হিমানী ভট্ট শিৱপুৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী ভাষা চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা চৰিত্ৰাভিনয়ৰ বাবে পৰিচিত।১ তেওঁ বিশেষকৈ হাম আপকে হ্যেঁ কৌন..! (১৯৯৪), ৰাজা (১৯৯৫), দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫), খামোচী (১৯৯৬), হিৰো নং ১ (১৯৯৭), দীৱানা মস্তানা (১৯৯৭), বন্ধন (১৯৯৮) আৰু কুছ কুছ হোতা হ্যেঁ (১৯৯৮) বোলছবিৰ বাবে জনাজাত। ইয়াৰ উপৰি তেওঁ বিৱি নং ১ (১৯৯৯), হাম সাথ-সাথ হ্যেঁ (১৯৯৯), কভি খুচী কভি গম (২০০১) আৰু ম্যেঁ প্ৰেম কী দিৱানী হুঁ (২০০৩) আদিকে ধৰি কেইবাখনো বোলছবিত অভিনয় কৰিছে।
বৰ্তমান তেওঁ এণ্ড টিভিৰ ধাৰাবাহিক হাপ্পু কী উল্টন পাল্টনত কাটৰী "কট্টো" আম্মাৰ চৰিত্ৰত অভিনয় কৰি আছে।
ব্যক্তিগত জীৱন
শিৱপুৰীৰ জন্ম উত্তৰাখণ্ডৰ ডেৰাডুনত হৈছিল। তেওঁৰ পিতৃ হৰি দত্ত ভট্ট শৈলেশ এজন হিন্দী শিক্ষক আছিল আৰু মাতৃ শৈল ভট্ট এগৰাকী গৃহিণী।২ হিমানীৰ হিমাংশু ভট্ট নামৰ এজন ভাতৃ আছে। তেওঁ কেৱল ল’ৰাৰ আৱাসিক বিদ্যালয় 'দা দুন স্কুল'ত শিক্ষা গ্ৰহণ কৰিছিল, য’ত তেওঁৰ পিতৃ এজন হিন্দী শিক্ষক হোৱাৰ লগতে "শৈলেশ" ছদ্মনামেৰে এজন কবিও আছিল।৩৪ দুন স্কুলত পঢ়ি থকা সময়ত তেওঁ নাট্য চৰ্চাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ডেৰাডুনৰ ডিএভি কলেজৰপৰা জৈৱ ৰসায়নত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ থিয়েটাৰত সমান্তৰালভাৱে কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৮২ চনত অভিনয় জীৱন আগবঢ়াই নিবলৈ তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নাম ভৰ্তি কৰে। তেওঁ ফিৰ ৱহি তালাচত এগৰাকী সহযোগী অভিনেত্ৰী হিচাপে কাম কৰিছিল।৪
তেওঁ অভিনেতা জ্ঞান শিৱপুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যাৰ ১৯৯৫ চনত মৃত্যু হয়।৫ তেওঁৰ কাত্যায়ন নামৰ এজন পুত্ৰ সন্তান আছে।
কৰ্মজীৱন
১৯৮২ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত,৬ শিৱপুৰীয়ে কিছুদিন এনএছডি ৰিপাৰ্টৰী কোম্পানীত কাম কৰে আৰু তাৰ পিছত মুম্বাইলৈ গুচি যায়।
শিৱপুৰীয়ে ১৯৮৪ চনত আব আয়েগা মজা বোলছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত ১৯৮৯ চনত এখন টিভি চিনেমা ইন হুৱাট এনী গিভচ ইট দোজ ৱানছত অভিনয় কৰে, য'ত শ্বাহৰুখ খানো আছিল।৭ ইয়াৰ পিছত তেওঁ শ্যাম বেনেগালৰ সূৰজ কা সাতৱা ঘোড়া (১৯৯৩) আৰু মাম্মো (১৯৯৪) আদিৰ দৰে বহুতো কলাত্মক ছবিত অভিনয় কৰে। অৱশ্যে সুৰজ আৰ বৰজাত্যাৰ হাম আপকে হ্যেঁ কৌন..! (১৯৯৪) বোলছবিৰ জৰিয়তেহে তেওঁ ডাঙৰ বাণিজ্যিক সফলতা লাভ কৰে।
তেওঁ কুঁৱৰ সিনহাৰ নিৰ্দেশনাত নিৰ্মিত ধাৰাবাহিক হামৰাহী (ডিডি নেচনেল)-ৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে।৮ এই ধাৰাবাহিকখনত তেওঁ কৰা দেৱকী ভোজাইৰ চৰিত্ৰটোৱে তেওঁক যথেষ্ট জনপ্ৰিয়তা প্ৰদান কৰে। ইয়াৰ পূৰ্বে তেওঁ লেখ টেণ্ডনৰ টিভি শ্ব' ফিৰ ৱহি তালাচ আৰু শ্যাম বেনেগালৰ যাত্ৰাত চুটি চৰিত্ৰত অভিনয় কৰিছিল। হামৰাহীৰ পিছত তেওঁ ভাৰতীয় টেলিভিছনৰ এগৰাকী নিয়মীয়া অভিনেত্ৰী হৈ পৰে। তেওঁ ১৯৯৫ চনত জি টিভিত হচৰতেঁ, কচৌটী জিন্দগী কে, ৰক্ষাৰ চৰিত্ৰত কিউঁকি চাস ভী কভি বহু থী, চান্দনী, ডলাৰ বহু (জি টিভি), জোচ (ষ্টাৰ প্লাছ), এক লড়কী অঞ্জানী চি আৰু শেহতীয়াকৈ ঘৰ এক সপনা (চাহাৰা ৱান) তথা ইণ্ডিয়া কলিং (ষ্টাৰ ৱান) আদি ধাৰাবাহিকত অভিনয় কৰিছে। চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ বাত হামাৰী পক্বী হ্যায়তো তেওঁ অভিনয় কৰিছে।৯
যদিও তেওঁ মূলতঃ চৰিত্ৰাভিনেত্ৰী হিচাপে কাম কৰে, তথাপি তেওঁ কয়লা (১৯৯৭), পৰদেশ (১৯৯৭), দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫), অঞ্জাম (১৯৯৪), কুছ কুছ হোতা হ্যেঁ (১৯৯৮) আৰু কভি খুচী কভি গম (২০০১) আদিৰ দৰে বোলছবিত কিছুমান স্মৰণীয় চৰিত্ৰ ৰূপায়ণ কৰিছে।
বিগত বৰ্ষবোৰত তেওঁ যশ ৰাজ ফিল্মছ, ৰাজশ্ৰী প্ৰডাকচন আৰু ধৰ্মা প্ৰডাকচনৰ দৰে বহুতো ডাঙৰ প্ৰডাকচন হাউচৰ বাবে কাম কৰিছে।
জে পি দত্তৰ বোলছবি উমৰাও জান (২০০৬)-ত তেওঁক দেখা গৈছিল। হিমানী শিৱপুৰীয়ে ২০০৯ চনলৈকে জি টিভিৰ হামাৰী বেটিয়োঁ কা বিবাহত কুলৰ চৰিত্ৰত অভিনয় কৰিছিল।
তেওঁ ব্লু ষ্ট্ৰাইক প্ৰডাকচন আৰু দেৱ সমাজ মডাৰ্ন স্কুলৰদ্বাৰা নিৰ্মিত তথা সাহিল ভৰদ্বাজৰ নিৰ্দেশনাত নিৰ্মিত 'দা ফেচবুক জেনেৰেচন' নামৰ এখন চুটি তথ্যচিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে ২০১২ চনত দ্য গ্লোবেল এডুকেচন এণ্ড লিডাৰশ্বিপ ফাউণ্ডেশ্যনে আয়োজন কৰা 'ৰীল টু ৰিয়েল' চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু শীৰ্ষ ১০খন ছবিৰ ভিতৰত স্থান লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Today, Telangana. (8 June 2021). Always great to be back on set: Himani Shivpuri. Telangana Today
- ↑ (22 March 2018). Himani Shivpuri's mother passes away in Varanasi. The Times of India
- ↑ (15 September 2020). Himani Shivpuri: Biography. Zee5
- ↑ Tankha, Madhur. (14 February 2012). Himani Shivpuri returns to the small screen. The Hindu
- ↑ (21 October 2007). Himani Shivpuri
- ↑ (16 January 2006). Himani Shivpuri at indiatimes. The Times of India
- ↑ Himani Shivpuri Shares Her 'Inspiring Moment' With Madhuri Dixit On Hum Aapke Hain Koun Sets. News18
- ↑ (2023-09-16). Full Story Of Himani Shivpuri: Sharing Her Inspiring Journey - EBNW Story
- ↑ Hindi Tv Actress Himani Shivpuri Biography, News, Photos, Videos. nettv4u
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমানী শিৱপুৰী” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৮৮ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।