অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আদিতি পণ্ট

আদিতি পণ্ট (Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আদিতি পণ্ট (Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।১২৩৪ তেওঁ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ, পুনে বিশ্ববিদ্যালয় আৰু মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমীৰ বিভিন্ন পদৱীত অধিষ্ঠিত আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মহাৰাষ্ট্ৰৰ নাগপুৰৰ এক মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত আদিতি পণ্টৰ জন্ম হৈছিল।৫৪ সৰু কালৰ পৰায়ে তেওঁ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল।৬ তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।৬৭ তেওঁ এলিষ্টাৰ হাৰ্ডিৰ গ্ৰন্থ 'দা অপেন চি' পঢ়ি এগৰাকী সমুদ্ৰ বিজ্ঞানী হোৱাৰ সপোন দেখিছিল।৬ সেইসময়তে তেওঁ উচ্চশিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলপানি লাভ কৰে আৰু হাৱাই বিশ্ববিদ্যালয়ৰ সমুদ্ৰ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। তেওঁ প্লেংকটনৰ সলোক সংশ্লেষণৰ ওপৰত গৱেষণা কৰিছিল। তাৰপিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ৱেষ্টফিল্ড কলেজত সাগৰীয় শেলাইৰ ওপৰত গৱেষণা কৰিবলৈ পিএইছডি শ্ৰেণীত যোগদান কৰে। তেওঁ সাগৰীয় শেলাইৰে শৰীৰবিদ্যাৰ ওপৰত গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ এছইআৰচি বঁটা লাভ কৰিছিল আৰু অনুসন্ধানৰ বাবে পুঁজি লাভ কৰিছিল।৬

কৰ্মজীৱন

আদিতি পণ্টে পিএইছডি সম্পূৰ্ণ কৰি আহি ভাৰতৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। ১৯৭৩ চনৰ পৰা ১৯৭৬ চনলৈ তেওঁ ভেৰাভালৰ পৰা কণ্যাকুমাৰীলৈকে আৰু মান্নাৰ উপসাগৰীয় অঞ্চলৰ বীচ সমূহৰ অনুসন্ধানমূলক গৱেষণা কৰিছিল। ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানৰ দক্ষিণ মহাসাগৰত দহবছৰ জুৰি গৱেষণাৰ প্ৰকল্প আছিল। ১৭ বছৰকাল ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত কটোৱা পিছত তেওঁ ১৯৯০ চনত পুনেত অৱস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত যোগদান কৰে। ইয়াত তেওঁ ১৫ বছৰকাল লৱণ সহিষ্ণু আৰু লৱণ ভালপোৱা জীৱৰ ওপৰত গৱেষণা চলাইছিল। তেওঁৰ গৱেষণা সমাপ্ত হোৱাৰ পিছত আকৌ গোৱাত অৱস্থিত ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ পুনে বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰফেছৰ এমিৰিটাছ পদত অধিষ্ঠিত আছিল।৭

এণ্টাৰ্কটিকা অভিযান

১৯৮৩ চনত ভাৰতৰ তৃতীয় এণ্টাৰ্কটিকা অভিযানত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।৪৮ বিশেষকৈ দক্ষিণ মহাসাগৰত খাদ্য শৃংখল, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ বিষয়ে তথ্য গোটাৱা তেওঁৰ এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল।৬ এণ্টাৰ্কটিকাৰ কঠোৰ জলবায়ুত তেওঁ চাৰিমাহ কাল গৱেষণা কৰিছিল।৪ তেওঁলোকৰ অভিযানৰ সময়ত তেওঁলোকে এণ্টাৰ্কটিকাত ভাৰতৰ প্ৰথম স্থায়ী কেন্দ্ৰ 'দক্ষিণ গংগোত্ৰী' স্থাপন কৰিছিল।৯ তেওঁ ১৯৮৪ চনত ভাৰতৰ পঞ্চম এণ্টাৰ্কটিকা অভিযানৰো সদস্য আছিল।৮

বঁটা আৰু সন্মান

আদিতি পণ্টৰ নামত পাঁচটা পেটেণ্ট আছে আৰু তেওঁৰ ৬৭ খনতকৈ বেছি গৱেষণা পত্ৰ বিভিন্ন আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত প্ৰকাশিত হৈছে।৭ভাৰতীয় এণ্টাৰ্কটিকা প্ৰগ্ৰেমত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক এণ্টাৰ্কটিকা বঁটা প্ৰদান কৰিছিল। এই বঁটা তেওঁ তেওঁৰ সহযোগী সুদীপ্তা সেনগুপ্তা, জয়া নৈথানী আৰু কানৱাল ভিলকুৰ সৈতে লাভ কৰিছিল।৩৪১০ তেওঁৰ অনুসন্ধানমূলক গৱেষণাৰ বাবে এছইআৰচি বঁটা লাভ কৰিছিল।৬ তেওঁ মহাৰাষ্ট্ৰ ছ'চাইটি ফৰ দা কাল্টিভেচন অফ চাইন্স, জেনেৰেল বডী অফ মহাৰাষ্ট্ৰ এছ'ছিয়েছন ফৰ দা কাল্টিভেচন অফ চাইন্স, জৈৱইন্ধন কমিটি আৰু ভাৰত চৰকাৰৰে জৈৱ প্ৰযুক্তি বিভাগৰ সদস্য। ইয়াৰ লগতে তেওঁ মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমীৰো সভ্য।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sharma, Sathya. (January 2001). Breaking the ice in Antarctica: The first Indian wintering in Antarctica. New Age International. পৃ. 38. ISBN 9788122412901
  2. ↑ Lilavati's Daughters. www.ias.ac.in. Indian Academy of Sciences
  3. ↑ Chaturvedi, Arun. Indian women in Antarctic expeditions: A historical perspective. www.ias.ac.in. Indian Academy of Sciences
  4. ↑ ADITI PANT: The First Indian Women to Reach Antartica Region · GyanPro Science Blog. gyanpro.com
  5. ↑ G. K. Ghosh; Shukla Ghosh. (2003). Brahmin Women. Firma KLM. পৃ. 48
  6. ↑ Pant, Aditi. An Oceanographer’s Life. ias
  7. ↑ Dr. Aditi Pant (Director)
  8. ↑ The first Indian Women who visited Antarctica. scienceindia.in
  9. ↑ (18 June 2016). Breaking the Ice: The Story of How India's Antarctic Mission Turned Ambition into Action. The Better India
  10. ↑ Indian Women in Science & Technology

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় মহিলা বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিতি পণ্ট” প্ৰবন্ধৰ সংশোধন ৪৮৫২২৭ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।