কমল ৰণদিৱে (Kamal Ranadive, ৮ নৱেম্বৰ ১৯১৭ – ১১ এপ্ৰিল ২০০১) এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল।১২৩ ১৯৬০ৰ দশকত তেওঁ মুম্বাইৰ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰত ভাৰতৰ প্ৰথম টিছু কালচাৰ বা দেহকলা উৎপাদন গৱেষণাগাৰ স্থাপন কৰিছিল।৪৫
প্ৰাৰম্ভিক জীৱন
১৯১৭ চনৰ ৮ নৱেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত কমল ৰণদিৱেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিনকৰ দাট্টাত্ৰেয় সামৰ্থ আৰু মাতৃ শান্তাবাঈ দিনকৰ সামৰ্থ। তেওঁৰ দেউতাক এজন জীৱবিজ্ঞানী আছিল আৰু পুনেৰ ফেৰ্গুছচন কলেজত অধ্যাপনা কৰিছিল।৬ কমল এগৰাকী উজ্জ্বল শিক্ষাৰ্থী আছিল। তেওঁ হুজুৰপাগাৰ এইচ.এইচ.চি.পি. উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৭ তেওঁৰ দেউতাকে কমলক ঔষধ অধ্যয়ন কৰিবলৈ আৰু এজন চিকিৎসকক বিয়া কৰাটো বিচাৰিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁ মুখ্য বিষয় হিচাপে উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ সৈতে ফেৰ্গুছচন কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল। তেওঁ ১৯৩৪ চনত ডিষ্টিংচনৰ সৈতে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮ তাৰ পিছত তেওঁ পুনেৰ কৃষি মহাবিদ্যালয়লৈ গৈছিল আৰু ১৯৪৩ চনত বিশেষ বিষয় হিচাপে কোষ বংশগতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰোহণ কৰিছিল। তাৰ পিছত তেওঁ ১৯৩৯ চনৰ ১৩ মে' তাৰিখে গণিতজ্ঞ জয়সিংহ ত্ৰিম্বক ৰণদিৱেক বিয়া কৰায় আৰু বোম্বাইলৈ স্থানান্তৰিত হৈছিল। তেওঁলোকৰ এজন পুত্ৰ অনিল জয়সিংহ আছে।৯
বোম্বাইত (বৰ্তমান মুম্বাই) তেওঁ টাটা মেমৰিয়েল হস্পিটেলত কাম কৰিছিল। তেওঁৰ স্বামী ৰণদিৱে কোষ জীৱবিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়নত যথেষ্ট সহায় কৰিছিল। এই বিষয় তেওঁৰ দেউতাকে বাছনি কৰিছিল।১০ তেওঁ বোম্বে বিশ্ববিদ্যালয়ত তেওঁৰ ডক্টৰেট ডিগ্ৰী বাবেও গৱেষণা কৰিছিল। ৰোগবিশেষজ্ঞ আৰু ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰৰ প্ৰতিষ্ঠাতা ড॰ ভি. আৰ. খানলকাৰ তেওঁৰ গাইড আছিল।১১১২ ১৯৪৯ চনত বোম্বে বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি লাভ কৰাৰ পিছত তেওঁক খানলকাৰে আমেৰিকান বিশ্ববিদ্যালয়ত ফেলোশ্বিপ বিচাৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমুৰেত অৱস্থিত জনছ হপকিনছন বিশ্ববিদ্যালয়ত জৰ্জ গেৰ সৈতে তেওঁৰ গৱেষণাগাৰত টিছু কাল্চাৰৰ কৌশলৰ ওপৰত গৱেষণা কৰিবলৈ পোষ্টডক্টৰেটৰ গৱেষণা ফেলোশ্বিপ লাভ কৰিছিল।১৩
পেছাদাৰী জীৱন
কমলে ভাৰতলৈ উভতি অহাৰ পিছত ভাৰতীয় কৰ্কট ৰোগ গৱেষণা কেন্দ্ৰত পুনৰ যোগদান কৰিছিল আৰু এজন জ্যেষ্ঠ গৱেষণা বিষয়া হিচাপে তেওঁৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। বোম্বাইত পৰীক্ষামূলক জীৱবিজ্ঞান গৱেষণাগাৰ আৰু টিছু কালচাৰ পৰীক্ষাগাৰ স্থাপনত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।১৪ ১৯৬৬ চনৰ পৰা ১৯৭০ লৈ তেওঁ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক আছিল।১৫ ১৯৬০ দশকৰ আৰম্ভণিতে তেওঁ তেওঁৰ সহায়কসকলৰ সৈতে জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত টিছু কাল্চাৰ মাধ্যম আৰু সম্পৰ্কিত প্ৰতিকাৰকসমূহ বিকশিত কৰিছিল। কাৰ্চিনোজেনেচিছ, কোষ জীৱবিজ্ঞান আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ নতুন গৱেষণা গোট স্থাপন কৰাৰ বাবেও তেওঁ দায়বদ্ধ আছিল। তেওঁৰ গৱেষণাৰ সাফল্যৰ ভিতৰত আছে জন্তুৰ মাধ্যমৰ জৰিয়তে কৰ্কট ৰোগৰ ৰোগশৰীৰবিজ্ঞানৰ ওপৰত গৱেষণা যাৰ ফলত লিউকেমিয়া, স্তনৰ কৰ্কট ৰোগ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ দৰে ৰোগৰ কাৰণবোৰ অধিক বোধগম্য হৈছিল। আন এক উল্লেখযোগ্য সাফল্য হল কৰ্কট ৰোগ আৰু হৰমন আৰু টিউমাৰ ভাইৰাছসম্পৰ্কৰ সংবেদনশীলতাৰ সৈতে এক সংযোগ স্থাপন কৰা। কুষ্ঠ ৰোগৰ টীকা বিকাশত কুষ্ঠ ৰোগৰ সৈতে সম্পৰ্কিত বেক্টেৰিয়াৰ ওপৰত তেওঁৰ মৌলিক গৱেষণায়ে সহায় কৰিছিল।১৬ বিশেষকৈ মহিলা আৰু শিশুৰ মাজত কৰ্কট ৰোগৰ ওপৰত গৱেষণা কৰিবলৈ তেওঁ ভাৰতীয় মহিলা বিজ্ঞানীসকলক মহান অনুপ্ৰেৰণা যোগাইছিল।১৭
বঁটা আৰু সন্মান
তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ১৯৮২ চনত চিকিৎসা শিতানত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১৮ ১৯৬৪ চনত তেওঁক ভাৰতৰ চিকিৎসা পৰিষদৰ প্ৰথম ৰূপালী জয়ন্তী গৱেষণা বঁটা প্ৰদান কৰা হৈছিল।১৯ এই বঁটাত সোণৰ পদক আৰু ১৫,০০০ টকাৰ নগদ পুৰস্কাৰ অন্তৰ্ভুক্ত আছিল।২০ তেওঁক মাইক্ৰ'জীৱবিজ্ঞানত ১৯৬৪ চনৰ বাবে জি. জে. ৱাটামুল ফাউণ্ডেচন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।২১
তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এগৰাকী এমিৰিটাছ চিকিৎসা বিজ্ঞানী আছিল।২২
গ্ৰন্থৰাজি
- Bhisey, Rajani. (2008). Lilavati's Daughters: The Women Scientists of India. Indian Academy of Sciences
- CENDIT. (1 December 1989). Indian Social and Economic Development 1989: An Index to the Literature. SAGE Publications
- Debus, Allen G. (1968). World Who's who in Science: A Biographical Dictionary of Notable Scientists from Antiquity to the Present. Marquis-Who's Who
- Foundation, Rockefeller. (1952). Annual Report. The Foundation
- Roy, Bidhan Chandra. (1970). Dr. B. C. Roy national award fund and silver jubilee research award fund souvenir, 1969-70. Medical Council of India
- Sciences, Indian Academy of. (1946). Proceedings of the Indian Academy of Sciences. Indian Academy of Sciences.
- Shearer, Benjamin F.; Shearer, Barbara Smith. (1 January 1997). Notable Women in the Physical Sciences: A Biographical Dictionary. Greenwood Press. ISBN 978-0-313-29303-0
- Varde, Abhijit. (1997). Daughters of Maharashtra: Portraits of Women who are Building Maharastra: Interviews and Photographs. Kalnirnay
তথ্যসূত্ৰ
- ↑ Debus 1968, পৃ. 1393
- ↑ Bhisey 2008, পৃ. 24–26
- ↑ Founder Members. Indian Women Scientists' Association
- ↑ Bhisey 2008, পৃ. 24-26
- ↑ Varde 1997, পৃ. 39
- ↑ Debus 1968, পৃ. 1393
- ↑ Bhisey 2008, পৃ. 24–26
- ↑ Varde 1997, পৃ. 39
- ↑ Debus 1968, পৃ. 1393
- ↑ Varde 1997, পৃ. 39
- ↑ Bhisey 2008, পৃ. 24-26
- ↑ Bhisey, R. Obsessed with excellence. Indian Academy of Sciences
- ↑ Bhisey 2008, পৃ. 24-26
- ↑ Shearer Shearer 1997, পৃ. 3213–13
- ↑ Shearer Shearer 1997, পৃ. 3213
- ↑ Bhisey 2008, পৃ. 24–26
- ↑ Shearer Shearer 1997, পৃ. 3213–13
- ↑ Padma Bhushan Awardees. Archives of Government of India
- ↑ Roy 1970, পৃ. 31
- ↑ (1964). Link. United India Periodicals
- ↑ (1965). IMDA Journal. All India Instrument Manufacturers & Dealers Association
- ↑ (1978). Year book
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল ৰণদিৱে” প্ৰবন্ধৰ সংশোধন ৪৮৫২৪৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।