অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰোজ চুৰামণি গোপাল

সৰোজ চুৰামণি গোপাল ( Saroj Chooramani Gopal; জন্ম ২৫ জুলাই ১৯৪৪) এজন ভাৰতীয় চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদ। চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। পেডিয়াট্ৰিক চাৰ্জাৰীত এম. চি. এইচ. লাভ কৰা তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সৰোজ চুৰামণি গোপাল ( Saroj Chooramani Gopal; জন্ম ২৫ জুলাই ১৯৪৪) এজন ভাৰতীয় চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদ। চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।১ পেডিয়াট্ৰিক চাৰ্জাৰীত এম. চি. এইচ. লাভ কৰা তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা।২

জীৱনী

সৰোজ চুৰামণি গোপালৰ জন্ম হৈছিল ১৯৪৪ চনৰ ২৫ জুলাইত, ভাৰতৰ উত্তৰ প্ৰদেশৰ তীৰ্থযাত্ৰী চহৰ মথুৰাত।৩ স্কুলীয়া শিক্ষাৰ পিছত চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ বাছি লৈ ১৯৬৬ চনত আগ্ৰাৰ সৰোজিনী নাইডু চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেখন কলেজতে এম এছ কৰে, ১৯৬৯ চনত।৪ ইয়াৰ পাছত ১৯৭৩ চনত নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা শিশু শল্যচিকিৎসাত এম. চি. এইচ. লাভ কৰে, ভাৰতত শিশু শল্যচিকিৎসাত এই ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।৪

১৯৭৩ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপকত যোগদান কৰি সৰোজ গোপালৰ কেৰিয়াৰ আৰম্ভ হয় আৰু ২০০৮ চনত অৱসৰ লোৱালৈকে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক আৰু চিকিৎসা অনুষদৰ ডীন হিচাপে কাম কৰে।৩ সেই বছৰতে তেওঁ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ (কেজিএমইউ) উপাচাৰ্য হিচাপে নিৰ্বাচিত হয় আৰু মায়াৱতীৰ দিনত কিছুদিনৰ বাবে ছাত্ৰপতি শ্বাহুজী মহাৰাজ মেডিকেল ইউনিভাৰ্চিটি নামেৰে থকা বিশ্ববিদ্যালয়খনৰ মুৰব্বী হোৱা প্ৰথম মহিলা হিচাপে বিবেচিত হয়।২৫ ২০১১ চনত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।৬

উত্তৰাধিকাৰ

শিশু অস্ত্ৰোপচাৰৰ কেইবাটাও কৌশলৰ পথ প্ৰদৰ্শক সৰোজ চূৰমণি গোপালে প্ৰকাশ কৰা বহু গৱেষণামূলক প্ৰবন্ধৰ উপৰিও কেজিএমইউৰ কাৰ্যকালত তেওঁ কৰা উন্নয়নমূলক প্ৰচেষ্টাৰ বাবেও পৰিচিত বুলি জানিব পৰা গৈছে।৭

পদসমূহ

সৰোজ গোপালে জৈৱ চিকিৎসা গৱেষণা কেন্দ্ৰৰ সন্মানীয় অধ্যাপকৰ পদত অধিষ্ঠিত।৮ ১৯৯৮ চনত ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ পেডিয়াট্ৰিক চাৰ্জনৰ সভানেত্ৰী আছিল, যাৰ বৰ্তমান তেওঁ সদস্য।৩৭ তেওঁ নতুন দিল্লীৰ নেশ্যনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ এক্সপাৰ্ট পেনেলৰ সদস্য, বহু বিশ্ববিদ্যালয়ৰ সৈতে পৰীক্ষক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰিদৰ্শক হিচাপে কাম কৰি আহিছে। বৰ্তমান তেওঁ নতুন দিল্লীৰ নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ সভানেত্ৰী।

এছ’চিয়েশ্যন অৱ চাৰ্জনছ অৱ ইণ্ডিয়া, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু ইণ্ডিয়ান একাডেমী অৱ মেডিকেল ছায়েন্সৰ দৰে পেছাদাৰী সংস্থাৰ সদস্যও।৩৭

তথ্যসূত্ৰ

  1. ↑ (26 January 2013). Padma 2013
  2. ↑ (2024-01-12). At 79, paediatric surgeon back in the classroom, enrols for PhD at IIT Kanpur. The Indian Express
  3. ↑ (2014). Vidwan. Vidwan
  4. ↑ (2014). BHU. BHU
  5. ↑ (23 July 2012). Press Information Bureau. Information & Public Relations Department, U.P
  6. ↑ (2014). KGMU. KGMU
  7. ↑ (2014). BHU IMS. BHU IMS
  8. ↑ (2014). CBMR. CBMR

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজ চুৰামণি গোপাল” প্ৰবন্ধৰ সংশোধন ৫৬৯৭৫৩ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।