অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীতা সেন

নীতা সেন (Neeta Sen; ১৩ নৱেম্বৰ ১৯৩৫ – ১ এপ্ৰিল ২০০৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিচালিকা আৰু গায়িকা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নীতা সেন (Neeta Sen; ১৩ নৱেম্বৰ ১৯৩৫ – ১ এপ্ৰিল ২০০৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিচালিকা আৰু গায়িকা।

কৰ্মজীৱন

ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰশিক্ষিত নীতা সেন কলকাতাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নীতা সেনে তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ত আধুনিক বঙালী সংগীতৰ ওপৰত মনোনিবেশ কৰিছিল। ১৯৭৭ চনত তেওঁ এ কে চেটাৰ্জীৰ দ্বাৰা পৰিচালিত আৰু বিশ্বজিৎ, সংগীতা ৰয় আৰু সুলোচনাৰ অভিনীত বঙালী ছবি 'বাবা তাৰকনাথ'ৰ জৰিয়তে বাণিজ্যিক সফলতা অৰ্জন কৰে। তেওঁ "কৃষ্ণ ভক্ত সুধামা"ৰ দৰে অধিক বঙালী ছবিত সংগীত পৰিচালনা কৰিছিল।১ ব্যক্তিগতভাৱে তেওঁ এগৰাকী গভীৰ ভক্ত ব্যক্তি আছিল। কামৰ পৰৱৰ্তী বছৰবোৰত তেওঁ ভক্তিমূলক ছবি, টেলিভিছন ধাৰাবাহিক আৰু সংগীত এলবামৰ প্ৰায় সম্পূৰ্ণ আধিপত্য আছিল।

তেওঁ 'ৰক্ত জবা', 'নন্দন' (১৯৭৯),২ সীতা (১৯৮০),২ 'গোলাপ বৌ' (১৯৭৭),২ 'সোণাৰ বাংলা' (১৯৮২) আৰু 'বাবা লোকনাথ' (১৯৯৪) আদি কেইবাটাও প্ৰদৰ্শিত চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল।

ব্যক্তিগত জীৱন

১৯৩৫ চনৰ ১৩ নৱেম্বৰত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ জগদীশ বৰধন আৰু মাতৃ আভা বৰধন। তেওঁৰ তিনিজন ভনী আৰু এজন ভায়েক আছিল। তেওঁ সুনীল সেনক বিয়া কৰাইছিল লগতে তেওঁলোকৰ এটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তান আছিল। তেওঁৰ নাতিনী ৰিমঝিম সেন বলিউডত ফেশ্বন ডিজাইনিংৰ সৈতে জড়িত।

অন্তিম ৰোগ আৰু মৃত্যু

নীতাই তেওঁৰ পিছৰ বছৰবোৰত মাংস খোৱা এৰি দিছিল। তেওঁ কম বয়সতে কোলিটিছত ভোগে। ২০০৬ চনৰ ৩১ মাৰ্চত তেওঁৰ পেটৰ তীব্ৰ বিষ হোৱা আৰম্ভ হয় আৰু ২০০৬ চনৰ ১ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Krishna Bhakta Sudama | Bollywood Movies | Hindi film songs. Earthmusic.net
  2. ↑ Film songs of Hemanta Mukherjee. Faculty.ist.unomaha.edu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতা সেন” প্ৰবন্ধৰ সংশোধন ৩৮১৫৮০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।