৰ পৰা নুৰান ভগ্নীক চুফী সংগীতৰ প্ৰশিক্ষণ দিয়া হৈছিল। মীৰৰ মতে, তেওঁলোকৰ পৰিয়াল অতি কঠোৰ সময় পাৰ কৰিছিল আৰু মীৰে তেওঁলোকক সহযোগিতা কৰিবলৈ সংগীতৰ পাঠ দিছিল।১

যেতিয়া চুলতানা নুৰান সাত বছৰীয়া আছিল আৰু জ্যোতি নুৰান পাঁচ বছৰীয়া আছিল, তেওঁলোকৰ দেউতাক মীৰে ঘৰত খেলি থাকোঁতে তেওঁলোকৰ প্ৰতিভা আৱিষ্কাৰ কৰিছিল। তেওঁলোকে বুলেহ শ্বাহ কালাম এটা গাইছিল যি তেওঁলোকে তেওঁলোকৰ আইতাৰ পৰা শুনিছিল।, 'কুল্লী ভিচন নি য়াৰ লেব লাই' শীৰ্ষক গীতৰ মাজেৰে দেউতাকে তেওঁলোকৰ প্ৰতিভাৰ উমান পাইছিল। মীৰে তেওঁলোকক সুধিছিল যে তেওঁলোকে ইয়াক বাদ্যৰ সৈতে গাব পাৰিব নে নাই। তেওঁলোকে এটাও তাল নকটাকৈ তবলা আৰু হাৰমনিয়ামৰ সৈতে পেছাদাৰীভাৱে গান গাইছিল। কানাডাৰ সংগীত প্ৰচাৰক ইকবাল মহলে ২০১০ চনত ভগ্নীদ্বয়ক আৱিষ্কাৰ কৰিছিল আৰু তেওঁলোকৰ সফলতাত এক ডাঙৰ ভূমিকা পালন কৰিছিল। ২০১৩ চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে নাকোদাৰৰ বাবা মুৰাদ শ্বাহ দৰগাত প্ৰদৰ্শন কৰিছিল আৰু সেই নিশাৰে পৰা তেওঁলোক অতি জনপ্ৰিয় হৈ পৰে। তেওঁলোকৰ গান "আল্লাহ হু" এটা ইউটিউবত হিট হৈছিল। তাৰ পিছত, "ময়ে য়াৰ দা দিৱানা" আৰু "পাটখা গুডি"ৰ দৰে গানবোৰে দুয়োগৰাকীৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বলিউডৰ চিনেমাসমূহত তেওঁলোকৰ বহুতো গান গাইছে।

কৰ্মজীৱন

তেওঁলোকে হৰপাল তিৱানা চেণ্টাৰ অফ পাৰফমিং আৰ্টছত স্বৰ্গীয় গজল সম্ৰাট জগজিৎ সিঙৰ ৭২তম জন্মদিনৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিছিল। তেওঁলোকে ভাৰতত থকা এমটিভি টেলেণ্ট হাণ্ট শৃংখলাৰ সৈতে খ্যাতি লাভ কৰিছিল, তেওঁলোকৰ গান "টুং টুং" আৰু পিছলৈ টিভি আনপ্লাগড আৰু কোক ষ্টুডিঅ'ৰ সৈতে জড়িত হৈছিল।

তেওঁলোকে ২০১৬ আৰু ২০১৭ চনত ঢাকা আন্তৰ্জাতিক লোক উৎসৱত প্ৰদৰ্শন কৰিছিল।

বলিউড

তেওঁলোকে ২০১৪ চনত 'হাইৱে' ছবিখনত 'পাটাখা গুডি' গানৰ সৈতে বলিউডত প্ৰথম সুযোগ লাভ কৰিছিল। এই ছবিৰ সংগীত পৰিচালক এ. আৰ. ৰহমানৰ আছিল। তেওঁলোকে কণ্ঠদান কৰা চিনেমাবোৰৰ ভিতৰত আছে 'চুলতান', 'মিৰ্জায়া', 'দঙ্গল', 'জব হেৰী মেট চেজল' আৰু 'ভাৰত'।

ডিস্ক'গ্ৰাফী

  • চুফী মেজিক ফ্ৰম নুৰান চিষ্টাৰ্চ (লাইভ)
  • ছন্নো
  • মেৰি মা বেষ্ট অফ দুৰ্গা মাতা জাগৰণ ভেণ্ট এণ্ড ভজন বীৰেন্দ্ৰ সিং

ফিল্ম'গ্ৰাফী

  • 'হাইৱে' (২০১৪)
  • 'সিং ইছ ব্লিং' (২০১৫)
  • 'দম লগা কে হাইশা' (২০১৫)
  • 'তনু ৱেডছ মনু: ৰিটাৰ্ণ' (২০১৫)
  • 'পায়ূম পুলি' (২০১৫)
  • 'চুলতান' (২০১৬)
  • 'মিৰ্জায়া' (২০১৬)
  • 'চাৰ চাহিবজাদে: ৰাইছ অফ বান্দা সিং বাহাদুৰ' (২০১৬)
  • 'ডংগল' (২০১৬)
  • 'জব হেৰী মেট চেজল' (২০১৭)
  • 'কাৰিব কাৰিব চিংগেল' (২০১৭)
  • 'বগান' (২০১৭)
  • 'টাইগাৰ জিন্দা হে' (২০১৭)
  • 'চাহেব, বিবি অৰ গেংষ্টাৰ ৩' (২০১৮)
  • 'মনমাৰ্জিয়া' (২০১৮)
  • 'জিৰ'' (২০১৮)
  • 'ভাৰত' (২০১৯)

পুৰস্কাৰ আৰু মনোনয়ন

  • গিমা বঁটা ২০১৫২
  • স্ক্ৰীণ পুৰস্কাৰ৩
চনশিতানমনোনীত গীতএলবামফলাফলউৎস
মিৰ্ছি মিউজিক এৱাৰ্ড
২০১৪বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী"পাটাখা গুডি"'হাইৱে'rowspan=2৪
অনাগত বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী
২০১৫বৰ্ষশ্ৰেষ্ঠ ইণ্ডি পপ গীত"টেৰীয়া টু জানে"কোক ষ্টুডিঅ' এমটিভি - S04E01rowspan=2৫
২০১৭"কমলী"-৬
মিৰ্ছি মিউজিক এৱাৰ্ড পঞ্জাবী
২০১৫বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী"জিন্দে মেৰিয়ে"'কিচ্ছা পঞ্জাব'৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 January 2014). Highway to Fame. India Express
  2. ↑ GIMA » Winners for 2015
  3. ↑ (30 January 2015). And the AWARD goes to…. Indian Express
  4. ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
  5. ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
  6. ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
  7. ↑ MMA Mirchi Music Awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীসংগীত গোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰান চিষ্টাৰ্চ” প্ৰবন্ধৰ সংশোধন ২৬৩৯৬৪ (২১ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।