মুথুলক্ষ্মী ৰেড্ডী (৩০ জুলাই ১৮৮৬ – ২২ জুলাই ১৯৬৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথম ছাত্ৰী আছিল। তেওঁ চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথম মহিলা শল্য চিকিৎসক। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপ-সভাপতি, ৰাজ্য সমাজ কল্যাণ উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰনিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল।
১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুথুলক্ষ্মী ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৪৮৫২৫৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।