অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কালিকাপ্ৰসাদ ভট্টাচাৰ্য

কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰ শিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য।

হালনাগাদ: ২ ডিচেম্বৰ ২০২৫ ৪৬৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰ শিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য। ১৯৯৯ চনত তেওঁ উত্তৰবঙ্গ আৰু পূৰ্ববঙ্গৰ পল্লীগান আৰু লোকসঙ্গীতৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে লোকসংগীতৰ দল দোহাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহযোগী প্ৰতিষ্ঠাপক হয়।

তেওঁ দেশ-বিদেশত অসম আৰু উত্তৰ-পূব ভাৰতৰ চিলেটী গীত, বিহু, বাউল, কামৰূপী, ভাৱাইয়া গীত পৰিৱেশন কৰিছিল। তেওঁ কেইবাখনো চলচ্চিত্ৰৰ গীততো অৰিহণা আগ বঢ়াই গৈছে‍। তেওঁৰ অন্তিমখন চলচ্চিত্ৰ আছিল ভুৱন মাঝি (২০১৭)।

শৈশৱকাল

অসমৰ শিলচৰত থকা ভট্টাচাৰ্যৰ ঘৰখনেই আছিল তেওঁৰ সংগীত জীৱনৰ প্ৰাথমিক আধাৰ। ছন্দ আৰু সুৰৰ মাজতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তবলা বজাই সংগীত জগতত তেওঁ প্ৰৱেশ কৰে আৰু ক্ৰমান্বয়ে‍ আন আন বাদ্যযন্ত্ৰ বজাবলৈ শিকে‍। তেওঁ কণ্ঠ সংগীতৰো প্ৰশিক্ষণ দিছিল। সংগীত আছিল তেওঁৰ গভীৰ আগ্ৰহৰ বিষয়; অৱশেষত তেওঁ উত্তৰবঙ্গ আৰু উত্তৰ-পূব ভাৰতৰ সংগীতৰ প্ৰতি আকৰ্ষিত হয়। তাৰ পিছত‍েই আৰম্ভ হয় ঐতিহ্যবাহী ব্যক্তিৰ গীতৰ সন্ধান যিবোৰ প্ৰাণৱন্ত, সুৰীয়া আৰু সৰ্বজনীন লোকসংগীতৰ সুৰ বিৰাজমান, যিবোৰ গীত বহুতৰে অপৰিচিত আৰু অজ্ঞাত। ১৯৯৫ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্য বিভাগত নামভৰ্তি কৰে। ১৯৯৮ চনত লোকসংগীতৰ গৱেষণাৰ বাবে "ইণ্ডিয়া ফাউণ্ডেচন ফৰ দ্য আৰ্টছ" ৰ পৰা অনুদান লাভ কৰি বংগলৈ‍ গুচি যায় ১।

দোহাৰ

কালিকাপ্ৰসাদে ১৯৯৯ চনত দোহাৰ প্ৰতিষ্ঠা কৰে। ই এক লোকসঙ্গীতৰ দল; লোকগীতক তেওঁ নিজৰ সৃষ্টিশীল প্ৰতিভাৰে‍ বৃহৎ সংখ্যক মানুহৰ কাষ চপাবলৈ কাম কৰিছিল। দোহাৰৰ উপস্থাপন আছিল স্পষ্টভাৱে মৌলিক। তেওঁলোকৰ কৰ্মক্ষমতাত আশ্চৰ্যজনকভাৱে নগৰীয়া অনুভূতি একত্ৰিত কৰাৰ ক্ষমতা আছিল। তেওঁৰ গীতসমূহ একেলগে আছিল গৱেষণা আৰু মনোৰঞ্জন। ইতিমধ্যে দোহাৰে‍ কনকৰ্ড ৰেকৰ্ডৰ পৰা কালিকাপ্ৰসাদ পৰিচালিত লোকগীতৰ ৯টি‍ এলবাম মুকলি কৰিছে।

সংগীত কেৰিয়াৰ

কালিকাপ্ৰসাদ ভট্টাচাৰ্যই হিন্দী আৰু বাংলা চলচ্চিত্ৰত কেইবাটাও প্লেবেক গীত গাইছে‍। অশোক বিশ্বনাথ পৰিচালিত হিন্দী চলচ্চিত্ৰ গুমশুদাত তেওঁৰ গীত আছিল। ২০০৭ চনত তেওঁ সুমন মুখোপাধ্যায় পৰিচালিত বাংলা চিনেমা চতুৰঙ্গৰ বাবে গীত গাইছিল। ২০০৮ চনত তেওঁ গৌতম ঘোষ পৰিচালিত আৰু ভাৰত-বাংলাদেশৰ যৌথ প্ৰকল্পৰ বাংলা চলচ্চিত্ৰ মনেৰ মানুষ (সোণালি ময়ূৰ বঁটা বিজয়ী)ৰ বাবে গীত গাইছিল। এইখন সুনীল গঙ্গোপাধ্যায়ৰ উপন্যাসৰ আধাৰত ফকিৰ লালন শ্বাহৰ জীৱন আৰু দৰ্শনক লৈ‍ নিৰ্মিত চলচ্চিত্ৰ। বাংলা চলচ্চিত্ৰ জাতি‍শ্বৰ এখন ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বিজয়ী চিনেমা; এইখন শ্ৰীজিত মুখাৰ্জী পৰিচালিত এখন চলচ্চিত্ৰ, য'ত কালিকাপ্ৰসাদ ভট্টাচাৰ্যই ২০১৪ চনতে‍ গীত গাইছিল। ২০১২ চনত কালিকাপ্ৰসাদৰ গৱেষণামূলক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী আৰু বাতৰি কাকতত প্ৰকাশিত হয়।

লোকসংগীত ভক্তি

ভট্টাচাৰ্য আছিল গ্ৰাম বাংলাৰ আত্মা আৰু হৃদয়ৰ প্ৰতি নিৱেদিত। তেওঁ সহজ পৰবৰ প্ৰতিষ্ঠাপক সংগঠক আছিল। এই সংগঠনৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ বিভিন্ন কামত নিজকে জড়িত কৰিছিল। তেওঁ ‘সা ৰে গা মা পা’ অনুষ্ঠানত বাংলা লোকসংগীতৰ প্ৰচাৰ কৰিছিল আৰু বিশ্বজুৰি প্ৰশংসিত হৈছিল। জী বাংলা টিভি চেনেলে ভট্টাচাৰ্যৰ প্ৰতিভা প্ৰতিষ্ঠা কৰিলে, তেওঁৰ শিল্পকলা কেৱল বাঙালীৰ মাজতে সীমাবদ্ধ থাকিব নালাগে, বৰং ভাষাৰ পৰিধি‍ ভাঙি জনসাধাৰণৰ মাজলৈ বিস্তাৰ সম্প্ৰসাৰিত হ'ব লাগে, যিদৰে পাঞ্জাৱী লোকগীতৰ ক্ষেত্ৰত হৈছে‍।

পুৰস্কাৰ

২০১৩ চনত কালিকাপ্ৰসাদক তেওঁৰ অনন্য সৃষ্টি আৰু সংগীতৰ উৎকৰ্ষৰ বাবে পশ্চিমবঙ্গ চৰকাৰে‍ "সংগীত সন্মান বঁটা" প্ৰদান কৰে। ২০১৩ চনত গুৱাহাটীৰ ৰেহাই ব্যতিক্ৰম গ্ৰুপৰ তৰফৰ পৰা উত্তৰ-ৰ্বাঞ্চলৰসাংস্কৃতিক ৰাষ্ট্ৰদূত বঁটা লাভ কৰে।

মৃত্যু

২০১৭ চনৰ ৭ মাৰ্চত হুগলী জিলাৰ গুৰাপ গাঁৱৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ India Foundation for the Arts

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীবঙালী কণ্ঠশিল্পীলোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালিকাপ্ৰসাদ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৬০৩২৭ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।