অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুণা বেনাৰ্জী

ৰুণা বেনাৰ্জী (Runa Banerjee) হ'ল এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ দৰিদ্ৰ শ্ৰমিক মহিলাৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰা এক বেচৰকাৰী সংস্থা আত্ম-নিয়োজিত মহিলা সংস্থা (এছইডব্লিউএ), লক্ষ্ণৌৰ সহ-প্ৰতিষ্ঠাপক; তেওঁ সেই অনু্ষ্ঠানটিৰ সাধাৰণ সম্পাদক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ…

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ৰুণা বেনাৰ্জী (Runa Banerjee) হ'ল এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ দৰিদ্ৰ শ্ৰমিক মহিলাৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰা এক বেচৰকাৰী সংস্থা আত্ম-নিয়োজিত মহিলা সংস্থা (এছইডব্লিউএ), লক্ষ্ণৌৰ সহ-প্ৰতিষ্ঠাপক; তেওঁ সেই অনু্ষ্ঠানটিৰ সাধাৰণ সম্পাদক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে‍।১ ২০০৫ চনত শান্তিৰ নোবেল বঁটাৰ বাবে সামূহিকভাৱে মনোনীত হোৱা বিশ্বজুৰি শান্তিৰ মহিলাৰ ভিতৰত তেওঁ আছিল অন্যতম, অৱশ্য‍ে অৱশেষত মহম্মদ এলবাৰাদেই এই বঁটা লাভ কৰিছিল।২৩ ভাৰত চৰকাৰে ভাৰতীয় সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰুণা বেনাৰ্জীক ২০০৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪

জীৱনী

১৯৫০ চনত ভাৰতৰ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌৰ মডেল হাউছ অঞ্চলৰ এক হিন্দু পৰিয়ালত ৰুণা বেনাৰ্জীৰ জন্ম।৫ প্ৰথম বছৰবোৰত সমাজ সেৱাত সক্ৰিয় হৈ থকাৰ লগতে স্থানীয় মহিলা আৰু শিশুসকলক শিক্ষা প্ৰদানৰ কামত জড়িত আছিল বুলি জানিব পৰা গৈছে। ১৯৭৯ চনত দেৱীকা নাগৰ দৰে স্থানীয় চিনাকি চিকিৎসকৰ অংশগ্ৰহণেৰে দৰিদ্ৰ লোকৰ বাবে স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে। সেই বছৰ প্ৰকাশিত ইউনিচেফৰ এক প্ৰতিৱেদনে তেওঁক লক্ষ্ণৌত উৎপত্তি হোৱা এম্ব্ৰয়ডাৰীৰ পৰম্পৰাগত ৰূপ প্ৰদানকাৰী চিকানকাৰ শিল্পীসকলৰ ওপৰত মনোনিৱেশ কৰিবলৈ প্ৰেৰণা দিছিল।৫ এই প্ৰতিৱেদনত প্ৰকাশ পাইছে যে এই শিপিনীসকলক মধ্যভোগীয়ে শোষণ কৰাৰ ফলত তেওঁলোকে‍ দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছিল। বন্ধু ছেহবা হুছেইনৰ সৈতে লগলাগি‍ বেনাৰ্জীয়ে শিল্পীসকলৰ ল’ৰা-ছোৱালীৰ বাবে নামমাত্ৰ মাচুল ১ টকাকৈ‍ লৈ এখন প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিছিল; আৰম্ভণিতে যিখন বিদ্যালয়ত একক শিক্ষক আছিল, পিছলৈ সেইখন ছেৱা মণ্টেছৰী স্কুললৈ পৰিণত হয়।৬ ১৯৮৪ চনত ৩১জন সদস্যৰ শক্তিৰে আৰ্ন ৱাইল ইউ লাৰ্ণ নামৰ মিছন আৰম্ভ কৰে আৰু সেই বছৰতে স্বনিয়োজিত মহিলা সন্থাৰ (ছেৱা) লক্ষ্ণৌ অধ্যায়ত সংস্থাটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন হয়।৭ সংস্থাটোৱে চিকানকাৰী শিল্পীসকলক কাম কৰাৰ সময়ত এই শিল্পকলা শিকোৱাৰ বাবে এক মঞ্চ প্ৰদান কৰিছিল আৰু সদস্য সংখ্যা বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি হৈ‍ ৭৫০০ৰো অধিক হৈছিল।৫ প্ৰায় ৮০০০ মহিলাক সংস্থাটোৱে প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ প্ৰচেষ্টাই তেতিয়াৰ অৱনতি ঘটা চিকাংকাৰী শিল্পকলা পুনৰুজ্জীৱিত কৰাত সহায় কৰা বুলি জনা যায়।৮ সংস্থাটোৰ তত্ত্বাৱধানত ভাৰত আৰু বিদেশত কেইবাখনো প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, নতুন দিল্লীৰ ইছলামিক চেণ্টাৰত প্ৰথম এনে প্ৰদৰ্শনী অনুষ্ঠিত হয়, তাৰ পিছত ৱাশ্বিংটনত ৰেচম পথ অভিযান, মিলানত ২০০৩ চনৰ মেচেফ ইণ্টাৰনেশ্যনেল হোম শ্ব’, ব্ৰাইডছ অৱ দ্য অৰিয়েণ্ট মেলবৰ্ণত শ্ব’ আৰু লণ্ডন আৰু বাৰ্চিলোনাত অন্যান্য প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।৬ বৰ্তমান এই সংস্থাটো ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ আম্বেদকাৰ হস্তশিল্প বিকাশ যোজনা (AHVY)ৰ অন্তৰ্গত এক সংস্থা।৯

২০০২ চনত গুজৰাটত সংঘটিত হোৱা দাঙ্গাত নিহতসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো বেনাৰ্জীৰ প্ৰচেষ্টাৰ সংবাদ পোৱা গৈছিল।২ হুছেইনৰ সৈতে তেওঁ দাঙ্গাৰ পৰিপ্ৰেক্ষিতত গুজৰাট ভ্ৰমণ কৰি ভুক্তভোগী মহিলাসকলক জীৱিকাৰ বাবে চিকাংকাৰী লোৱাত সহায় কৰাৰ লগতে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰচেষ্টাসমূহৰ ফলত তেওঁ পিছউমেন এক্ৰছ দ্য গ্ল’বৰ সহকৰ্মীসকলৰ সৈতে ২০০৫ চনৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰে।৩ দুবছৰৰ পিছত ভাৰত চৰকাৰে তেওঁক ২০০৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪

তথ্যসূত্ৰ

  1. ↑ (2016). Governing Body Members of SEWA Lucknow. SEWA Lucknow
  2. ↑ (2016). Runa Banerjee on 1000peacewomen. 1000peacewomen
  3. ↑ (21 September 2005). 1000 Women Nobel Peace Prize Nominations 2005. Science for Peace
  4. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ (2012). Women Empowerment through SEWA & Revival of the Chikankari. Lucknow Society
  6. ↑ (22 October 2006). Runa Banerji The Woman Behind SEWA. Boloji
  7. ↑ (2016). Self Employed Women's Association. Indian NGOs
  8. ↑ (8 March 2013). The right kind of sewa revives a forgotten craft. Hindustan Times
  9. ↑ (2016). Implementing Agency Detail. Ministry of Textiles, Government of India

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুণা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৬৬৭৪০ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।