অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোহিণী বালাকৃষ্ণণ

ৰোহিণী বালাকৃষ্ণণ ভাৰতৰ এগৰাকী জীৱবিজ্ঞানী৷ তেওঁৰ গৱেষণাৰ মূল বিষয় জীৱ-জন্তুৰ মাজৰ যোগাযোগ (Animal communication) আৰু সংগীত (bioacoustics)৷ তেওঁ বৰ্তমান বেংগলুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্স বিভাগত জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷

হালনাগাদ: ১ মাৰ্চ ২০২৫ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰোহিণী বালাকৃষ্ণণ ভাৰতৰ এগৰাকী জীৱবিজ্ঞানী৷ তেওঁৰ গৱেষণাৰ মূল বিষয় জীৱ-জন্তুৰ মাজৰ যোগাযোগ (Animal communication) আৰু সংগীত (bioacoustics)৷ তেওঁ বৰ্তমান বেংগলুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্স বিভাগত জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷১২

শিক্ষা আৰু কেৰিয়াৰ

ৰোহিণী বালাকৃষ্ণণে জীৱবিজ্ঞানত স্নাতক আৰু প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৯১ চনত তেওঁ মুম্বাইত অৱস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ পৰা ব্যৱহাৰিক আনুবংশিক বিজ্ঞান (Behavioural genetics) বিষয়ত ডক্টৰেট উপাধি লাভ কৰে৷৩৪ ১৯৯৩ ৰ পৰা ১৯৯৬ চনলৈ তেওঁ কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত ব্যৱহাৰিক পৰিস্থিতিবিজ্ঞান (behavioral ecology) বিষয়ত প’ষ্ট ডক্টৰেল গৱেষণা চলায়৷ ইয়াৰ পিছতেই ১৯৯৬ ৰ পৰা ১৯৯৮ চনলৈ তেওঁ জাৰ্মানিৰ আৰ্ল’ঙেন (University of Erlangen) ৰ পৰা জীৱজন্তুৰ সাংগিতিক যোগাযোগ (Acoustic communication in animals) বিষয়ত গৱেষণা চলায়৷২ ইয়াৰ পিছতেই ১৯৯৮ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে যোগদন কৰেহি আৰু বৰ্তমান ইয়াৰে চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সৰ চেয়াৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ ২

গৱেষণা

বালাকৃষ্ণণৰ বৰ্তমানৰ গৱেষণাৰ মূল লক্ষ্য হ’ল জীৱ-জন্তুৰ মাজত সাংগীতিক যোগাযোগ (acoustic communication)ৰ সহায়ত সিহঁতৰ বিভিন্ন ব্যৱহাৰৰ কাৰণ আৰু পৰিণতি (causes and consequences) ৰ বুজ লোৱা৷ তেওঁৰ সৈতে গৱেষকৰ দলটোৱে দক্ষিণ ভাৰতৰ বিভিন্ন নাতিশীতোষ্ণ অৰণ্যত জন্তুৰ মাজৰ যোগাযোগ আৰু তাৰ ওপৰত পৰিস্থিতিতন্ত্ৰৰ প্ৰভাৱৰ বিষয়ে গৱেষণা চলাই আহিছে৷৫ এই গৱেষণা প্ৰধানকৈ কুড্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যান (Kudremukh National Park)ত উইচিৰিঙা (cricket) আৰু বাদুলী৬, মুডুমালাই বন্যপ্ৰাণী অভয়াৰণ্য (Mudumalai Wildlife Sanctuary) ৰ হাতী৭ আৰু বিলিগিৰি ৰংগস্বামী মন্দিৰ অভয়াৰণ্য (Biligiri Rangaswamy Temple Sanctuary) ৰ চৰাইৰ ওপৰত কৰি থকা হৈছে৷৮ Her lab was the first to study vocal communication in the Greater racket-tailed drongo.৯ এই প্ৰকল্প সমূহত বালাকৃষ্ণণৰ অধীনত গৱেষকৰ দলটোৱে সাংগীতিক যোগাযোগ আৰু ব্যৱহাৰৰ বিষয়ে অনুসন্ধান কৰি আহিছে৷ তাৰোপৰি তেওঁৰ গৱেষণাত জীৱজন্তুৰ খাদ্যসন্ধান (foraging strategies), চিকাৰ আৰু চিকাৰীৰ বিনিময় (predator-prey interaction), প্ৰজননৰ সৈতে জড়িত জন্তুৰ ব্যৱহাৰ আদিও সাঙুৰি লৈছে৷১০ ৭৮

বিশেষ অৱদান

বালাকৃষ্ণণে উইচিৰিঙাৰ কেইবাবিধো নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে৷১১ জীৱবিজ্ঞানলৈ ৰোহিণী বালাকৃষ্ণণৰ অৱদানৰ স্বীকৃতি জনাই তেওঁৰ নাম অনুসৰি মেক্সিক’ আৰু ভাৰতৰ কেৰালাত আৱিষ্কাৰ হোৱা দুবিধ নতুন উইচিৰিঙাৰ প্ৰজাতিৰ নামকৰণ কৰা হৈছে৷ এই প্ৰজাতি দুবিধৰ বৈজ্ঞানিক নাম হৈছে Oecanthus rohiniae আৰু Teleogryllus rohini ৷১২১১

প্ৰকাশিত গৱেষণা পত্ৰ

  • Deb, R., Modak, S., & Balakrishnan, R. (2020). Baffling: A cheater strategy using self-made tools in tree crickets. BioRxiv. https://doi.org/10.1101/2020.05.06.080143১৩
  • Torsekar, V. R. & Balakrishnan, R. (2020). Sex differences in alternative reproductive tactics in response to predation risk in tree crickets. Functional Ecology 34, 2326–2337. doi.org/10.1111/1365-2435.13652
  • Buxton, R.T., Agnihotri, S., Robin, V.V., Goel, A. and Balakrishnan, R. (2018). Acoustic indices as rapid indicators of avian diversity in different land-use types in an Indian biodiversity hotspot. Journal of Ecoacoustics, 2, GWPZVD (1-17).
  • Rajaraman, K., Godthi, V., Pratap, R. & Balakrishnan, R. (2015) A novel acoustic-vibratory multimodal duet. Journal of Experimental Biology 218, 3042–3050. doi:10.1242/jeb.122911
  • Rohini Balakrishnan (2005). Species Concepts, Species Boundaries and Species Identification: A View from the Tropics, Systematic Biology, Volume 54, Issue 4, August 2005, Pages 689–693, https://doi.org/10.1080/10635150590950308১৪
  • Balakrishnan R., Pollack G. (1996). Recognition of courtship song in the field cricket, Teleogryllus oceanicus, Animal Behavior Volume 51, Issue 2, February 1996, Pages 353–366, https://doi.org/10.1006/anbe.1996.0034৬
  • Balakrishnan, R., & Pollack, G. (1997). The role of antennal sensory cues in female responses to courting males in the cricket Teleogryllus oceanicus. Journal of Experimental Biology, 200(3), 511 LP – 522. Retrieved from http://jeb.biologists.org/content/200/3/511.abstract১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ IISc Team Studying how Insects Talk. Neweindianexpress.com
  2. ↑ Chasing the Music in Nature: In Conversation with Bioacoustician Dr Rohini Balakrishnan. The Weather Channel
  3. ↑ Obaid Siddiqi and Veronica Rodrigues. Ces.iisc.ernet.in
  4. ↑ 4 Academic generations. ces.iisc.ernet.in
  5. ↑ Ecology of acoustic signaling and the problem of masking interference in insects. Journal of Comparative Physiology A
  6. ↑ Balakrishnan, ROHINI; Pollack, GERALD S. (1996-02-01). Recognition of courtship song in the field cricket,Teleogryllus oceanicus. Animal Behaviour. পৃ. 353–366
  7. ↑ Nair, S.; Balakrishnan, R.; Seelamantula, C. S. (2009). Vocalizations of wild Asian elephants (Elephas maximus): structural classification and social context. The Journal of the Acoustical Society of America. পৃ. 2768–2778
  8. ↑ Decoding Birdsong
  9. ↑ Agnihotri, Samira; Sundeep, P. V. D. S.; Seelamantula, Chandra Sekhar. (6 March 2014). Quantifying Vocal Mimicry in the Greater Racket-Tailed Drongo: A Comparison of Automated Methods and Human Assessment. PLOS ONE. পৃ. e89540
  10. ↑ Bhattacharya, M.; Isvaran, K.; Balakrishnan, R. (2017). A statistical approach to understanding reproductive isolation in two sympatric species of tree crickets. Journal of Experimental Biology. পৃ. 1222–1232
  11. ↑ Rohini Balakrishnan, IISc scientist who 'shares' name with cricket species in Kerala & Mexico. The Print
  12. ↑ (18 Feb 2021). Oecanthus rohiniae sp. nov. (Gryllidae: Oecanthinae): A new chirping tree cricket of the rileyi species group from Mexico. Journal of Orthoptera Research
  13. ↑ Deb, Rittik; Modak, Sambita; Balakrishnan, Rohini. (2020-05-07). Baffling: A cheater strategy using self-made tools in tree crickets. bioRxiv. পৃ. 2020.05.06.080143
  14. ↑ Balakrishnan, Rohini. (2005-08-01). Species Concepts, Species Boundaries and Species Identification: A View from the Tropics. Systematic Biology. পৃ. 689–693
  15. ↑ Balakrishnan, R.; Pollack, G. (1997-01-01). The role of antennal sensory cues in female responses to courting males in the cricket Teleogryllus oceanicus. Journal of Experimental Biology. পৃ. 511–522

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানীমহিলা বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিণী বালাকৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৪৮৪৯৯৯ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।