অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুকেশ

মুকেশ চন্দ মাথুৰ (मुकेश; ২২ জুলাই, ১৯২৩ - ২৭ আগষ্ট, ১৯৭৬) এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেওঁ মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাপে গণ্য হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৯১০ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মুকেশ চন্দ মাথুৰ (मुकेश; ২২ জুলাই, ১৯২৩ - ২৭ আগষ্ট, ১৯৭৬) এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেওঁ মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাপে গণ্য হয়।১২৩ তেওঁ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসংখ্যবাৰ মনোনয়ন পোৱাৰ লগতে ১৯৭৩ চনত মুক্তি পোৱা "ৰজনীগন্ধা" চলচ্চিত্ৰৰ "কোই বাৰ য়ুহি দেখা হ্যায়" গীতটোত কণ্ঠ দিয়াৰ বাবে পুৰস্কাৰ লাভ কৰে। তেওঁ ৰাজ কাপুৰ, মনোজ কুমাৰ, ফিৰোজ খান, সুনীল দত্ত আৰু দিলীপ কুমাৰৰ কণ্ঠ দিয়াৰ বাবেও জনপ্ৰিয় হৈছিল।৪

প্ৰাৰম্ভিক জীৱন

মুকেশৰ জন্ম ১৯২৩ চনৰ ২২ জুলাই তাৰিখে দিল্লীৰ এটা মাথুৰ কায়স্থ পৰিয়ালত হৈছিল।৫৬৭ তেওঁৰ পিতৃ আছিল জোৰাৱৰ চন্দ মাথুৰ, এগৰাকী অভিযন্তা, আৰু মাতৃ আছিল চন্দ্ৰাণী মাথুৰ। মুকেশ দহজন ভাই-ভনীৰ মাজত ষষ্ঠজন আছিল। তেওঁৰ ভনী সুন্দৰ প্যাৰীক সংগীত শিকাবলৈ যোৱা সংগীত শিক্ষকে মুকেশক কাষৰ কোঠাৰ পৰা শুনি থকা অৱস্থাত দেখিবলৈ পাই তেওঁকো শিকাবলৈ আৰম্ভ কৰে। মুকেশে দশম শ্ৰেণীৰ পিছতে বিদ্যালয় এৰি দিয়ে আৰু অলপ সময়ৰ বাবে সাৰ্বজনিক কামকাজ বিভাগত কাম কৰে। দিল্লীত কাম কৰি থাকোঁতে তেওঁ নিজৰ কণ্ঠ ৰেকৰ্ড কৰাৰ জৰিয়তে সংগীতৰ প্ৰতি আগ্ৰহ আৰু দক্ষতা বিকাশ ঘটায়, লগতে বাদ্যযন্ত্ৰ বজাতো অভ্যাস কৰে।৮

সংগীত জীৱন

মুকেশৰ কণ্ঠ প্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিল তেওঁৰ দূৰ আত্মীয় মোতিলালে, যেতিয়া মুকেশে তেওঁৰ ভনীৰ বিয়াত গান গাইছিল। মোতিলালে মুকেশক মুম্বাই লৈ গৈ পণ্ডিত জগন্নাথ প্ৰসাদৰ ওচৰত সংগীত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এই সময়ছোৱাত মুকেশক হিন্দী চলচ্চিত্ৰ নিৰ্দোষ (১৯৪১)ৰ বাবে অভিনেতা-গায়ক হিচাপে নিযুক্ত কৰা হয়। নিৰ্দোষ ছবিখনত অভিনেতা-গায়ক হিচাপে তেওঁৰ প্ৰথম গান আছিল "দিল হি বুঝা হুয়া হো তো", যি নীলকণ্ঠ তিৱাৰীয়ে লিখিছিল। ১৯৪৫ চনৰ পেহলি নজৰ চলচ্চিত্ৰৰ বাবে মোতিলালৰ ওপৰত গোৱা "দিল জলতা হে তো জলনে দে" গানটো আছিল তেওঁৰ প্লেবেক গায়ক হিচাপে প্ৰথম জনপ্ৰিয় গান, যাৰ সুৰ কৰিছিল অনিল বিশ্বাসে আৰু গানৰ কলি আছিল আঃ সিতাপুৰীৰ।

মুকেশ কে. এল. ছেইগলৰ ডাঙৰ অনুৰাগী আছিল, আৰু নিজৰ আৰম্ভণিৰ দিনত তেওঁ ছেইগলক অনুকৰণ কৰিছিল।৯১০ এনে বুলি কোৱা হয় যে, যেতিয়া ছেইগলে "দিল জলতা হে..." গানটো শুনিছিল, তেওঁ কৈছিল, "আশ্চৰ্য, এইটো মই গোৱা বুলি মনত পৰে নহয়।" ৯

পাছত সংগীতকাৰ নৌসাদ আলিৰ সহায়ত মুকেশে নিজস্ব গায়কী শৈলী গঢ়ি তোলে। নউসাদে তেওঁৰ ছেইগল ধৰণৰ কণ্ঠৰ পৰা আঁতৰাই তেওঁৰ নিজৰ শৈলী বিকাশ ঘটাবলৈ সহায় কৰিছিল। নউসাদে তেওঁক আন্দাজ ছবিত গান গোৱাৰ সুযোগ দিছিল। আৰম্ভণিত মুকেশ দিলীপ কুমাৰৰ প্লেবেক কণ্ঠ আছিল আৰু মহম্মদ ৰফি আছিল ৰাজ কাপুৰৰ বাবে। মুকেশে নৌসাদৰ সৈতে অনোখি আদা (১৯৪৮), মেলা (১৯৪৮), আৰু আন্দাজ (১৯৪৯)-ত বহু জনপ্ৰিয় গান গাইছিল। অন্যান্য সংগীতকাৰ যেনে অনিল বিশ্বাস, শংকৰ-জয়কিশন, আৰু সলিল চৌধুৰীে তেওঁৰ কণ্ঠত দিলীপ কুমাৰৰ বাবে বহুজনপ্ৰিয় গান ৰেকৰ্ড কৰিছিল। পিছত দিলীপ কুমাৰে মহম্মদ ৰফিক নিজৰ প্লেবেক কণ্ঠ হিচাপে বাছি লয় আৰু মুকেশ ৰাজ কাপুৰৰ প্লেবেক কণ্ঠ ৰূপে প্ৰতিষ্ঠিত হয়।

মুকেশে শংকৰ-জয়কিশনৰ সংগীতত সৰ্বাধিক ১৩৩টা গান গাইছিল, যাৰ পিছতেই কল্যাণজী-আনন্দজীৰ সংগীতত ৯৯টা গান আছিল। তেওঁ লাভ কৰা ৪টা ফিল্মফেয়াৰ বঁটাৰ ভিতৰত ৩টা শংকৰ-জয়কিশনৰ সংগীতৰ গানৰ বাবে আছিল।

১৯৭৪ চনত মুকেশে ৰজনীগন্ধা (১৯৭৪) ছবিৰ "কয়ি বাৰ য়ূহি দেখা হ্যায়" গানৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ অনাৰী (১৯৫৯)-ৰ "সব কুছ শিখা হামনে", পহচান (১৯৭০)-ৰ "সবসে বডা নাদান ৱহি হে", বেইমান (১৯৭২)-ৰ "জয় বলো বেইমান কী" আৰু কভী কভী (১৯৭৬)-ৰ "কভী কভী মেৰে দিল মে" গানসমূহৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। মুকেশে প্ৰায় ১,৩০০টা গান গাইছিল। এই সংখ্যা তেওঁৰ সমসাময়িক কিছুমান গায়কৰ তুলনাত কম হ’লেও, মুকেশে পৰিমাণৰ ওপৰত গুণমানক প্ৰাধান্য দিছিল। ১৯৭০ চনৰ দশকত তেওঁৰ গোৱা গানৰ সংখ্যা কম হোৱাৰ কাৰণ আছিল তেওঁৰ শৰীৰিক অসুস্থতা, বিশেষকৈ হৃদৰোগ।

মুকেশে কল্যাণজী-আনন্দজীৰ সংগীতত বহু প্ৰসিদ্ধ গান গাইছিল। তেওঁ কল্যাণজী-আনন্দজীৰ সংগীতত "নেয়না হে যাদু ভৰে..." (বেন্দাৰ্দ জামানা ক্যা জানে, ১৯৫৮), "ম্যায় হুঁ মস্ত মাদাৰী..." (মাদাৰী, ১৯৫৯) পৰা "চাহে আজ মুঝে নাপছন্দ কৰো" (দাৰিন্দা, ১৯৭৭) পৰ্যন্ত বহু গান গাইছিল। ইয়াত "ছালিয়া মেৰা নাম...", "মেৰে টুটে হুয়ে দিল ছে...", "ডুম ডুম দিগা দিগা" (ছালিয়া, ১৯৫৯), "মুঝকো ইস ৰাত কি তানহাই মে..." (দিল ভি তেৰা হম ভি তেৰে, ১৯৬০), "হম ছোড় চলে হ্যায় মেহফিল কো..." (জী চাহতা হে), "চল মেৰে দিল লেহৰাকে চল..." (ইশাৰা), "ধীৰে সে চলো..." (জোহাৰ মেহমুদ ইন গোয়া), "ম্যায় তো এক খ্বাব হুঁ...", "চাঁদ ছি মেহবুবা হো..." (হিমালয় কি গোদ মে, ১৯৬৫), "ৱক্ত কৰতা জো ৱফা..." (দিল নে পুকাৰা), "দিৱানো সে য়ে মত পুচ্ছো..." (উপকাৰ), "খুশ ৰহো হৰ খুশি হে..." (সুহাগ ৰাত), "হমসফৰ অব য়ে সহৰ কট যায়েগা..." (জুৱাৰী), "চাঁদিৰ দিৱাৰ..." আৰু "লে চল লে চল মেৰে জিৱন সাথী..." (বিশ্বাস, ১৯৬৯), "কই জব তুম্‌হাৰা হৃদয় তোড় দে..." (পূৰ্ব ঔৰ পশ্চিম), "দৰ্পন কো দেখা়..." (উপাসনা), "জো তুমকো হো পছন্দ..." (সফৰ), "মুঝে নেহী পুছনি তুমসে বীতী বাতেঁ..." (অঞ্জান ৰাহেঁ, ১৯৭০) আদি উল্লেখযোগ্য।

তেওঁৰ কণ্ঠত গোৱা সকলো গানৰ ভিতৰত "কহিঁ দূৰ জব দিন ঢল যায়" (আনন্দ, ১৯৭১), "এক প্যাৰ কা নগ্মা হে" (শোৰ, ১৯৭২), "ম্যেয়নে তেৰে লিয়ে হি সাত ৰং কে" (আনন্দ, ১৯৭১), "সব কুছ শিখা হামনে" (অনাৰী, ১৯৫৯), "জীনা এহাঁ মাৰনা এহাঁ" আৰু "কেহতা হে জোকাৰ" (মেৰা নাম জোকাৰ, ১৯৭১) গানসমূহ বিশেষকৈ জনপ্ৰিয়।১১

তেওঁ ১১০টা গান ৰাজ কাপুৰৰ বাবে, ৪৭টা গান মনোজ কুমাৰৰ বাবে আৰু ২০টা গান দিলীপ কুমাৰৰ বাবে গাইছিল।

অভিনেতা আৰু প্ৰযোজক হিচাপে

মুকেশে তেওঁৰ অভিনয় জীৱন আৰম্ভ কৰে ১৯৪১ চনত, ‘‘নিৰ্দোষ’’ নামৰ ছবিখনত অভিনেতা-গায়ক হিচাপে। এই চলচ্চিত্ৰত তেওঁৰ বিপৰীতে নলিনী জয়ৱন্ত আছিল। তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ আছিল ‘‘আদাব অৰ্জ’’ (১৯৪৩)। মুকেশে ৰাজ কাপুৰৰ ১৯৫৩ চনৰ ‘‘আহ’’ নামৰ ছবিখনত অতিথি চৰিত্ৰত অভিনয় কৰে। ১৯৫৩ চনত ‘‘মাশুকা’’ ছবিখনত ছুৰাইয়াৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰে। ‘‘অনুৰাগ’’ (১৯৫৬) নামৰ ছবিখনত উষা কিৰণ আৰু মৃদুলা ৰাণীৰ বিপৰীতে অভিনয় কৰাৰ লগতে তেওঁ এই ছবিখন সহ-প্ৰযোজক আৰু সুৰকাৰো আছিল। মুকেশে ‘‘মলহাৰ’’ (১৯৫১) নামৰ এখন চলচ্চিত্ৰো প্ৰযোজনা কৰিছিল, য’ত অৰ্জুন আৰু শাম্মি কেন্দ্ৰীয় চৰিত্ৰত আছিল।১২১৩১৪

প্ৰশংসা

মুকেশ ভাৰতৰ প্ৰসিদ্ধ স্পিন বলাৰ ভগৱত চন্দ্ৰশেখৰৰ অতি প্ৰিয় গায়ক আছিল। কেতিয়াবা খেলৰ সময়ত যদি মুকেশৰ গানৰ ধ্বনি কাণত পৰিছিল, তেতিয়া চন্দ্ৰশেখৰে হাত জোকাৰি প্ৰতিক্ৰিয়া দিয়া মুহূৰ্তত সমগ্ৰ ৰঙালৈ উল্লাস বিয়পি পৰিছিল। সুনীল গাভাস্কাৰে লিখিছিল যে তেওঁ কেতিয়াবা চন্দ্ৰশেখৰক উৎসাহিত কৰিবলৈ নিজেও মুকেশৰ গান গুণগুণাইছিল। চন্দ্ৰশেখৰৰ এই সংগীত প্ৰেমে দলৰ অন্য সদস্য কিৰমাণী, গুণ্ডাপ্পা বিশ্বনাথ আৰু কিছুমান সাংবাদিককো প্ৰভাৱিত কৰিছিল।১৫

২০১৬ চনত গুগলে মুকেশৰ ৯৩সংখ্যক জন্মদিন উপলক্ষে তেওঁক সন্মান জনাই ডুডল প্ৰকাশ কৰিছিল।১৬১৭

২০২৪ চনত ভাৰতীয় ডাক বিভাগে তেওঁৰ ১০০সংখ্যক জন্মবাৰ্ষিকীত মুকেশক উচ্ছিত কৰিবলৈ এখন স্মাৰক ডাকটিকট প্ৰকাশ কৰে।১৮১৯

ব্যক্তিগত জীৱন

মুকেশে ৰাজচন্দ্ৰ ত্ৰিবেদীৰ ধনী কন্যা সৰল ত্ৰিবেদীৰ সৈতে বিবাহ কৰে।৮২০২১ ঘৰত থাকিবলৈ কোনো উপযুক্ত ঠাই নথকা, অনিয়মিত উপাৰ্জন, আৰু তেতিয়াৰ ভাৰতত চলচ্চিত্ৰৰ গায়কক 'অনৈতিক' পেচা হিচাপে বিবেচনা কৰা হৈছিল, এই সকলো কাৰণতে সৰলৰ পিতাৰ সন্মতি লাভ কৰা নাছিল। ফলস্বৰূপে, মুকেশ আৰু সৰলে পলাই গৈ বিবাহ কৰাত বাধ্য হয়। তেওঁলোকে ১৯৪৬ চনৰ ২২ জুলাই, মুকেশৰ ২৩তম জন্মদিনত কান্দিভলীৰ এখন মন্দিৰত বিবাহ কৰে, য'ত অভিনেতা মোতিলালৰ সহায় আৰু আৰ. ডি. মাথুৰৰ বাসভৱনৰ পৰা এই বিবাহ সম্পন্ন হয়। সেই সময়ত বহুতেই অশুভ ভবিষ্যৎবাণী কৰিছিল, বিবাহ বিচ্ছেদৰ কথা ক'লে, কিন্তু দুখ-দুৰ্দিন পাৰ হৈ দুয়োয়ে ১৯৭৬ চনৰ ২২ জুলাই তাৰিখে তেওঁলোকৰ ৩০সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰে, যাৰ চাৰিদিন পাছতে মুকেশ আমেৰিকালৈ যাত্ৰা কৰিছিল। এই দম্পতীত পাঞ্চটা সন্তান আছিল – ৰীতা, গায়ক নিতিন, নলিনী (মৃত্যু: ১৯৭৮), মোহনিশ আৰু নম্ৰতা (আম্ৰিতা)। অভিনেতা নীল নিতিন মুকেশ মুকেশৰ নাতি (নিতিনৰ পুত্ৰ)।৮

মৃত্যু

মুকেশৰ মৃত্যু হয় ১৯৭৬ চনৰ ২৭ আগষ্ট তাৰিখে ডেট্ৰইট, মিচিগান, আমেৰিকাত হৃদৰোগত আক্ৰান্ত হৈ। তেওঁ তাত এটা সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল।২২ সেই পুৱাই তেওঁ শোৱাৰ পৰা উঠি গা ধুবলৈ গৈছিল, আৰু ওলাই আহি বুকুৰ বিষৰ কথা কৈছিল। তেওঁক তৎক্ষণাত চিকিৎসালয় লৈ যোৱা হৈছিল, কিন্তু তেওঁক মৃত ঘোষণা কৰা হয়। অনুষ্ঠানৰ বাকী অংশটো লতা মংগেশকাৰ আৰু তেওঁৰ পুত্ৰ নিতিন মুকেশে সম্পন্ন কৰে।২৩ তেওঁৰ মৃতদেহ লতা মংগেশকাৰে ভাৰতলৈ অনাইছিল, য'ত চলচ্চিত্ৰ জগতৰ বহুজন অভিনেতা, কলাকাৰ আৰু অনুৰাগীৰ উপস্থিতিত এক বিশাল শৱদাহ অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁৰ মৃত্যুৰ খবৰ পাই অভিনেতা ৰাজ কাপুৰে কন্দি উঠিছিল আৰু কৈছিল, "মোৰ মাত হেৰাল" – যিটো কথা মুকেশৰ কণ্ঠৰ সৈতে ৰাজ কাপুৰৰ চলচ্চিত্ৰৰ অতি জনপ্ৰিয় গানসমূহৰ গভীৰ সংযোগৰ সাক্ষ্য বহন কৰে।২৪

মুকেশৰ মৃত্যুৰ পাছত, তেওঁৰ যিসকল গীত তেতিয়ালৈকে মুক্তি পোৱা নাছিল, সেইবোৰ ১৯৭৭ চনত ধৰ্ম বীৰ, অমৰ আকবৰ এন্থনী, খেল খেলাড়ি কা, দাৰিন্দা আৰু চান্দী সোণা আদি চলচ্চিত্ৰত মুক্তি দিয়া হয়। ১৯৭৮ চনতো মুকেশৰ গীত থকা আহুতি, পৰমাত্মা, তুমহাৰী কসম আৰু সত্যম শিৱম সুন্দৰম আদি ছবিৰ মুক্তিৰে তেওঁৰ কণ্ঠ বজাই ৰখা হয়। সত্যম শিৱম সুন্দৰম ছবিত মুকেশে তেওঁৰ অন্তিম চলচ্চিত্ৰ সংগীত ‘‘চঞ্চল শীতল নিৰ্মল কোমল’’ শশী কাপুৰৰ বাবে গাইছিল। ১৯৮০ৰ পৰা আৰম্ভ কৰি, মুকেশৰ কণ্ঠত বহু চলচ্চিত্ৰ মুক্তি পায়, যেনে: শয়তান মুজাৰিম, প্ৰেমিকা, পাথৰ সে টকৰ (১৯৮০), সাঁঝ কি বেলা, মৈলা আঁচল (১৯৮১), আৰোহী (১৯৮২), চোৰ মণ্ডলী (১৯৮৩), নিৰ্লজ্জ (১৯৮৫), লাভ এণ্ড গড (১৯৮৬), শুভ চিন্তক (১৯৮৯), আৰু তেওঁৰ শেষ জনা গীতযুক্ত চলচ্চিত্ৰ চান্দ গ্ৰহণ (১৯৯৭)।২৫

পুৰস্কাৰ

ভাৰতৰ প্ৰসিদ্ধ গায়কসকলক উত্সৰ্গা কৰা ২০১৬ চনৰ এখন ডাকটিকত মুকেশ
ভাৰতৰ প্ৰসিদ্ধ গায়কসকলক উত্সৰ্গা কৰা ২০১৬ চনৰ এখন ডাকটিকত মুকেশছবি: India Post, Government of India · GODL-India

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ

  • ১৯৭৪ – ৰাজনিগন্ধা চলচ্চিত্ৰৰ "কাই বাৰ ইউঁহি দেখা হে" গীতৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ

ফিল্মফেয়াৰ পুৰস্কাৰ

বিজয়ী

বছৰগীতচলচ্চিত্ৰসংগীত পৰিচালকগীতিকাৰ
১৯৫৯"সব কিছু শিখা হুমনে"আনাৰীশংকৰ জয়কিশনশৈলেন্দ্ৰ
১৯৭০"সবচে বড় নাদান"পহচানশংকৰ জয়কিশনবাৰ্মা মালিক
১৯৭২"জয় বলো বেইমান কি"বেইমানশংকৰ জয়কিশনবাৰ্মা মালিক
১৯৭৬"কভি কভি মেৰে দিল মে"কভি কভিখাইয়ামসাহিৰ লুধিয়ানভী

মনোনীত

বছৰগীতচলচ্চিত্ৰসংগীত পৰিচালকগীতিকাৰ
১৯৬২"হোঠোঁ পে সাচ্চাই ৰেহতি হে"যিস দেশ মে গঙ্গা বহতি হেশংকৰ জয়কিশনশৈলেন্দ্ৰ
১৯৬৫"দোস্ত দোস্ত না ৰহা"সঙ্গমশংকৰ জয়কিশনশৈলেন্দ্ৰ
১৯৬৮"সাৱন কা মাহিনা"মিলনলক্ষ্মীকান্ত-প্যাৰেলালআনন্দ বক্সী
১৯৭১"বস ইয়েহি অপৰাধ"পহচানশংকৰ জয়কিশননীৰজ
১৯৭২"জানে কহাঁ গয়ে ৱো দিন"মেৰা নাম জোকাৰশংকৰ জয়কিশনহাস্‌ৰত জয়পুৰী
১৯৭২"কহিঁ দূৰ জব দিন ঢল যায়ে"আনন্দসলিল চৌধুৰীযোগেশ
১৯৭৩"এক পেয়াৰ কা নগ্‌মা হে"শোৰলক্ষ্মীকান্ত-প্যাৰেলালসন্তোষ আনন্দ
১৯৭৫"ম্যাঁ না ভুলুঙা"ৰোটি কাপড়া অউৰ মকানলক্ষ্মীকান্ত-প্যাৰেলালসন্তোষ আনন্দ
১৯৭৭"এক দিন বিক যায়েগা"ধৰ্ম কৰ্মআৰ. ডি. বৰ্মনমজৰুহ সুলতানপুৰী
১৯৭৭"ম্যাঁ পল দো পল কা সহায়ৰ হুঁ"কভি কভিখাইয়ামসাহিৰ লুধিয়ানভী
১৯৭৮"সুহানি চান্দনি ৰাতেঁ"মুক্তিআৰ. ডি. বৰ্মনআনন্দ বক্সী
১৯৭৮"চঞ্চল শীতল নিৰ্মল কোমল"সত্যম শিৱম সুন্দৰমলক্ষ্মীকান্ত-পিয়াৰেলালআনন্দ বক্সী

বেংগল ফিল্ম জাৰ্নেলিষ্টছ’ এছ’চিয়েচন পুৰস্কাৰ

বিজয়ী

  • ১৯৬৭ – তিসৰি কসম চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী২৬
  • ১৯৬৮ – মিলন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী২৭
  • ১৯৭০ – সৰস্বতীচন্দ্ৰ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী২৮

চলচ্চিত্ৰত অংশগ্ৰহণ

অভিনেতা হিচাপে:

চলচ্চিত্ৰবছৰ
নিৰ্দোষ১৯৪১
আদাব আৰ্জ১৯৪৩
আহ১৯৫৩
মাশুকা
অনুৰাগ১৯৫৬

গায়ক হিচাপে:

চলচ্চিত্ৰবছৰ
নিৰ্দোষ১৯৪১
পেহলি নজৰ১৯৪৫
মেলা১৯৪৮
আগ১৯৪৮
সুহাগ ৰাত১৯৪৮
বিদ্যা১৯৪৮
অনোখি আদা১৯৪৮
আন্দাজ১৯৪৯
বৰসাত১৯৪৯
আৱাৰা১৯৫১
শীশম১৯৫২
আহ১৯৫৩
শ্ৰী ৪২০১৯৫৫
অনুৰাগ১৯৫৬
পৰ্বাৰিশ১৯৫৮
ফিৰ সুবাহ হোয়ী১৯৫৮
ইহুদি১৯৫৮
আনাৰি১৯৫৯
যিস দেশ মে গঙ্গা বহতী হে১৯৬১
ছালিয়া১৯৬০
বোম্বাই কা বাবু১৯৬০
হুম হিন্দুস্তানি১৯৬০
বাঞ্জাৰিন১৯৬০
মেৰা ঘৰ মেৰে বাচ্চে১৯৬০
ফুল বনেঙে অংগাৰে১৯৬৩
আশিক১৯৬২
ৰাজনীগন্ধা১৯৭৪
এক দিল ছাও আফসানে১৯৬৩
দিল হি তো হে১৯৬৩
আকেলি মত যায়ো১৯৬৩
পৰাস্মণি১৯৬৩
জী চাহতা হে১৯৬৪
সঙ্গম১৯৬৪
ইশাৰা১৯৬৪
ছোটি ছোটি বাতেঁ১৯৬৫
হিমালয় কি গদ মেঁ১৯৬৫
লাল বংলা১৯৬৬
তিসৰী কসম১৯৬৬
বুন্দ জো বন গয়ী মোতি১৯৬৭
গুনাহোঁ কা দেৱতা১৯৬৭
ৰাত অউৰ দিন১৯৬৭
সাৰস্বতীচন্দ্ৰ১৯৬৮
সম্পৰ্ক১৯৬৯
বিশ্বাস১৯৬৯
হোলি আই ৰে১৯৭০
মেৰী নাম জোকাৰ১৯৭০
কাটী পটাং১৯৭১
আনন্দ১৯৭১
এক বাৰ মুছকুৰা দো১৯৭২
শোৰ১৯৭২
ৰুটি কাপৰা ঔৰ মাকান১৯৭৪
ধৰম কৰম১৯৭৫
সন্ন্যাসী১৯৭৫
দো জাসুস১৯৭৫
ধৰ্মাত্মা১৯৭৫
দস নম্বাৰী১৯৭৬
ছোটি সি বাত১৯৭৬
কভি কভি১৯৭৬
দৰিন্দা১৯৭৭
ধৰম বীৰ১৯৭৭
আমৰ, অকল বৰ এন্থনি১৯৭৭
সত্যম শিৱম সুন্দৰম১৯৭৮
মেৰে হুমসফৰ১৯৭০
দিওয়ানা১৯৬৭
অনোখি ৰাত১৯৬৮
আৰাউণ্ড দ্য ৱৰ্ল্ড১৯৬৭
বান্দিনী১৯৬৩
দেৱৰ১৯৬৬
দিল ভি তেৰা হুম ভি তেৰে১৯৬০
দুনিয়া না মানে১৯৫৯
এক ৰাত১৯৪২
ফৰ্জ১৯৬৭
মিলন১৯৬৭
ৰাণী ৰূপমতী১৯৫৭
সাথী১৯৬৮
সাবাক১৯৫০
সাৰংগা১৯৬১
সাসুৰাল১৯৬১
উপকাৰ১৯৬৭
বিশ্বাস১৯৬৯
ইহুদি১৯৫৮
বে-ইমান১৯৭২
পেহচান১৯৭০
অন্নদাতা১৯৭২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gopal, Sangita. (2008). Global Bollywood: Travels of Hindi Song and Dance. University of Minnesota Press. পৃ. 94. ISBN 0-8166-4579-5
  2. ↑ Encyclopedia of Indian Cinema by Ashish Rajadhyaksha and Paul Willemen. Oxford University Press, 1994, page 169
  3. ↑ Mukesh's 93rd Birthday. www.google.com
  4. ↑ Rohit Vats. (27 August 2014). Mukesh: Remembering the singer with the midas touch. হিন্দুস্তান টাইমছ
  5. ↑ Abdul Jamil Khan. (2006). Urdu/Hindi: An Artificial Divide: African Heritage, Mesopotamian Roots, Indian Culture & Britiah Colonialism. Algora Publishing. পৃ. 316–. ISBN 978-0-87586-438-9
  6. ↑ (23 October 2016). Exclusive: Neil Nitin Mukesh & Nitin Mukesh In Conversation With Karan Thapar. ইউটিউব
  7. ↑ Karki, Tripti. (22 July 2017). Mukesh birthday special: 5 soulful songs of the Man with the Golden Voice. India TV News
  8. ↑ Chobey, Ankita. (22 July 2016). 8 Life Facts about Bollywood's Golden Voice Mukesh on his Bi. Mumbai Mirror
  9. ↑ Vats, Rohit. (27 August 2014). Mukesh: Remembering the singer with the midas touch. Hindustan Times
  10. ↑ Famous Indians – Mukesh. iloveindia.com
  11. ↑ Ganguly, Souvik. (22 July 2016). Mukesh Ki Kahaani-Story of the most unsung singing legend of Hindi Cinema. Movie Madaari
  12. ↑ মুকেশ, IMDb
  13. ↑ মুকেশৰ চলচ্চিত্ৰসমূহ, singermukesh.com
  14. ↑ অতীতৰ পৰা – মলহাৰ (১৯৫১), The Hindu (২৯ মাৰ্চ ২০১২)। ৬ নবেম্বৰ ২০১৮ তাৰিখে সংগৃহীত।
  15. ↑ সুৰেশ মেনন. (৬ নৱেম্বৰ ২০১৭). চান্দ্ৰাৰ সৈতে কফি. The Cricket Monthly. ESPN Cricinfo
  16. ↑ আৰ., মীনাক্ষী. (২২ জুলাই ২০১৬). গুগলে মুকেশৰ ৯৩তম জন্মদিন উদযাপন কৰিলে. The Hindu
  17. ↑ সেইন, মানীষ. (২২ জুলাই ২০১৬). গুগল ডুডলে মুকেশৰ জন্মদিন উদযাপন. India Today
  18. ↑ (২৫ জুলাই ২০২৪). প্ৰখ্যাত গায়ক মুকেশৰ ১০০সংখ্যক জন্মদিনত চৰকাৰৰ স্মাৰক ডাকটিকট. The Telegraph
  19. ↑ (২৪ জুলাই ২০২৪). ১০০সংখ্যক জন্মদিনত মুকেশক সন্মান জনাই চৰকাৰৰ স্মাৰক ডাকটিকট. The Week
  20. ↑ (২০ জুন ২০১৮). নিতিন মুকেশে তেওঁৰ পিতৃ মুকেশৰ জীয়াই থকা গীতিময় যাত্ৰাৰ কথা স্মৰণ কৰে!. Filmfare
  21. ↑ (২২ জুলাই ২০১৬). মুকেশক স্মৰণ – সোণালী কণ্ঠৰ মানুহজন. Mid Day
  22. ↑ (২৭ আগষ্ট ২০১৬). 'আৱাৰা হুঁ' গীতৰ গায়ক মুকেশ চন্দ মথুৰক স্মৰণ, তেওঁৰ জীৱনৰ কিছুমান তথ্য. India Today
  23. ↑ Iyer, Meena. (১৬ জুলাই ২০২৩). কিয় মুকেশ এতিয়াও জনপ্ৰিয়?. Hindustan Times
  24. ↑ Chhibber, Maneesh. (২৭ আগষ্ট ২০১৮). মুকেশ: এটা অনভ্যাসযুক্ত কণ্ঠ যি আপোনাৰ জীৱন বুজাবলৈ বাধ্য কৰিছিল. ThePrint
  25. ↑ (২৭ আগষ্ট ২০১৫). মুকেশক স্মৰণ. DAWN.COM
  26. ↑ ৩০তম বাৰ্ষিক BFJA পুৰস্কাৰ. bfjaawards.com
  27. ↑ ৩১তম বাৰ্ষিক BFJA পুৰস্কাৰ. bfjaawards.com
  28. ↑ ৩৩তম বাৰ্ষিক BFJA পুৰস্কাৰ. bfjaawards.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকেশ” প্ৰবন্ধৰ সংশোধন ৬৪০১৬২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।