অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰিজিৎ সিং

অৰিজিৎ সিং (জন্ম ২৫ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীত সুৰকাৰ। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা তেওঁ লাভ কৰিছে। হিন্দী আৰু বাংলা ভাষাৰ উপৰি কেইবাটাও ভাৰতীয় ভাষাত তেখেতে গীত বাণীবদ্ধ কৰিছে।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

অৰিজিৎ সিং (জন্ম ২৫ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীত সুৰকাৰ।১২ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা তেওঁ লাভ কৰিছে। হিন্দী আৰু বাংলা ভাষাৰ উপৰি কেইবাটাও ভাৰতীয় ভাষাত তেখেতে গীত বাণীবদ্ধ কৰিছে। নম্ৰ ব্যক্তিত্ব আৰু সৰল জীৱনশৈলীৰ বাবেও তেওঁ পৰিচিত।

২০০৫ চনত সমসাময়িক ৰিয়েলিটি শ্ব' ফেম গুৰুকুলত অংশগ্ৰহণ কৰি সিঙে তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। ২০১১ চনত সিঙে ছৈম ভাট আৰু মহম্মদ ইৰফানৰ সৈতে মিথুনৰ দ্বাৰা ৰচিত মাৰ্ডাৰ ২ ছবিৰ "ফিৰ মহব্বত" গীতটোৰে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে যদিও ২০০৯ চনত গীতটো বাণীবদ্ধ কৰা হৈছিল। একে বছৰতে তেওঁ এজেণ্ট বিনোদৰ "ৰাবতা", ১৯২০: ইভিল ৰিটাৰ্নছৰ "উস্কা হি কলা" আৰু চাংহাইৰ "দুৱা" আদি জনপ্ৰিয় গীত গাইছিল।

২০১৩ চনত আছিকি ২ৰ সফল ট্ৰেক "তুম হি হো" আৰু "চাহু মেই ইয়া না" মুক্তি পোৱাৰ পাছত তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে।৩৪৫ স্পটিফাইয়ে তেওঁক ২০২০, ২০২১, ২০২২ আৰু ২০২৩ চনৰ সৰ্বাধিক ষ্ট্ৰীম হোৱা ভাৰতীয় শিল্পী হিচাপে ঘোষণা কৰে। তেওঁ বিশ্বজুৰি ২য় সৰ্বাধিক অনুসৰণ কৰা শিল্পী আৰু স্পটিফাইত সৰ্বাধিক অনুসৰণ কৰা এছিয়ান ব্যক্তি।৬৭৮৯

প্ৰাৰম্ভিক জীৱন

১৯৮৭ চনৰ ২৫ এপ্ৰিলত পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ জিয়াগঞ্জ চহৰত পাঞ্জাবী শিখ পিতৃ কক্কৰ সিং১০ আৰু বাঙালী হিন্দু মাতৃ অদিতি সিঙৰ ঘৰত জন্মগ্ৰহণ কৰে।১১ দেশ বিভাজনৰ সময়ত তেখেতৰ পূৰ্বপুৰুষসকল লাহোৰৰ পৰা পশ্চিম বংগলৈ আহিছিল।১০ তেওঁ অতি কম বয়সতে ঘৰতে সংগীতৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল। তেখেতৰ মামীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল, আৰু আইতাই (মাতৃৰ ফালৰ) গান গাইছিল। তেওঁৰ মামাই তবলা বজাইছিল আৰু মাকেও তবলা বজাই গান গাইছিল। প্ৰথমে ৰাজা বিজয় সিং হাইস্কুলত আৰু পিছলৈ তেওঁ কল্যাণী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীপদ সিং কলেজত অধ্যয়ন কৰে।১১ তেওঁৰ মতে তেওঁ "এজন মান্য ছাত্ৰ আছিল, কিন্তু সংগীতৰ প্ৰতি অধিক গুৰুত্ব দিছিল" আৰু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পেছাদাৰীভাৱে প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছিল। ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ধীৰেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে তেওঁক তবলাৰ প্ৰশিক্ষণ দিয়ে। বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে তেওঁক ৰবীন্দ্ৰ সংগীত (ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীত) আৰু পপ সংগীত শিকাইছিল।১১ তিনি বছৰ বয়সত হাজাৰী ভাতৃদ্বয়ৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে, আৰু ন বছৰ বয়সত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠৰ প্ৰশিক্ষণৰ বাবে চৰকাৰৰ পৰা এটি বৃত্তি লাভ কৰে।১২

ডাঙৰ হোৱাৰ পাছত তেওঁ মোজাৰ্ট, বিথোভেন আৰু বাংলা শাস্ত্ৰীয় সংগীত শুনিছিল। বড়ে গুলাম আলি খাঁ, উস্তাদ ৰছিদ খান, জাকিৰ হুছেইন আৰু আনন্দ চেটাৰ্জীৰ দৰে সংগীতজ্ঞক তেওঁ নিজৰ আদৰ্শ বুলি গণ্য কৰিছিল আৰু কিশোৰ কুমাৰ, হেমন্ত কুমাৰ, মান্না দেৰ গীত শুনি ভাল পাইছিল।১৩

লগতে চাওক

  • অৰিজিৎ সিঙে লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা
  • ভাৰতীয় নেপথ্য কণ্ঠশিল্পীসকলৰ তালিকা
  • অৰিজিৎ সিঙে বাণীবদ্ধ কৰা গীতৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ (7 April 2016). Bajirao Mastani scores five awards, Arijit adjudged Best Live Performer at GiMA 2016
  2. ↑ Arijit Singh: If you want to be a lambi race ka ghoda you need to perform consistently – The Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (25 April 2017). Awesome Arijit. New India Times
  4. ↑ Pant, Aditi. (24 May 2013). I slept through auditions: Arijit Singh. Hindustan Times
  5. ↑ Singh, Saloni. (15 January 2015). The singer every man loves – Arijit Singh. India Today
  6. ↑ (1 December 2020). Spotify Reveals Top Songs, Artists, Albums in India and Globally in 2020. Gadgets 360 NDTV
  7. ↑ (10 December 2020). Three big takeaways from Spotify India's year-end charts
  8. ↑ Arijit Singh tops most-streamed artist on Spotify Wrapped 2023
  9. ↑ Most followed artists on Spotify (daily update). ChartMasters
  10. ↑ Arijit Singh Is Everywhere, And Nowhere
  11. ↑ Agarwal, Stuti. (31 May 2013). I still travel by public transport: Arijit Singh. The Times of India
  12. ↑ My life has always been a mess. Zoom4India
  13. ↑ Raghuvendra Singh. (19 August 2015). Can't stop the music

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিভাৰতীয় কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীপশ্চিমবঙ্গৰ ব্যক্তিফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰিজিৎ সিং” প্ৰবন্ধৰ সংশোধন ৫৪৪৪৬৮ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।