বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
সুশীলা অনিতা বনাৰ্জী
সুশীলা অনিতা বনাৰ্জী (Susila Anita Bonnerjee; মৃত্যুː ২৫ ছেপ্টেম্বৰ ১৯২০) এগৰাকী চিকিৎসক, শিক্ষাবিদ আৰু ভোটাধিকাৰৰ হকে মাত মতা ব্যক্তি, যিয়ে ১৮০০ দশকৰ শেষৰ ফালে ইংলেণ্ড আৰু ভাৰতত মহিলাৰ শিক্ষা আৰু স্বাস্থ্যৰ পোষকতা কৰিছিল।
-
সুশীলা প্ৰভাকৰণ
সুশীলা প্ৰভাকৰণ (Suseela Prabhakaran) হ'ল ভাৰতৰ ত্ৰিবেন্দ্ৰমৰ দিব্য প্ৰভা চকু চিকিৎসালয়ৰ এগৰাকী ভাৰতীয় চকুৰোগ বিশেষজ্ঞ তথা মুখ্য চকুৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। তেওঁ কেৰালা ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা বিভাগত চকু চিকিৎসা বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
-
সোহিনী ৰায়
সোহিনী ৰায় (Sohini Ray; জন্ম ২৫ আগষ্ট ১৯৬৬) হ'ল ভাৰতৰ এগৰাকী ধ্ৰুপদী মণিপুৰী নৃত্যশিল্পী, নৃত্য-গৱেষক আৰু নৃতত্ত্ববিদ; বৰ্তমান তেওঁ আমেৰিকাৰ লছ এঞ্জেলছত থাকে।
-
সৰলা বিৰলা
সৰলা বিৰলা ( ইংৰাজী: Sarala Birla; ২৩ নৱেম্বৰ ১৯২৩ – ২৮ মাৰ্চ ২০১৫ ) ভাৰতীয় উদ্যোগপতিৰ বিৰলা পৰিয়ালৰ এগৰাকী ভাৰতীয় ব্যৱসায়ী বিশিষ্ট সদস্য আছিল। ৰাজহুৱা শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু স্বামীৰ সৈতে পৰিয়ালৰ সংঘবদ্ধ সংস্থাটোৰ দ্বাৰা সমৰ্থিত প্ৰায় ৪৫খন শিক্ষানুষ্ঠানৰ সহ-প্ৰতিষ্ঠা কৰাৰ…
-
সৰস্বতী গোড়া
সৰস্বতী গোড়া (Saraswathi Gora; ২৮ ছেপ্টেম্বৰ ১৯১২ – ১৯ আগষ্ট ২০০৬) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী যিগৰাকীয়ে বহু বছৰ ধৰি নাস্তিক কেন্দ্ৰৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, অস্পৃশ্যতা আৰু জাতি ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।
-
সৰস্বতী বিশ্বেশ্বৰ
সৰস্বতী বিশ্বেশ্বৰ (Saraswathi Vishveshwara; জন্ম ১৯৪৬) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষজ্ঞতা থকা ভাৰতীয় জৈৱপদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ অধ্যাপিকা।
-
সৰোজ চুৰামণি গোপাল
সৰোজ চুৰামণি গোপাল ( Saroj Chooramani Gopal; জন্ম ২৫ জুলাই ১৯৪৪) এজন ভাৰতীয় চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদ। চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। পেডিয়াট্ৰিক চাৰ্জাৰীত এম. চি. এইচ. লাভ কৰা তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা।
-
সৰোজিনী চাহু
সৰোজিনী চাহু (জন্ম: ৪ জানুৱাৰী ১৯৫৬) এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা, দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ (The New Indian Express) স্তম্ভলেখক আৰু চেন্নাইস্থিত ইংৰাজী আলোচনী ইণ্ডিয়ান এজিইৰ (Indian AGE) সহযোগী সম্পাদিকা। কলকাতাৰ কিণ্ডল মেগাজিনে তেওঁক ভাৰতৰ ২৫ গৰাকী ব্যতিক্ৰমী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰিছে।
-
সৰোজিনী বৰাদপ্পান
সৰোজিনী বৰাদপ্পান (২১ ছেপ্টেম্বৰ ১৯২১ − ১৭ অক্টোবৰ ২০১৩) তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ভকতবৎসলামৰ কন্যা।
-
সৰ্বানী বসু
সৰ্বানী বসু এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা৷ তেখেতে এছ'চিয়েচন অৱ ইউনিভাৰ্চিটিজ ফৰ ৰিচাৰ্চ ইন এষ্ট্ৰ'নমিৰ পৰিচালনা সমিতিৰ সদস্য আৰু আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো।
-
হামিদা হবিবুল্লা
বেগম হামিদা হবিবুল্লা (Hamida Habibullah; ২০ নৱেম্বৰ ১৯১৬ -১৩ মাৰ্চ ২০১৮) হ'ল এগৰাকী ভাৰতীয় সাংসদ, শিক্ষাবিদ আৰু সমাজকৰ্মী। তেওঁক স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ভাৰতত ভাৰতীয় নাৰীৰ প্ৰতিষ্ঠিত মুখ বুলি কোৱা হয়।
-
হিল্ডা মেৰী লাজাৰাছ
হিল্ডা মেৰী লাজাৰাছ (Hilda Mary Lazarus; ২৩ জানুৱাৰী ১৮৯০ - মৃত্যু ১৯৭৮) ভাৰতৰ এগৰাকী খ্ৰীষ্টান মিছনেৰী আৰু জনপ্ৰিয় স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ আছিল। তেওঁ অন্ধ্ৰ মেডিকেল কলেজৰ অধ্যক্ষ আৰু বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালৰ অধীক্ষক আছিল।
-
হেমলতা গুপ্তা
হেমলতা গুপ্তা (Hemlata Gupta), (জন্ম: ২৫ জুন ১৯৪৩ – মৃত্যু: ১৩ মে' ২০০৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ পৰিচালক আৰু মুৰব্বী আছিল। গুপ্তাই লেডী হাৰ্ডিং মেডিকেল কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ তেওঁ সঞ্চালক হয়।
-
হেলেন গিৰি ছিয়েম
হেলেন গিৰি ছিয়েম এগৰাকী ভাৰতীয় সংগীতজ্ঞ আৰু ইতিহাসবিদ, খাচী লোকসংগীত প্ৰচাৰৰ বাবে তেওঁ পৰিচিত। তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক সদস্যা আৰু সংগীত নাটক একাডেমীৰ কাৰ্যবাহী পৰিষদৰ সদস্যা।
-
ৰংগু সৌৰিয়া
ৰংগু সৌৰিয়া (Rangu Souriya) মহিলা আৰু শিশুৰ বাবে কাম কৰা এগৰাকী ভাৰতীয় কৰ্মী তথা সমাজকৰ্মী। তেওঁ উত্তৰ-পূব ভাৰতৰ দাৰ্জিলিং আৰু নেপালৰ যৌন সৰবৰাহৰ বলি হোৱা লোকসকলক সহায়ৰ বাবে নিয়োজিত শিলিগুৰিস্থিত অলাভজনক সংস্থা কাঞ্চনজুংগা উদ্ধাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক।
-
ৰজনী এ. ভিছেই
ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।
-
ৰজনী কুমাৰ
ৰজনী কুমাৰ (Rajni Kumar; ৫ মাৰ্চ ১৯২৩ – ১১ নৱেম্বৰ ২০২২) (জন্ম নেন্সি জয়ছ মাৰ্গাৰেট জোনছ) এগৰাকী ব্ৰিটিছ-ভাৰতীয় শিক্ষাবিদ আৰু স্প্ৰিংডেলছ গ্ৰুপ অৱ স্কুলৰ প্ৰতিষ্ঠাপক। তেওঁ ২০১১ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল।
-
ৰাধা বালাকৃষ্ণন
ৰাধা বালাকৃষ্ণন (Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত। অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।
-
ৰামা গোবিন্দাৰাজন
ৰামা গোবিন্দাৰাজন (Rama Govindarajan) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে তৰল গতিবিদ্যাত বিশিষ্টতা অৰ্জন কৰিছে। তদুপৰি তেখেত বিমানাকাশ অভিযান্ত্ৰিকীৰ (Aerospace Engineering) লগতো জড়িত।
-
ৰাস্না ভাণ্ডাৰী
ৰস্না ভাণ্ডাৰী হায়দৰাবাদৰ চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিকছৰ চেল চিগনেলিং লেবৰেটৰীৰ মুৰব্বী। ভাণ্ডাৰীয়ে জৈৱিক ব্যৱস্থাত সংকেত পৰিবহনৰ ওপৰত অধ্যয়ন চলাই আছে, বিশেষকৈ শৰীৰবিজ্ঞান আৰু বিপাকীয় ক্ৰিয়াত ইনোচিটল পাইৰ’ফছফেটৰ ভূমিকা বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে।
-
ৰিতু কাৰিধল
ৰিতু কাৰিধল (Ritu Karidhal) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়।
-
ৰীতা বহুগুণা যোশী
ৰীতা বহুগুণা যোশী (Rita Bahuguna Joshi; জন্মঃ ২২ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এসময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ তেওঁ কন্যা।
-
ৰুকাইয়া হাছান
ৰুকাইয়া হাছান (Ruqaiya Hasan; ৩ জুলাই ১৯৩১ - ২৪ জুন ২০১৫) হ'ল ভাষা বিজ্ঞানৰ এগৰাকী অধ্যাপক যি ভ্ৰমণকাৰী পদত অধিষ্ঠিত হৈ ইংলেণ্ডৰ বিভিন্ন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁৰ শেষ নিযুক্তি আছিল ছিডনীৰ মেক্ৱাৰী বিশ্ববিদ্যালয়ত, য 'ৰ পৰা তেওঁ ১৯৯৪ চনত এমিৰিটাছ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
-
ৰুণা বেনাৰ্জী
ৰুণা বেনাৰ্জী (Runa Banerjee) হ'ল এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ দৰিদ্ৰ শ্ৰমিক মহিলাৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰা এক বেচৰকাৰী সংস্থা আত্ম-নিয়োজিত মহিলা সংস্থা (এছইডব্লিউএ), লক্ষ্ণৌৰ সহ-প্ৰতিষ্ঠাপক; তেওঁ সেই অনু্ষ্ঠানটিৰ সাধাৰণ সম্পাদক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ…
-
ৰূপা বাঈ ফুৰডুনজী
ৰূপা বাঈ ফুৰডুনজী ( Rupa Bai Furdoonji ) এগৰাকী ভাৰতীয় পাৰ্চী চিকিৎসক আছিল যি বিশ্বৰ প্ৰথম মহিলা এনাস্থেটিষ্ট আছিল। হায়দৰাবাদত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰিছিল আৰু ভাৰতত ক্ল'ৰফৰ্মক এনাস্থেটিক হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল৷
-
ৰূপামঞ্জৰী ঘোষ
ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল।
-
ৰেজিয়া ৰহিমটুলা
ৰেজিয়া ৰহিমটুলা (Razia Rahimtoola) (ৰেজিয়া এ. কে. গুল-মহম্মদৰ জন্ম ১৯১৯ চনৰ ২৯ আগষ্টত বোম্বাইত; মৃত্যু ১৯৮৮ চনৰ ১৩ নৱেম্বৰত কৰাচীত) কৰাচীৰ শিশু চিকিৎসা জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰৰ অধ্যক্ষ আছিল। ৰয়েল কলেজ অৱ ফিজিচিয়ানছ ফেল' হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা আছিল।
-
ৰেজ্জি কুৰুভিল্লা
ৰেজ্জি কুৰুভিল্লা (Rejji Kuruvilla) এগৰাকী ভাৰতীয়-আমেৰিকান জীৱবিজ্ঞানী। তেওঁ জন হপকিন্স স্কুল অৱ মেডিচিনৰ জীৱবিজ্ঞানৰ অধ্যাপক।
-
ৰেণু চক্ৰৱৰ্তী
ৰেণু চক্ৰৱৰ্তী (Renu Chakravartty,(১৯১৭-১৯৯৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী নেতা৷ তেওঁ এগৰাকী সাংসদ আৰু শিক্ষাবিদ আছিল।
-
ৰোহিণী বালাকৃষ্ণণ
ৰোহিণী বালাকৃষ্ণণ ভাৰতৰ এগৰাকী জীৱবিজ্ঞানী৷ তেওঁৰ গৱেষণাৰ মূল বিষয় জীৱ-জন্তুৰ মাজৰ যোগাযোগ (Animal communication) আৰু সংগীত (bioacoustics)৷ তেওঁ বৰ্তমান বেংগলুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্স বিভাগত জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷