সৰোজিনী চাহু (জন্ম: ৪ জানুৱাৰী ১৯৫৬) এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা, দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ (The New Indian Express) স্তম্ভলেখক আৰু চেন্নাইস্থিত ইংৰাজী আলোচনী ইণ্ডিয়ান এজিইৰ (Indian AGE) সহযোগী সম্পাদিকা।১২ কলকাতাৰ কিণ্ডল মেগাজিনে তেওঁক ভাৰতৰ ২৫ গৰাকী ব্যতিক্ৰমী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰিছে।৩ তেওঁ এগৰাকী ওড়িশা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক।৪
ব্যক্তিগত জীৱন
ওড়িশাৰ এখন সৰু চহৰ ধেনকানালত ১৯৫৬ চনৰ ৪ জানুৱাৰীত সৰোজিনী চাহুৰ জন্ম হৈছিল। তেওঁ ওডিয়া সাহিত্যত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী আৰু উৎকল বিশ্ববিদ্যালয়ৰ পৰা আইন শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ ওড়িশাৰ ঝাৰছুগুডাৰ বেলপাহাৰৰ এখন স্নাতক মহাবিদ্যালয়ত অধ্যাপনা কৰে।
তেওঁ হৈছে ইশ্বৰ চন্দ্ৰ চাহু আৰু প্ৰয়াত নলিনী দেৱীৰ দ্বিতীয় কন্যা। ওড়িশাৰ প্ৰবীণ সাহিত্যিক জগদীশ মহন্তৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।৫
কল্পকাহিনী

তেওঁৰ উপন্যাস গম্ভীৰি ঘৰ হৈছে ওড়িয়া সাহিত্যৰ এখন সৰ্বাধিক বিক্ৰীহোৱা গ্ৰন্থ।৬ তেওঁৰ উপন্যাসখনে নাৰীবাদী দৃষ্টিভংগী আৰু যৌন অকপটতাৰ বাবে সুনাম অৰ্জন কৰিছে৭ আৰু ভাৰতৰ পৰা The Dark Abode (২০০৮) শিৰোনামেৰে ইংৰাজী অনুবাদ আৰু বাংলাদেশৰ পৰা মিথ্যা গেৰোষ্টালী (২০০৭) শিৰোনামেৰে বাংলা অনুবাদ প্ৰকাশ পাইছে। চিন্তা পাব্লিচাৰ্ছ, তিৰুৱনন্তপুৰমৰ পৰা "ইৰুণ্ডা কূদৰাম" নামেৰে প্ৰমীলা কে.পি.য়ে এই উপন্যাসখন মালয়ালমলৈ অনুবাদ কৰিছে। লগতে জাৰ্মান ভাষাত মাৰ্টিনা ফুচছ (Martina Fuchs) আৰু হিন্দী ভাষাত দীনেশ কুমাৰ মালিয়ে প্ৰকাশ কৰিছে। আন এখন উপন্যাস পক্ষীবাস বাংলাদেশৰ পৰা ২০০৯ চনত একে শিৰোনামেৰে বাংলালৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে। এই উপন্যাসখন ২০১০ চনত দিল্লীৰ য়ছ প্ৰকাশনৰ পৰা দীনেশ কুমাৰ মালিয়ে আৰু একে শিৰোনামেৰে হিন্দীলৈ অনুবাদ কৰি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাজপাল এণ্ড সন্স আৰু নতুন দিল্লীৰ যশ প্ৰকাশনৰ পৰা দীনেশ কুমাৰ মালিয়ে সৰোজিনীৰ আন। দুখন উপন্যাস बंद कमरा আৰু विशादेश्वरी শিৰোনামেৰে হিন্দীলৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে। একেজন অনুবাদকে सरोजिनी साहू की दलित कहानियाँ আৰু रेप तथा अन्य कहानियां নামৰ আন দুখন গ্ৰন্থও অনুবাদ কৰিছে।
প্ৰবন্ধ
তেখেতে “চেন্সিবল চেঞ্চুৱেলিটি” (২০১০) শীৰ্ষক এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছে,৮ য'ত পূৱদেশীয় দৃষ্টিভংগীৰে নাৰীত্বক পুনৰ সংজ্ঞায়িত কৰি পূবৰ নাৰীবাদত (Eastern feminism) যৌনতাই কিয় মুখ্য ভূমিকা পালন কৰে সেই বিষয়ে অন্বেষণ কৰিছে। লেখকে ভাবে নাৰীবাদে ব্যক্তি হিচাপে পুৰুষৰ বিৰোধিতা কৰি কাম কৰা উচিত নহয়। তেওঁৰ মতে নাৰীবাদ হৈছে নিপীড়নকাৰী আৰু পুৰণি সামাজিক গাঁথনিৰ বিৰোধী যিয়ে পুৰুষ আৰু মহিলা উভয়কে ভুৱা আৰু বিৰোধী পদবীত স্থান দিবলৈ বাধ্য কৰে। এইদৰে নাৰীবাদী আন্দোলনত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। নাৰীবাদক পুৰুষ বিৰোধী বুলি চিহ্নিত কৰাৰ পৰা মুক্ত কৰিব বিচাৰে। তেওঁৰ মতে দ্বিতীয় ঢৌৰ তথাকথিত কু-সংস্কাৰপূৰ্ণ নাৰীবাদী মনোভাৱ জাপি দিয়াতকৈ মানুহে নিজৰ নাৰীত্বৰ ওপৰত গুৰুত্ব দিয়া উচিত।৯
এগৰাকী ভাৰতীয় নাৰীবাদী হিচাপে সৰোজিনী চাহুৰ বহু লেখাত নাৰী যৌনতা, নাৰীৰ আৱেগিক জীৱন, আৰু মানৱ সম্পৰ্কৰ জটিল আৱৰণৰ বিষয়ে স্পষ্টভাৱে আলোচনা কৰা হৈছে, য’ত নাৰীৰ অভ্যন্তৰীণ অভিজ্ঞতা আৰু তেওঁলোকৰ যৌনতা কেনেকৈ পৰম্পৰাগত পিতৃতান্ত্ৰিক সমাজে ভাবুকি হিচাপে গণ্য কৰে সেই বিষয়ে বিস্তৃতভাৱে চিত্ৰিত কৰা হৈছে; এই গ্ৰন্থখন এই ধৰণৰ বিৰল আৰু ইয়াত এনে বিষয় সামৰি লোৱা হৈছে যিবোৰ এতিয়ালৈকে কোনো ভাৰতীয় বক্তৃতাত কেতিয়াও আলোচনা কৰা হোৱা নাই। নাৰীবাদৰ ওপৰত তেওঁৰ বিতৰ্কিত ধাৰণা, ছিমন ডি ব'ভ'য়াৰৰ 'the other theory'ক অস্বীকাৰ কৰা আদিয়ে তেওঁক দক্ষিণ এছিয়াৰ এগৰাকী বিশিষ্ট নাৰীবাদী ব্যক্তিত্ব কৰি তুলিছে আৰু যাৰ বাবে ভাৰতৰ কিণ্ডল আলোচনীয়ে তেওঁক ভাৰতৰ ২৫ গৰাকী ব্যতিক্ৰমী মনস্কতাৰ মহিলাৰ ভিতৰত স্থান দিছে।১০
বঁটা
- ওড়িশা সাহিত্য অকাডেমী বঁটা, ১৯৯৩
- ঝংকাৰ বঁটা, ১৯৯২
- ভুৱনেশ্বৰ গ্ৰন্থমেলা বঁটা, ১৯৯৩
- প্ৰজাতন্ত্ৰ বঁটা, ১৯৮১, ১৯৯৩
- লাদলী মিডিয়া বঁটা, ২০১১
নিৰ্বাচিত গ্ৰন্থ
- উপনিৱেশ (১৯৯৮)
- প্ৰতিবন্দী (১৯৯৯)
- স্বপ্না খোজালী মানে (২০০০)
- মহাযাত্ৰা (২০০১)
- গম্ভীৰি ঘৰ (২০০৫)
- বিষাদ ঈশ্বৰী (২০০৬)
- পক্ষীবাস (২০০৭)
- অসামাজিক (২০০৮)
তথ্যসূত্ৰ
- ↑ Oriya Nari. Accessed 7 November 2010
- ↑ Express Buzz. Accessed 7 November 2010
- ↑ Orissa Diary . Accessed 8 April 2010
- ↑ Orissa Sahitya Akademy . Accessed 7 November 2010
- ↑ Official web site . Accessed 11 August 2007
- ↑ Books: Oriya Nari. Accessed 7 November 2010
- ↑ Accessed 04 August 2010.
- ↑ published by Authors Press, E-35/103, Jawahar Park, Laxmi Nagar, Delhi- 110 092
- ↑ Note by publisher of Sensible Sensuality,, Accessed 3 September 2010
- ↑ Preface by publisher of Sensible Sensuality
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজিনী চাহু” প্ৰবন্ধৰ সংশোধন ৪৮৫২৫৬ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।