অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধিকা বাজ

ৰাধিকা বাজ (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় কমেডিয়ান আৰু লেখিকা। মুম্বাইত জন্ম গ্ৰহণ কৰা বাজে চেন্নাইত এটা বিজ্ঞাপন সংস্থাত কাম কৰিছিল আৰু পিছত চিৰাকিউজ বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ পৰা বিজ্ঞাপনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাধিকা বাজ (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় কমেডিয়ান আৰু লেখিকা। মুম্বাইত জন্ম গ্ৰহণ কৰা বাজে চেন্নাইত এটা বিজ্ঞাপন সংস্থাত কাম কৰিছিল আৰু পিছত চিৰাকিউজ বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ পৰা বিজ্ঞাপনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

জীৱনী

ৰাধিকা বাজে ইম্প্ৰ'ভাইজেচনেল থিয়েটাৰত অংশ লৈছিল, আৰু তেওঁ কৈছিল যে এইটোতেই তেওঁৰ অভিনয় আৰু লিখনি যাত্ৰাৰ আৰম্ভণি হৈছিল।১ তেওঁ লছ এঞ্জেলছৰ গ্ৰাউণ্ডলিংছ স্কুল আৰু নিউয়ৰ্কৰ ইম্প্ৰ'ভলিউচনত প্ৰশিক্ষণ লৈছিল।২

২০১৪ চনত, তেওঁ নিউয়ৰ্ক আৰু ভাৰতৰ মুম্বাই, চেন্নাই, বেংগালুৰু, কোচি, গুড়গাঁও আৰু দিল্লীত Older. Angrier. Hairier. শীৰ্ষক অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। লগতে তেওঁ Unladylike: The Pitfalls of Propriety নামৰ নাটকটোত অভিনয় কৰিছিল।

বাজ দ্য টাইমছ অৱ ইণ্ডিয়াৰ কলাম লেখিকা। তেওঁ তেওঁৰ শ্ব'ৰ বাবে পেট্ৰিচ ও’নীল আৰু বিল হিক্সক অনুপ্ৰেৰণা হিচাপে গণ্য কৰে।৩

তেওঁ নাডিয়া পি. মানজুৰৰ সৈতে Shugs & Fats নামৰ ৱেব-ছিৰিজৰ সহ-সৃষ্টি কৰিছিল, যিয়ে গথাম এৱাৰ্ড লাভ কৰিছিল৪ আৰু বৰ্তমান এমাজন ষ্টুডিঅ'ছৰ সৈতে উন্নয়ন ধীন।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ New York laughs out loud with 'Unladylike' Radhika Vaz · Latest News & Updates at Daily News & Analysis
  2. ↑ Catch Radhika Vaz's Older. Angrier. Hairier. show at Distil - Indulge
  3. ↑ (5 March 2015). Stand up comic Radhika Vaz to perform in Chennai - The Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Shugs and Fats winning the Breakthrough Series - Short Form 2015 Gotham Award for SHUGS AND FATS. ইউটিউব
  5. ↑ (8 May 2017). Jill Soloway Re-Ups Overall Deal With Amazon Studios

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা বাজ” প্ৰবন্ধৰ সংশোধন ৪৯৫৩৮৪ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।