অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰূপামঞ্জৰী ঘোষ

ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰ প্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয়সমূহ হৈছে পৰীক্ষামূলক আৰু তাত্ত্বিক কোৱাণ্টাম আলোকবিজ্ঞান, লেজাৰ পদাৰ্থ বিজ্ঞান, অৰৈখিক আলোকবিজ্ঞান, আৰু কোৱাণ্টাম তথ্য, কোৱাণ্টাম পৰিমাপন আৰু চুম্বকীয়-আলোকবিজ্ঞান।১

শিক্ষা আৰু কৰ্মজীৱন

ৰূপামঞ্জুৰী ঘোষ হৈছে এগৰাকী গৱেষক, শিক্ষক, বক্তা আৰু এগৰাকী শৈক্ষিক প্ৰশাসক। তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপাছত নিউইয়ৰ্কৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা কোৱাণ্টাম অপটিকছত ডক্তৰেট ডিগ্ৰী লাভ কৰে।২তেখেতেৰ গৱেষণাৰ বিচৰণক্ষেত্ৰ হৈছে পৰীক্ষামূলক আৰু তাত্ত্বিক কোৱাণ্টাম আলোকবিজ্ঞান, লেজাৰ পদাৰ্থ বিজ্ঞান, অৰৈখিক আলোকবিজ্ঞান, আৰু কোৱাণ্টাম তথ্য, কোৱাণ্টাম পৰিমাপন আৰু চুম্বকীয়-আলোকবিজ্ঞান। প্ৰফেছাৰ লিঅ'নাৰ্ড মেণ্ডেলৰ লগত দ্বি-ফটন ইণ্টাৰফেৰেন্স বিষয়ত সম্পন্ন কৰা অগ্ৰগণ্য কৰ্মই কোৱাণ্টাম অপটিকছ আৰু কোৱাণ্টাম তথ্যৰ এক নতুন দিশৰ সূচনা কৰিছে।৩৪ ডক্তৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি উঠি তেখেত ভাৰতলৈ উভতি আহে আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফিজিকেল চায়েন্সেসত যোগদান কৰে। তাত তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰে।

২০১২ চনত তেখেতে শিৱ নদৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ নেছাৰেল ছায়েন্সেত প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে যোগদান কৰে। বিগত বছৰত তেখেতে প্ৰতিষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ নতুনকৈ গঢ় দিছে। ২০১৬ চনত তেখেত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়। বিজ্ঞান আৰু বিজ্ঞানৰ গৱেষণাক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ উপৰিও তেখেতে নৱম আৰু দশম শ্ৰেণীৰ বাবে NCERTয়ে প্ৰস্তুত কৰা বিজ্ঞান বিষয়ৰ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত মুখ্য উপদেষ্টা হিচাপে কাম কৰিছে।৫

বঁটা

ৰূপামঞ্জুৰী ঘোষক ২০০৮ চনত শ্ৰীশক্তি বিজ্ঞান সন্মান প্ৰদান কৰা হৈছিল।৬

তথ্যসূত্ৰ

  1. ↑ Ghosh, Rupamanjari. Professor Rupamanjari Ghosh. Jawaharlal Nehru University
  2. ↑ Graduate Alumni 1980-1989. University of Rochester
  3. ↑ Interference of two photons in parametric down-conversion. American Physical Society
  4. ↑ Observation of nonclassical effects in the interference of two photons. American Physical Society
  5. ↑ snu.edu.in/about/vice-chancellor
  6. ↑ Prof. Rupamanjari Ghosh. Stree Shakti

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানীমহিলা পদাৰ্থ বিজ্ঞানীভাৰতীয় পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপামঞ্জৰী ঘোষ” প্ৰবন্ধৰ সংশোধন ৪৮৫১২৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।