অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিলভাৰিন স্বেৰ

ছিলভাৰিন স্বেৰ (Silverine Swer; ১২ নৱেম্বৰ ১৯১০ - ১ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক। তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছিলভাৰিন স্বেৰ (Silverine Swer; ১২ নৱেম্বৰ ১৯১০ - ১ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক।১ তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা।২ তেওঁ ভাৰত স্কাউট আৰু গাইডৰ ছিলভাৰ এলিফেণ্ট বঁটা আৰু কেইছাৰ ই হিন্দ বঁটা লাভ কৰিছিল। ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৩ এই সন্মান লাভ কৰা ছিলভাৰিন স্বেৰ মেঘালয়ৰ প্ৰথম ব্যক্তি।

প্ৰাৰম্ভিক জীৱন

১৯১০ চনৰ ১২ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পূৰ্ববংগ আৰু অসমৰ (বৰ্তমান মেঘালয়) শ্বিলঙৰ এক খ্ৰীষ্টান খাছী পৰিয়ালত ছিলভাৰিন স্বেৰৰ জন্ম হৈছিল।৪ তেওঁ প্ৰাৰম্ভিক শিক্ষা ৱেলছ মিছন গাৰ্লছ স্কুলত গ্ৰহণ কৰিছিল। তাৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৩২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত স্কটিছ চাৰ্চ কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৫ তাৰপিছত তেওঁ ১৯৩৬ চনত শিক্ষা বিভাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪

কৰ্মজীৱন

কলিকতাৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰি আহি ছিলভাৰিন স্বেৰে ১৯৩৭ চনত নিজৰ বিদ্যালয় ৱেলছ মিছন গাৰ্লছ স্কুলত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। এবছৰ পিছত ১৯৩৮ চনত তেওঁ ছোৱালীৰ গাইড আন্দোলনৰ পৰামৰ্শদাতা আৰু প্ৰশিক্ষক হিচাপে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসম, মিজোৰাম আৰু পূব পাকিস্তানৰ দায়িত্ব লাভ কৰিছিল।৬ ১৯৪৪ চনত তেওঁ ব্ৰিটিছ ভাৰত চৰকাৰৰ সহযোগী নিয়ন্ত্ৰক আৰু সীমাংকণ পদ লাভ কৰিছিল।৭ তেওঁ ১৯৪৯ চনলৈ এই পদত অধিষ্ঠিত থকাৰ পিছত চাকৰিৰ পৰা পদত্যাগ কৰে। পদত্যাগৰ পিছত তেওঁ শ্বিলঙত অৱস্থিত পাইন মাউণ্ট স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। তেওঁ তিনিবছৰ কাল বিদ্যালয়খনত অতিবাহিত কৰে। এই সময়তে তেওঁ অসম আৰু নেফা অঞ্চলৰ ৰাজ্যপাল আৰু উপদেষ্টা এন. কে. ৰুষ্টমজীক লগ পায়। তেওঁ ছিলভাৰিন স্বেৰক নেফা অঞ্চলৰ মুখ্য সামাজিক শিক্ষা বিষয়া পদত নিযুক্ত কৰে।৪তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৮ চনলৈ নেফাৰ পাছিঘাটত থকাৰ পিছত শ্বিলঙলৈ ঘূৰি আহে। ইয়াত তেওঁ মৰেল ৰিএৰেঞ্জমেণ্টৰ গুড ৱিল মুভমেণ্টৰ লগত জড়িত হৈ পৰে। ১৯৭০ চনত তেওঁ মৰেল ৰিএৰেঞ্জমেণ্টৰ ভাৰতীয় দলৰ সৈতে ছুইডেনলৈও গৈছিল।৬ পিছলৈ তেওঁ আন্তৰ্জাতিক মহিলা বৰ্ষ আৰু মেঘালয়ৰ সামাজিক উপদেষ্টা বৰ্ডৰ অধ্যক্ষ ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল।৮ তেওঁ ৰাজ্যিক গাইড আন্দোলনৰ কমিছনাৰ হিচাপে মুৰব্বী পদ আৰু উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ সদস্য আছিল।৬

বঁটা আৰু সন্মান

তেওঁ সহযোগী নিয়ন্ত্ৰক আৰু সীমাংকণ পদত থাকোঁতে ব্ৰিটিছ চৰকাৰৰ পৰা কেইছাৰ ই হিন্দ সন্মান লাভ কৰিছিল।৭ ১৯৭৬ চনত তেওঁ ভাৰত স্কাউট আৰু গাইডৰ ছিলভাৰ এলিফেণ্ট বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ পাটোগান চাংমা বঁটা আৰু ৰাধা গোবিন্দ বৰুৱা স্মৃতি ৰক্ষা সমিতি বঁটা লাভ কৰিছিল। ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৩

মৃত্যু

২০১৪ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে শ্বিলঙৰ ৰাইটচামথিয়াহত অৱস্থিত নিজা বাসভৱনত ১০৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৪তেওঁক শ্বিলঙৰ মাৱখাৰ প্ৰেছবাইটেৰীয়ান চাৰ্চ চিমেট্ৰিত সমাধিস্থ কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ (2 February 2014). The Hindu - Meghalaya’s first Padma Shri awardee dies at 103. The Hindu
  2. ↑ (2014). Arabia 365 News. Arabia 365
  3. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  4. ↑ (2 February 2014). Padmashri Silverine Swer passes away at 103. Shillong Times
  5. ↑ (1 February 2014). Meghalaya`s oldest voter and first Padmashree awardee dead. Zee News
  6. ↑ (2 February 2014). Kong Sil passes away at 103. The Telegraph
  7. ↑ (3 February 2014). Meghalaya bids adieu to oldest woman. Zee News
  8. ↑ (3 February 2014). Silverine Swer, Meghalaya's first Padma Shri Awardee died J Josh. Jagran Josh

সম্পৰ্কিত শ্ৰেণী

চৰকাৰী বিষয়াসমাজকৰ্মীভাৰতীয় শিক্ষাবিদপদ্মশ্ৰী বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলভাৰিন স্বেৰ” প্ৰবন্ধৰ সংশোধন ৬২৭৩০১ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।