যমুনা কৃষ্ণণ (জন্ম: ২৫ মে' ১৯৭৪) এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। ইয়াৰ আগতে তেওঁ ভাৰতৰে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰে ৰাষ্ট্ৰীয় জৈৱিকবিজ্ঞান কেন্দ্ৰত ৰিডাৰ হিচাপে কৰ্মৰত আছিল। তেওঁ ২০১৩ চনত তেওঁ ৰসায়ন বিজ্ঞানৰে ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল।১ লগে লগে তেওঁ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা কনিষ্ঠতম ব্যক্তিত পৰিগণিত হৈছিল। ২০১৭ চনত তেওঁ ভৌতিক বিজ্ঞানৰ শিতানত ইনফ'চিছ চাইন্স ফাউণ্ডেচনে আগবঢ়োৱা ইনফ'চিছ বঁটা লাভ কৰিছিল। ভৌতিক বিজ্ঞানৰে শিতানত ইনফ'চিছ বঁটা লাভ কৰা যমুনা কৃষ্ণণ প্ৰথম আৰু একমাত্ৰ মহিলা বিজ্ঞানী।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৪ চনৰ ২৫ মে' তাৰিখে কেৰালাৰ মালাপ্পুৰম জিলাৰ পাৰাপ্পানানগাড়ীত যমুনা কৃষ্ণণৰ জন্ম হৈছিল। ১৯৯৪ চনত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত চেন্নাইত অৱস্থিত খ্ৰীষ্টান মহিলা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৭ চনত তেওঁ বেংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ৰাসায়নিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। একে প্ৰতিষ্ঠানৰ পৰা তেওঁ ২০০২ চনত অজৈৱ ৰসায়নত পিএইছডি ডিগ্ৰী লাভ কৰিছিল।২ তেওঁ ২০০১ চনৰ পৰা ২০০৪ চনলৈ যুক্তৰাজ্যৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত পোষ্টডক্টৰেল ফেল' হিচাপে গৱেষণাৰত আছিল।
কৰ্মজীৱন
তেওঁ ২০০৫ চনত বেংগালুৰুত অৱস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ জৈৱিক বিজ্ঞান কেন্দ্ৰত ফেল' 'ই' হিচাপে যোগদান কৰিছিল। ২০০৯ চনত তেওঁ ৰাষ্ট্ৰীয় জৈৱিক বিজ্ঞান কেন্দ্ৰৰ ৰিডাৰ 'এফ' পদৱী লাভ কৰে। ২০১৩ চনত তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ বেংগালুৰুত অৱস্থিত ৰাষ্ট্ৰীয় জৈৱিক বিজ্ঞান কেন্দ্ৰত সহযোগী অধ্যাপক 'জি' পদলৈ পদোন্নতি লাভ কৰে। ২০১৪ চনৰ আগষ্ট মাহত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে যোগদান কৰে।
গৱেষণা
যমুনা কৃষ্ণণে বৰ্তমান নিউক্লিক এচিডৰ ডাইনামিক্স, নিউক্লিক এচিড নেন'টেকনলজি, কোষীয় আৰু উপ-কোষীয় প্ৰযুক্তি আদিৰ ক্ষেত্ৰসমূহত গৱেষণা কৰি আছে।২ তেওঁৰ পৰীক্ষাগাৰত ডিএনএৰ পাৰম্পৰিক বংশগতিৰ বাহক হিচাপে গণ্য কৰাৰ বাহিৰেও অন্যান্য ভূমিকা সমূহৰ অধ্যয়ন আৰু কোষৰ ভিতৰত ইন ভিভ' কোৱানটিটিভ ইমেজিং টেকনলজিৰ উন্নয়ন সাধন কৰি ডিএনএ নেন'ডিভাইছক ফ্লুৰেচেণ্ট ৰিপৰ্টাৰ হিচাপে ব্যৱহাৰ কৰি ৰিয়েল টাইমত চেকেণ্ড মেচেঞ্জাৰক মেপ কৰিবলৈ চেষ্টা চলাই আছে। তেওঁলোকে ভাৰ্চেটাইল, ফাংচনিং ইমেজিং টেকনলজি ব্যৱহাৰ কৰি ডিএনএৰ নেন'ষ্ট্ৰাকছাৰৰ চেল্ফ এচেম্বল হোৱা ৰিয়েল টাইমত চেকেণ্ড মেচেঞ্জাৰক জীৱিত কোষ আৰু বংশগতিৰ আৰ্হি জীৱ সমূহত গৱেষণা চলাই আছে।৩
বঁটা আৰু সন্মান
যমুনা কৃষ্ণণে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:
- ১৮৫১ গৱেষণা ফেল'শ্বিপ, ৰয়েল কমিচন ফৰ দা এক্সিবিচন অফ ১৮৫১
- ৱল্ফ কলেজৰ ফেল'শ্বিপ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়, যুক্তৰাজ্য
- উদ্ভাৱনশীল যুৱ জৈৱপ্ৰযুক্তিবিদ বঁটা, ডিবিটি
- ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী পদক
- ভাৰতীয় বিজ্ঞান একাডেমীৰ সহযোগী
- ৱাইআইএম-বষ্টন যুৱ বিজ্ঞানী বঁটা, ২০১২
- ডিবিটি-ৱেলকাম ন্যাস ভাৰত এলাইন্স জ্যেষ্ঠ ফেল'শ্বিপ বঁটা
- শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ৰাসায়নিক বিজ্ঞান, ২০১৩
- এভিআৰএ যুৱ বিজ্ঞানী বঁটা, ২০১৪
- চেল'ছ ৪০ আন্দাৰ, ২০১৪
- ফেকাল্টি অফ ১০০০ প্ৰাইম, কেমিকেল বায়লজি, ২০১৪
- কেমিকেল চাইন্সছ ইমাৰ্জিং ইনভেষ্টিগেটৰ বঁটা, ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰী
- ইনফ'চিছ বঁটা, ভৌতিক বিজ্ঞান,
২০১৭
তথ্যসূত্ৰ
- ↑ Dr. Samir K. Bramhachari Announces Shanti Swarup Bhatnagar Award 2013. Press Information Bureau, Government of India
- ↑ Curriculum Vitae of Yamuna Krishnan. NCBS
- ↑ chemistry.uchicago.edu/faculty/yamuna-krishnan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা কৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৭২ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।