বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
লীলা ডুবে
লীলা ডুবে (Leela Dube; ২৭ মাৰ্চ ১৯২৩ - ২০ মে’ ২০১২) এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত আছিল, যাক বহুতে মৰমেৰে লীলাদী বুলি মাতিছিল। তেওঁ প্ৰখ্যাত নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানী স্বৰ্গীয় শ্যামা চৰণ ডুবেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
-
লীলা ৰামকুমাৰ ভাৰ্গৱ
ৰাণী লীলা ৰামকুমাৰ ভাৰ্গৱ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন নেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগী আছিল। তথা ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেলৰ পৰা ৰাজা উপাধিধাৰী মুন্সী ৰামকুমাৰ ভাৰ্গৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।
-
লীলাৱতী সিং
লীলাৱতী সিং (Lilavati Singh; জন্ম:১৪ ডিচেম্বৰ ১৮৬৮ - মৃত্যু: ৯ মে ১৯০৯) যাক লিলিৱতী সিং নামেৰেও জনা যায়। তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু লক্ষ্ণৌৰ ইছাবেলা থোবাৰ্ন কলেজৰ সাহিত্য আৰু দৰ্শনৰ অধ্যাপিকা আছিল।
-
লুচি ওমমেন
লুচি ওমমেন (Lucy Oommen) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ৰ ভাৰতীয় মূলৰ প্ৰথমজন চিকিৎসা সঞ্চালক। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত পি.কে.ওমমেন আৰু কোচনাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰা জেকব ওমমেন আৰু এলিছৰ ভগ্নী, তেওঁ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিতালৰ পৰা…
-
শমশাদ বেগম (সমাজ কৰ্মী)
শমশাদ বেগম (Shamshad Begum) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ছত্তীশগড়ৰ পিছপৰা সম্প্ৰদায় যেনে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ শিক্ষাৰ দিশত কৰা প্ৰচেষ্টাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে ২০১২ চনত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে তেওঁক সন্মান জনায়।
-
শল্লী অৱস্থী
শল্লী অৱস্থী এগৰাকী ভাৰতীয় অধ্যাপক তথা শিশুৰ হাওঁফাওঁ বিশেষজ্ঞ। তেখেতে ইউ পি ইণ্ডিয়াৰ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত কাম কৰে। অৱস্থী আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) স্বাস্থ্য-সুৰক্ষা আন্তঃপৃষ্ঠ কাৰিকৰী পৰামৰ্শদাতা গোট (HSI-TAG)ত নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী।
-
শশী ৱাধৱা
শশী ৱাধৱা (Shashi Wadhwa, জন্ম: ৩০ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। ২০১২ চনত তেওঁ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দেহতত্ত্ব বিভাগৰ ডিন পদত অধিষ্ঠিত হৈছিল।
-
শশীকলা সিনহা
শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত।
-
শাকু আট্ৰে
শকুন্তলা "শাকু" আত্ৰে (Shaku Atre; ১৯৪০ - ২০২৪) এগৰাকী ভাৰতীয় তথ্য বিজ্ঞানী আৰু এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা। আই.বি.এম.-ৰ সৈতে চৌধ্য বছৰীয়া কেৰিয়াৰৰ পিছত তেওঁ নিজা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু ব্যৱসায়িক প্ৰযুক্তি আৰু ডাটাবেছ ব্যৱহাৰৰ বিশেষজ্ঞ হিচাপে বহুলভাৱে পৰিচিত হৈছিল।
-
শান্তা সিনহা
শান্তা সিনহা (Shantha Sinha; জন্ম: ৭ জানুৱাৰী ১৯৫০) এগৰাকী ভাৰতীয় শিশু শ্ৰমিক বিৰোধী কৰ্মী। জনপ্ৰিয়ভাৱে এম ভি ফাউণ্ডেশ্যন (যিটো তেওঁৰ দাদা মমিডিপুডি ভেংকটাৰংগাইয়াৰ স্মৃতিত নামকৰণ কৰা হৈছে) নামেৰে জনাজাত মমিডিপুডি ভেংকটাৰংগাইয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ…
-
শান্তি ৰংগনাথন
শান্তি ৰংগনাথন (Shanthi Ranganathan) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ড্ৰাগছ আৰু মদ্যপান আসক্তৰ চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে চেন্নাইত অৱস্থিত টিটিকে হাস্পতাল পৰিচালনা কৰা বেচৰকাৰী সংস্থা টি টি ৰংগনাথন ক্লিনিকেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
-
শাৰদা শ্ৰীনিবাসন
শাৰদা শ্ৰীনিবাসন (ইংৰাজী: Sharada Srinivasan; জন্ম: ১৬ জানুৱাৰী ১৯৬৬) হৈছে এগৰাকী ভাৰতীয় শিল্প, পুৰাতত্ত্ব, প্ৰত্ন ধাতুবিজ্ঞান আৰু সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়নৰ বিশেষজ্ঞ আৰু পুৰাতত্ত্ববিদ।
-
শিঞ্জিনী ভটনাগৰ
শিঞ্জিনী ভটনাগৰ এগৰাকী ভাৰতীয় শিশু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ গৱেষণাক বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ২য় বিশ্ব কংগ্ৰেছ অৱ পেডিয়াট্ৰিক গেষ্ট্ৰ’এণ্টেৰ’লজী, হেপাট’লজী এণ্ড নিউট্ৰিচনত স্বীকৃতি দিয়ে।
-
শীলা বালকৃষ্ণন
ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ৷ তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক। তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।
-
শীলা মেহৰা
শীলা মেহৰা (Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।
-
শোবা ৰাজা
শোবা ৰাজা (Shoba Raja) এগৰাকী ভাৰতীয় মনোবিজ্ঞানী আৰু অক্ষমতা আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত দুৰ্বল গোটৰ উন্নয়নমূলক বিষয়ত কাম কৰাৰ বাবে পৰিচিত।
-
শোভনা শৰ্মা
শোভনা শৰ্মা (Shobhona Sharma; জন্ম ৫ ফেব্ৰুৱাৰী ১৯৫৩) মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ইমিউন’লজী, আণৱিক জীৱবিজ্ঞান, আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপিকা। তেওঁ জৈৱবিজ্ঞান বিভাগৰ অধ্যক্ষও। তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল'।
-
শ্বিৰিন এম. ৰায়
শ্বিৰিন এম. ৰায় এফ বি এ (Shirin M. Rai; জন্ম: ১ ডিচেম্বৰ ১৯৬০) এগৰাকী আন্তঃশাখা পণ্ডিত যিয়ে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সীমা অতিক্ৰম কৰি কাম কৰে।
-
শ্বেৰিন ৰত্নগৰ
শ্বেৰীন এফ. ৰত্নগৰ (Shereen Ratnagar) এগৰাকী ভাৰতীয় প্ৰত্নতত্ত্ববিদ, যাৰ কামৰ কেন্দ্ৰবিন্দু হৈছে সিন্ধু উপত্যকাৰ সভ্যতা। তেওঁ কেইবাখনো গ্ৰন্থ আৰু শৈক্ষিক পাঠ্যপুথিৰ লেখিকা।
-
শ্যামলা গোপালন
শ্যামলা গোপালন (Shyamala Gopalan; ৭ ডিচেম্বৰ, ১৯৩৮ – ১১ ফেব্ৰুৱাৰী, ২০০৯) লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ এগৰাকী জৈৱ চিকিৎসা বিজ্ঞানী আছিল, যিয়ে প্ৰজেষ্টেৰন ৰিচেপ্টৰ জিন পৃথক আৰু বৈশিষ্ট্য নিৰ্ণয়ৰ কামে স্তন জীৱবিজ্ঞান আৰু অংক'লজীৰ অগ্ৰগতিৰ বাবে উদ্দীপিত কৰিছে।
-
শ্ৰুবৱতী গোস্বামী
শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।
-
শৰ্মিলা ভট্টাচাৰ্য
শৰ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয়-আমেৰিকান বিজ্ঞানী যিয়ে এষ্ট্ৰ'বায়'নিক্সৰ মুখ্য বিজ্ঞানী হিচাপে কাম কৰে আৰু নাছাৰ এমেছ ৰিচাৰ্চ চেণ্টাৰৰ বায়'মডেল পাৰফৰমেন্স এণ্ড বিহেভিয়াৰ লেবৰেটৰীৰ মুৰব্বী হিচাপে কাম কৰে।
-
শৰ্মিলা ৰেগে
শৰ্মিলা ৰেগে (Sharmila Rege; ৭ অক্টোবৰ ১৯৬৪ – ১৩ জুলাই ২০১৩) এগৰাকী ভাৰতীয় সমাজবিজ্ঞানী, নাৰীবাদী পণ্ডিত আৰু ৰাইটিঙ কাষ্ট, ৰাইটিঙ জেণ্ডাৰৰ লেখিকা। তেওঁ পুনে বিশ্ববিদ্যালয়ৰ ক্ৰান্তিজ্যোতি সাবিত্ৰীবাই ফুলে মহিলা অধ্যয়ন কেন্দ্ৰ (লিংগ অধ্যয়ন বিভাগ)ৰ নেতৃত্ব দিছিল যিটো পদত তেওঁ ১৯৯১ চনৰ পৰা আছিল।
-
সন্ধ্যা শ্ৰীকান্ত বিশ্বেশ্বৰিয়া
সন্ধ্যা শ্ৰীকান্ত বিশ্বেশ্বৰিয়া (Sandhya Srikant Visweswariah) ভাৰতৰ বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী বিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁ উন্নয়নমূলক জীৱবিজ্ঞান আৰু জেনেটিক্স বিভাগৰ অধ্যক্ষ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহ-অধ্যক্ষ আছিল।
-
সুজাতা ৰামদ'ৰাই
সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২) হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল…
-
সুদেষ্ণা সিন্হা
সুদেষ্ণা সিন্হা (Sudeshna Sinha) মোহালিৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী অধ্যাপিকা। তেওঁ এক দশকতকৈও অধিক কাল চেন্নাইত অৱস্থিত গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে 'অৰৈখিক পদাৰ্থ বিজ্ঞান (nonlinear physics)'।
-
সুধা ভট্টাচাৰ্য
সুধা ভট্টাচাৰ্য (জন্ম ৭ মাৰ্চ ১৯৫১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বিজ্ঞানী আৰু লেখিকা। মূলতঃ এমিবিয়াছিছৰ সৃষ্টি কৰা পৰজীৱী প্ৰ’ট’জ’য়া এনটাম’বা হিষ্ট’লাইটিকাৰ বিষয়ে কৰা গভীৰ অধ্যয়নৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে। ড° ভট্টাচাৰ্যৰ পৰীক্ষাগাৰে প্ৰথমে পৰজীৱীৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চাৰ্কুলাৰ ডি. এন.
-
সুনীতি ছলোমন
সুনীতি ছলোমন (Suniti Solomon; ১৯৩৮ বা ১৯৩৯ – ২৮ জুলাই, ২০১৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু অণুজীৱ বিজ্ঞানী আছিল যিয়ে এইড্ছ গৱেষক আৰু ১৯৮৫ চনত ভাৰতৰ চেন্নাইত প্ৰথম ভাৰতীয়ৰ এইড্ছ ৰোগ পোহৰলৈ অহাৰ পিছত এইড্ছ প্ৰতিৰোধৰ পথিকৃৎ।
-
সুভা ভেৰিয়াৰ
সুভা ভেৰিয়াৰ (Subha Varier) এগৰাকী ভাৰতীয় মহাকাশ অভিযন্তা। ভাৰতীয় উপগ্ৰহ উৎক্ষেপণত ব্যৱহৃত ভিডিঅ’ চিষ্টেমত বিশেষজ্ঞতা লাভ কৰিছে। ২০১৭ চনত তেওঁ এটা উৎক্ষেপণতে ১০৪টা উপগ্ৰহ অভিলেখ সৃষ্টি কৰাৰ পিছত মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
সুলোচনা গাডগিল
সুলোচনা গাডগিল (Sulochana Gadgil) এগৰাকী ভাৰতীয় বতৰ বিজ্ঞানী যিগৰাকীয়ে ভাৰতৰ বাংগালুৰুস্থিত বায়ুমণ্ডল আৰু মহাসাগৰীয় বিজ্ঞান কেন্দ্ৰৰ (CAOS) অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।