অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইণ্ডোনেছিয়ান ভাষা

ইণ্ডোনেছিয়ান ভাষা বা বাহাছা ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় ভাষা। ইণ্ডোনেছিয়ান হৈছে মালয় ভাষাৰ এটা মানক ৰূপ, যিটো ইণ্ডোনেছিয়ান দ্বীপপুঞ্জত যুগ যুগ ধৰি লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ইণ্ডোনেছিয়ান ভাষা বা বাহাছা ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় ভাষা। ইণ্ডোনেছিয়ান হৈছে মালয় ভাষাৰ এটা মানক ৰূপ, যিটো ইণ্ডোনেছিয়ান দ্বীপপুঞ্জত যুগ যুগ ধৰি লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হয়। ১৯৪৫ চনত যেতিয়া ইণ্ডোনেছিয়াই নেদাৰলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰিছিল তেতিয়া ইণ্ডোনেছিয়ান ভাষাক ৰাষ্ট্ৰ ভাষাৰ মৰ্যাদা দিয়া হৈছিল। মালয় আৰু ইণ্ডোনেছিয়ান ভাষাৰ ধ্বনিবিজ্ঞান, ব্যাকৰণ আৰু শব্দভাণ্ডাৰৰ ক্ষেত্ৰত বহু সাদৃশ্য আছে।

১৯৪৫ চনত যেতিয়া ইণ্ডোনেছিয়াই স্বাধীনতা লাভ কৰিছিল তেতিয়া ইণ্ডোনেছিয়াৰ জনসংখ্যাৰ মাত্ৰ ৫% লোকেহে ইণ্ডোনেছিয়ান ভাষাক মাতৃভাষা হিচাপে কৈছিল, আনহাতে জাভানিজ ভাষা আছিল গৰিষ্ঠসংখ্যক (৪৫%) ইণ্ডোনেছিয়ান লোকৰ মাতৃভাষা। কিন্তু মালয় ভাষাৰ উপভাষা ইণ্ডোনেছিয়ান ভাষাক ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰা হয় কাৰণ মালয় ভাষাক শতিকাজুৰি লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হৈছিল, আনহাতে যদি সংখ্যাগৰিষ্ঠ জাভানীজ ভাষাক ৰাজ্যিক ভাষা হিচাপে গঢ়ি তোলা হয় তেন্তে অন্য জনগোষ্ঠীৰ লোকসকলে বৈষম্যৰ সন্মুখীন হ’ব আৰু সংখ্যাগৰিষ্ঠ জাভানীসকলে আনতকৈ অধিক লাভৱান হ’ব।১

ইণ্ডোনেছিয়াত প্ৰায় ডেৰ-দুই নিযুত লোকে ইণ্ডোনেছিয়ান ভাষাক মাতৃভাষা হিচাপে কয়। ইয়াৰ উপৰিও প্ৰায় ১৪ কোটি লোকে ইণ্ডোনেছিয়ান ভাষাক দ্বিতীয় ভাষা হিচাপে কয়। নেদাৰলেণ্ড, ফিলিপাইন দ্বীপপুঞ্জ, চৌদি আৰব আৰু আমেৰিকাতো ইণ্ডোনেছিয়ান ভাষা কোৱা হয়।

ইণ্ডোনেছিয়াৰ গৰিষ্ঠসংখ্যক লোকে (প্ৰায় ৪৫%) কোৱা ভাষা হৈছে জাভানিজ। বাকী ৫৫% লোকে প্ৰায় ৩০০ টা ভিন্ন ভাষা কয়।১ ইণ্ডোনেছিয়ান ভাষাক কিমানজনে মাতৃভাষা হিচাপে কয় সেয়া সঠিকভাৱে নিৰ্ণয় কৰাটো কঠিন। বেছিভাগ ইণ্ডোনেছিয়ান দ্বিভাষিক। ঘৰতে নিজৰ দ্বীপৰ থলুৱা ভাষা শিকে আৰু স্কুলত ইণ্ডোনেছিয়ান শিকে। বৃহৎ নগৰ অঞ্চলত ইণ্ডোনেছিয়ান ভাষা অধিক প্ৰচলিত। আনহাতে, সৰু চহৰ আৰু গ্ৰামাঞ্চলত স্থানীয় ভাষাৰ প্ৰচলন বেছি।

ইণ্ডোনেছিয়ান ভাষা বৰ্তমান লেটিন লিপিত লিখা হয়৷ কিন্তু মালয়ৰ দৰেই আগতে এই ভাষা জাবি লিপিত লিখা হৈছিল৷

ইণ্ডোনেছিয়ান ভাষা ইণ্ডোনেছিয়াৰ চৰকাৰী ভাষা। শিক্ষাৰ সকলো স্তৰতে ইয়াক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। দেশৰ সংবাদ মাধ্যমত এই ভাষাই আধিপত্য বিস্তাৰ কৰিছে। টিভিত সম্প্ৰচাৰিত প্ৰায় সকলো অনুষ্ঠানেই ইণ্ডোনেছিয়ান আৰু সকলো বিদেশী অনুষ্ঠান ইণ্ডোনেছিয়ান ভাষাত ডাব বা সম্প্ৰচাৰিত হয় উপশিৰোনামাৰ সৈতে। পপ সংগীত, কাৰ্টুন, কমিকছ, সাহিত্যত আদি সকলো ক্ষেত্ৰতে এই ভাষা ব্যৱহাৰ কৰা হয়।

অধিক অধ্যয়নৰ বাবে চাওক

তথ্যসূত্ৰ

  1. ↑ www.bbc.com/travel/story/20180703-why-no-one-spe

সম্পৰ্কিত শ্ৰেণী

ভাষাইণ্ডোনেছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডোনেছিয়ান ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৮৯ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।