ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।১
শিক্ষা
তেখেতে মহাৰাণী প্ৰেম কুমাৰী বালিকা বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা সম্পন্ন কৰে। তাৰপিছত বাড়িপাড়াস্থিত এম.পি.চি. কলেজৰ পৰা অংকত অনাৰ্ছসহ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৬ চনত কটকৰ ৰাভেনশ্ব' কলেজৰ পৰা তেখেতে অংকশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। তেখেতে জবলপুৰ বিশ্ববিদ্যালয়ত চিএছআইআৰ পৰা এটা জলপানি লাভ কৰি ত্ৰিবিক্ৰম পটিৰ অধীনত গৱেষণা শেষ কৰে আৰু ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।২ গৱেষণাৰ কালছোৱাতেই তেখেতে ১৯৭০ চনত চম্বলপুৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। তেখেতে যোগদান কৰা বিভাগটোৰ নাম আছিল গাণিতিক বিজ্ঞান। ২০০৪ চনলৈকে, অৰ্থাৎ অৱসৰলৈকে তেখেতে সেইখন বিশ্ববিদ্যালয়তে অধ্যাপনা কৰি যায়।১
গ্ৰন্থ
তেখেতে সংখ্যা তত্ত্ব আৰু লিপিবিদ্যাত ইয়াৰ প্ৰয়োগ নামৰ এখন গ্ৰন্থ লিখে। (কটক:কল্যাণী প্ৰকাশক, ২০০০).২৩ গৱেষণাত তেখেতে ইংৰাজ অংকবিদ ব্ৰায়ান কাটনাৰৰ সৈতে "ফুৰিয়াৰ ছিৰিজ" সম্পৰ্কীয় কাম কৰে।২৪
ভাৰত আৰু আমেৰিকাৰ গাণিতিক সমাজৰ তেখেত এগৰাকী আজীৱন সদস্যা।১
বঁটা আৰু সন্মান
- সংখ্যা তত্ত্ব, লিপিবিদ্যা আৰু বিশ্লেষণৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে উৰিষ্যা গাণিতিক সমাজৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত, উৰিষ্যাৰ জয়পুৰ ৰোডস্থিত ব্যাসনগৰ স্বায়ত্ত্বশাসিত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৪২তম বাৰ্ষিক সন্মিলনত, চেন্নাই গাণিতিক অধ্যয়নৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ ৰামচন্দ্ৰন বালাসুব্ৰমনিয়ামৰ পৰা তেখেতে এই সন্মানটি লাভ কৰে।২৩
নিৰ্বাচিত হোৱা প্ৰকাশনসমূহ
- Sukla, Indulata. (1982). A Tauberian theorem for strong Abel summability type. Proceedings of the American Mathematical Society. পৃ. 185–191.
- Kuttner, B.; Sukla, I. L. (1985). On ⟨({\mathcal{D}}, h(n))⟩ summability methods. Mathematical Proceedings of the Cambridge Philosophical Society. পৃ. 189–193.
তথ্যসূত্ৰ
- ↑ Indulata-Sukla
- ↑ (February 9, 2015). Mathematician Indulata Sukla Honoured. The Pioneer
- ↑ (February 9, 2015). Mathematician Awarded for Number Theory. The New Indian Express
- ↑ Kuttner Sukla 1985
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দুলতা শুক্লা” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৩৭ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।