অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামায়া কৃষ্ণন

ৰামায়া কৃষ্ণন (Ramya Krishnan, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭০) 'পাড়ায়াপ্পা' (১৯৯৯) নামৰ ছবিখনত নীলাম্বৰী চৰিত্ৰটোত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সন্মান লাভ কৰে।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ৪৭৭ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰামায়া কৃষ্ণন (Ramya Krishnan, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে তেলুগু, তামিল, কন্নড়, মালয়ালম আৰু হিন্দী ভাষাত নিৰ্মিত ২৬০ খনতকৈও অধিক বোলছবিত অভিনয় কৰিছে। ৰামায়াই চাৰিটাকৈ ফিল্মফেয়াৰ দক্ষিণ বঁটা, তিনিটাকৈ নন্দী বঁটা, আৰু এটা তামিলনাডু ৰাজ্যিক ছবি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কন্নড় আৰু তেলুগু ছবি উদ্যোগত তেখেত ৰামায়া কৃষ্ণ হিচাপে পৰিচিত।১

'পাড়ায়াপ্পা' (১৯৯৯) নামৰ ছবিখনত নীলাম্বৰী চৰিত্ৰটোত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সন্মান লাভ কৰে। ২০০৯ চনৰ কমেডি-ড্ৰামা ছবি 'Konchem Ishtam Konchem Kashtam'ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ তেলুগু ভাষাৰ ফিল্মফেয়াৰ সন্মান লাভ কৰে। ২০১৫-১৭ চনত নিৰ্মিত 'বাহুবলী' ছবিত ৰূপায়ণ কৰা শিৱাগামী দেৱীৰ চৰিত্ৰটোৱে তেখেতক গোলকীয় স্বীকৃতি প্ৰদান কৰে। 'বাহুবলী: দ্য বিগিনিং' আৰু 'বাহুবলী: দ্য কনক্লুছন' দুয়োখন ছবিয়েই ভাৰতৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবিৰ তালিকাভুক্ত হৈছে।২ ছবিৰ ছিৰিজটোত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে একাধিক সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফিল্মফেয়াৰ দক্ষিণ বঁটা আৰু ৰাজ্যিক নন্দী বঁটা অন্যতম।

প্ৰাৰম্ভিক জীৱন

ৰামায়াৰ জন্ম হৈছিল চেন্নাইত (এতিয়াৰ চেন্নাই)। তেখেতৰ পিতৃ হৈছে তামিল ছবিৰ অভিনেতা, কমেডিয়ান, ৰাজ্য সভাৰ ভূতপূৰ্ব সদস্য চ' ৰামাস্বামী।৩ তেখেতে জীৱনৰ আৰম্ভণিতে ভাৰতনাট্যমত প্ৰশিক্ষণ লয়। ইয়াৰ লগতৰ পাশ্চাত্য আৰু কুচিপুড়ি নৃত্যশৈলীতো তেখেতে একাধিক মঞ্চ-প্ৰদৰ্শন আগবঢ়ায়।৪

সংক্ষিপ্ত কৰ্মজীৱন

তামিল ছবি 'ভেল্লাই মানাসু'ৰ জৰিয়তে ৰামায়াই তামিল ছবিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। সেইসময়ত তেখেতৰ বয়স আছিল মাত্ৰ চৌধ্য। ১৯৮৬ চনত তেখেতে তেলুগু ছবি 'ভালে মিথৰুলু'ত অভিষেক ঘটায়। দুয়োখন ছবিয়েই অল্পখ্যাত। ৰামায়াই প্ৰথমটো সফলতা লাভ কৰে ১৯৮৯ চনত, যেতিয়া তেখেতে 'সূত্ৰধৰালু' নামৰ ছবিখনত অভিনয় কৰিছিল। কাশিনাধুনি বিশ্বনাথৰ দ্বাৰা পৰিচালিত ছবিখনৰ জৰিয়তে তেখেত সমাদৃত হয়। ছবিখনে তেলুগু ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰে। ১৯৯৮ চনত তেখেতে 'কাণ্টে কুথুৰনে কানু' নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ বাবে তেখেতে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটা লাভ কৰে। পৰিচালক য়শ চোপ্ৰাৰ দ্বাৰা নিৰ্মিত হিন্দী ছবি 'পৰম্পৰা' আছিল ৰামায়াৰ প্ৰথমখন হিন্দী ছবি। পৰৱৰ্তী সময়ত তেখেতে সুভাষ ঘাইৰ 'খলনায়ক', মহেশ ভাটৰ 'ছাহত' আৰু ডেভিদ ধাৱানৰ কমেডি ছবি 'বড়ে মিঞা ছোটে মিঞা'ত অভিনয় কৰি বিশেষ পৰিচিতি লাভ কৰে।

১৯৯৯ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি 'পাড়ায়াপ্পা'ৰ জৰিয়তে ৰামায়া কৃষ্ণন বিশেষভাৱে চৰ্চিত হয়। খলনায়িকাৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰামায়াৰ চৰিত্ৰটোৰ নাম আছিল নীলাম্বৰী। ৰজনীকান্তেও ছবিখনত অভিনয় কৰিছিল। ৰামায়াৰ অভিনয়ৰ প্ৰসংগত 'ৰেদিফ'ৰ সমালোচকে মন্তব্য কৰে যে, “Ramya does a fantastic job. She is vicious to her dying breath, when she declares she will revenge herself in her next life. She does a fabulous tandav of rage when her father commits suicide.”৫ উক্ত চৰিত্ৰত আগবঢ়োৱা শক্তিশালী অভিনয়ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু তামিলনাডু ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হয়।৬ ৰামায়াই কন্নড় ছবি 'কৃষ্ণ ৰুক্মিনী', 'গাদীবিড়ি গাণ্ডা' আদিত অভিনয় কৰিছে। আনহাতে তেখেতে অভিনয় কৰা মালয়ালম ভাষাৰ প্ৰথমখন ছবি হৈছে 'নীৰম পুলাৰুম্বল'।

ৰ পৰা ৰামায়া কৃষ্ণনে ছবি কুশলীৰ বিশেষ বঁটা লাভ কৰিছে, ২০১৮ চনত, নতুন দিল্লীত]]

২০১৫ চনত ৰামায়া কৃষ্ণনে এছ.এছ. ৰাজামৌলীৰ বিগবাজেটৰ ফেণ্টাছি বহুতাৰকাযুক্ত ছবি 'বাহুবলী: দ্য বিগিনিং'ত অভিনয় কৰে। ছবিখনৰ ছিকুৱে 'বাহুবলী: দ্য কনক্লুছন'তো তেখেতক দেখা পোৱা যায়। ৰাজমাতা শিৱাগামীৰ চৰিত্ৰত অভিনয় কৰি ৰামায়া কৃষ্ণনে বিপুল পৰিমাণৰ খ্যাতি আৰ্জিবলৈ সক্ষম হয়। সমালোচকৰ দ্বাৰা বহুল প্ৰশংসিত দুয়োখন ছবিয়েই ভাৰতবৰ্ষৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবিৰ তালিকাভুক্ত হয়। ৰামায়াৰ গুণ বখানি সংগীতা দেৱী দুণ্ডুৱে লিখিছে, “Ramya Krishnan once again aces with her part.”৭

২০১৯ চনত ৰামায়া কৃষ্ণনে 'কুইন' নামৰ এটি ৱেব-চিৰিজত মুখ্য ভূমিকা ৰূপায়ণ কৰে।৮ ছিৰিজটোৰ লেখক আৰু অভিনেত্ৰী ৰামায়া কৃষ্ণন সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়।৯

ব্যক্তিগত জীৱন

২০০৩ চনৰ ১২ জুনত তেলুগু ভাষাৰ পৰিচালক কৃষ্ণ ৱামছিৰ লগত ৰামায়া কৃষ্ণনে বৈবাহিক জীৱন আৰম্ভ কৰে। তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে।১০

তথ্যসূত্ৰ

  1. ↑ (11 November 2019). Ramya Krishna joins Romantic for shoot in Goa
  2. ↑ Box Office: 'Baahubali 2' Becomes Highest-Grossing Indian Film of All Time. www.hollywoodreporter.com
  3. ↑ (8 December 2016). Cho uncle and Amma were my biggest inspirations: Ramya Krishnan. Deccan Chronicle
  4. ↑ (15 September 2008). Eternal beauty 'Nilambari' Ramya Krishnan celebrates her b'day. Indiaglitz
  5. ↑ Nadar, Ganesh. (28 April 1999). Rajni does it again. Rediff
  6. ↑ (19 July 2002). Panchathanthiram. Screen (magazine)
  7. ↑ Sangeetha Devi Dundoo. (28 April 2017). Baahubali 2: a befitting conclusion. The Hindu
  8. ↑ (5 December 2019). Queen teaser out: Ramya Krishnan presents an interesting tale on J Jayalalithaa. India Today
  9. ↑ (18 December 2019). Queen Review: Ramya Krishnan is a majestic political leader in new web series. India Today
  10. ↑ Heroines who fell for their directors. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামায়া কৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৫৫৭২২০ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।