অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ

বিজয়লক্ষ্মী নৱনীতাকৃষ্ণন (জন্ম: ২৭ জানুৱাৰী, ১৯৪৬) এগৰাকী তামিল লোক কণ্ঠশিল্পী, সুৰকাৰ আৰু তামিল লোক কলাৰ প্ৰসিদ্ধ ভাষ্যকাৰ। শেহতীয়াকৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছে। তেওঁৰ স্বামী এম.

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিজয়লক্ষ্মী নৱনীতাকৃষ্ণন (জন্ম: ২৭ জানুৱাৰী, ১৯৪৬) এগৰাকী তামিল লোক কণ্ঠশিল্পী, সুৰকাৰ আৰু তামিল লোক কলাৰ প্ৰসিদ্ধ ভাষ্যকাৰ। শেহতীয়াকৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছে। তেওঁৰ স্বামী এম. নৱনীতাকৃষ্ণনৰ সৈতে একেলগে তেওঁ তামিল লোক সংগীত আৰু তামিল নৃত্যৰ ওপৰত কেইবা বছৰ ধৰি গৱেষণা আৰু অধ্যয়ন চলাইছে। তেওঁলোকে প্ৰাচীন তামিল লোক গীত আৰু নৃত্যৰ ওপৰত গৱেষণা, সংগ্ৰহ, পুনৰুজ্জীৱন আৰু নথিপত্ৰৰ বাবে তেওঁৰ জীৱন সমৰ্পিত কৰিছে। এই কলাসমূহৰ অধিকাংশই দ্ৰুতগতিত অপ্ৰচলিত হৈ পৰিছে। নিজা ক্ষেত্ৰখনত কণ্ঠশিল্পীগৰাকীৰ অনন্য বৰঙণিৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ২০১৮ বৰ্ষৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আগবঢ়াইছে।

জীৱনী

বিজয়লক্ষ্মীৰ জন্ম হৈছিল ৰাজপালায়মৰ ওচৰৰ চিন্নাসুৰাইগায়ামপট্টি। তেওঁৰ পিতৃৰ নাম পুন্নুস্বামী আৰু আৰু মাতৃৰ নাম মুকাম্মাল। তেওঁ এগৰাকী পি.এইচ.ডি. ডিগ্ৰীধাৰী ব্যক্তি। তেওঁ মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ কলা ইতিহাস আৰু নান্দনিক সূক্ষ্ম কলা বিভাগৰ লোক কলা কেন্দ্ৰত অধ্যাপক হিচাপে কাম কৰিছিল। তেওঁৰ স্বামী ড° নৱনীতাকৃষ্ণনও একেখন ক্ষেত্ৰৰ অধ্যাপক।

মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা লোক কলা আৰু সংস্কৃতি বিভাগৰ অধ্যাপক হিচাপে অৱসৰ লোৱাৰ পিছত, দম্পতীহালে লোককলা আৰু সংস্কৃতিৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখে। তেওঁলোকৰ দলৰ সৈতে কৰা তেওঁলোকৰ পৰিৱেশনসমূহ বিশ্বজুৰি তামিল লোক সংগীতৰ বিশেষজ্ঞ আৰু অনুৰাগীসকলৰদ্বাৰা সমাদৃত। দম্পতীহালে প্ৰামাণিক তামিল লোক সংগীতৰ কেইবাটাও এলবাম উলিয়াইছে। প্ৰামাণিক লোক সংগীতৰ ১০,০০০ তকৈও অধিক অডিঅ' কেছেট ৰেকৰ্ড কৰাৰ পিছত, দম্পতীহালে এতিয়া তামিল লোক সংগীতৰ এক ব্যাকৰণ আৰু সহায়িকা সৃষ্টি কৰিবলৈ এই বিস্তৃত সংগ্ৰহৰ শ্ৰেণীবিভাজনৰ দিশত কাম কৰি আছে। তেওঁলোকে তামিল লোককলাৰ এক বিশ্বকোষ সংকলন কৰাৰ পৰিকল্পনা কৰিছে।

ড° বিজয়লক্ষ্মী নৱনীতাকৃষ্ণনে তামিল লোক কলাৰ ওপৰত মুঠ ২৩টা প্ৰবন্ধ প্ৰকাশ কৰিছে। তেওঁ লোক কলা, সংগীত আৰু নৃত্যৰ ওপৰত ৰেডিঅ'ত মুঠ ত্ৰিশটা বক্তৃতা প্ৰদান কৰিছে। ড° বিজয়লক্ষ্মী নৱনীতাকৃষ্ণন আৰু তেওঁৰ স্বামী ড° নৱনীতাকৃষ্ণনে একেলগ হৈ উক্ত ক্ষেত্ৰখনৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ৰ ওপৰত এঘাৰখন কিতাপ ৰচনা কৰিছে। তেওঁ লোকগীতৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল।

বঁটা

তামিলনাডু চৰকাৰে তেওঁৰ কামৰ প্ৰশংসা কৰি কলাইমামণি বঁটা প্ৰদান কৰিছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত ড° বিজয়লক্ষ্মী নৱনীতাকৃষ্ণনক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (26 January 2018). 6 Padma awardees are pride and joy of Tamil Nadu. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৩৮২০৭৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।