অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিন্নী য়াংগা

বিন্নী য়াংগা (Binny Yanga, ৭ জুলাই ১৯৫৮ - ৩ ছেপ্টেম্বৰ ২০১৫) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা।

হালনাগাদ: ২২ আগষ্ট ২০২৫ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বিন্নী য়াংগা (Binny Yanga, ৭ জুলাই ১৯৫৮ - ৩ ছেপ্টেম্বৰ ২০১৫) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল১২ আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা।৩৪৫৬ ওজু ৱেলফেয়াৰ এছোচিয়েচন অৰুণাচল প্ৰদেশত অৱস্থিত এক বেচৰকাৰী সংগঠন আৰু ই সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰি আহিছে। বাল্য বিবাহ, জোৰকৈ বিবাহ কৰোৱা আৰু যৌতুকৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতো এই সংগঠন জড়িত।৭ ২০১২ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৮ চনৰ ৭ জুলাইত ভাৰতীয় ৰাজ্য অৰুণাচল প্ৰদেশত বিন্নী য়াংগাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নামনি সোৱণশিৰী জিলাৰ প্ৰাক্তন ৰাজনৈতিক সহায়ক স্বৰ্গীয় বিনি জাইপু আৰু মাতৃ পৰম্পৰাগত হস্ততাঁত পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰ বাবে জনাজাত বিনি য়াংয়া। বিন্নী তেওঁলোকৰ দুই কন্যাৰ জ্যেষ্ঠ আছিল সৰু গৰাকী অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ বৰ্তমানৰ অধ্যক্ষ গুমৰি ৰিংগু।৯ তেওঁ ৰাজস্থানৰ বনস্থলী বিদ্যাপীঠত শিক্ষা গ্ৰহণ কৰিছিল১০ আৰু ছাত্ৰকালত তেওঁ এক ছোৱালীৰ মঞ্চ গঠন কৰিছিল। সোৱণশিৰী জিলা ছোৱালী কল্যাণ সংস্থা নামৰ মঞ্চখনে বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ লগত জড়িত আছিল।১

কৰ্মজীৱন

শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ শিক্ষক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁ ১৯৭৯ চনত এটা প্ৰাপ্তবয়স্ক শিক্ষা আৰু নাৰ্চাৰী কেন্দ্ৰ স্থাপন কৰে আৰু পিছলৈ নিঃস্ব ছোৱালীসকলৰ বাবে এটা আশ্ৰয় গৃহ স্থাপন কৰে।১ ১৯৮৭ চনত তেওঁ অৰুণাচল আৰক্ষী বাহিনীত যোগদান কৰে। এইবছৰ অৰুণাচলত প্ৰথম বাৰৰ বাবে মহিলা বিষয়াসকলৰ প্ৰথম দল অন্তৰ্ভুক্ত কৰা হৈছিল।১ আৰক্ষী বাহিনীৰ সৈতে মাত্ৰ এবছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ১৯৮৮ চনত পূৰ্ণকালীন সময়ৰ ভিত্তিত সামাজিক সেৱাত প্ৰৱেশ কৰিবলৈ পদত্যাগ কৰে।৩

২০০৭ চনত বিন্নী য়াংগা গ্ৰীৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিন্তু এইসময়তো তেওঁৰ কাৰ্যকলাপ সমূহ কৰিবলৈ এৰা নাছিল।১ তেওঁ অৰুণাচল প্ৰদেশৰ নাহৰলগুনত বাস কৰিছিল আৰু ওজু ক্ৰাফ্ট চেণ্টাৰৰ গৰাকী আছিল।১১ এই কেন্দ্ৰটোৱে ২০০জন শ্ৰমিকক নিয়োগ কৰা এটা সৰু উদ্যোগ।৩৫ ২০১৫ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত তেওঁৰ মৃত্যু হয়।১২

ওজু ৱেলফেয়াৰ এছোচিয়েচন আৰু সামাজিক জীৱন

বিন্নী য়াংগাই ১৯৭৯ চনত আৰম্ভ কৰা প্ৰাপ্তবয়স্ক শিক্ষা আৰু নাৰ্চাৰী কেন্দ্ৰটো ১৯৮৮ চনত ওজু ৱেলফেয়াৰ এছোচিয়েচন (ওডব্লিউএ) নামত চ'ছাইটি হিচাপে পঞ্জীয়ন কৰিছিল।১৭ কেন্দ্ৰটো বহু বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত হৈ আছে। ই চেপাত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা প্ৰতিষ্ঠান, ১৫০ গৰাকী অনাথ শিশুৰ বাসস্থান শিশুগৃহ, ৪৫জন নিঃস্ব ছোৱালী বা মহিলাৰ বাৱে চৰ্ট ষ্টে হোম, কৰ্মী মহিলা হোষ্টেল, এটা পৰিয়াল ৰক্ষণাবেক্ষণ কেন্দ্ৰ আৰু মহিলাৰ হেল্পলাইন পৰিচালনা কৰে।১৩৫৭ তেওঁলোকে চিবিএছই পাঠ্যক্ৰম আৰু বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ পিছত এখন মাধ্যমিক বিদ্যালয়, টাৱাং জিলাৰ জাংত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ও পৰিচালনা কৰে।১৭ সংগঠন খনে ইয়াৰ চৌহদত কেন্দ্ৰীয় চৰকাৰৰ সংস্থা,জন শিক্ষস্থান আৰু ৰাজ্যিক সম্পদ কেন্দ্ৰৰো ব্যৱস্থা কৰে।১৭

বিন্নী য়াংগায়ে স্বাস্থ্য আৰু অন্যান্য বিষয়ৰ ওপৰত সামাজিক সজাগতা অভিযান আৰু চেমিনাৰ আয়োজন কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত শিল্পৰ প্ৰচাৰৰ সৈতেও জড়িত আছিল। ইয়াৰ বাবে তেওঁ গ্ৰাম্য শিল্পীসকলৰ বাবে এক বহুমুখী বিপণন সংস্থা 'হিমগিৰী' প্ৰতিষ্ঠা কৰিছে।১ এই সংস্থায়ে যুক্তৰাজ্য, দক্ষিণ আফ্ৰিকা আৰু ভূটানৰ দৰে দেশত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে।৩

পদবীসমূহ

বিন্নী য়াংগা ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য আছিল আৰু ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত দুই নডেল সংস্থাজন শিক্ষণ সংস্থা আৰু অৰুণাচল প্ৰদেশ ৰাজ্যিক সম্পদ কেন্দ্ৰৰ মুৰব্বী আছিল। তেওঁ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কাৰ্যবাহী সমিতিৰ সদস্য আছিল। তেওঁ অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ, ভাৰতীয় জনজাতীয় সমবায় বিপণন উন্নয়ন ফেডাৰেচন, গুৱাহাটীৰ ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান,১৩ আৰু য়ুপিয়া জিলা গ্ৰাম্য স্বাস্থ্য মিছনৰ সদস্য আছিল। তেওঁ হিমগিৰী বহুমুখী সমবায় সমাজৰ সম্পাদক আছিল। ইয়াৰ লগতে তেওঁ মুস্কান চচাইটি, পাপুম পাৰে জুভেনাইল জাষ্টিছ বোৰ্ড, ইটানগৰৰ ৰাম কৃষ্ণ মিছন হস্পিটেল আৰু কাণ্ট্ৰি ৱমেন এছচিয়েছন অফ ইণ্ডিয়াৰ সদস্য আছিল। তেওঁ ইটানগৰৰ ৰাষ্ট্ৰীয় মধ্যমিক শিক্ষ অভিযানৰ কাৰ্যবাহী সমিতিৰো অংশ আছিল।

বঁটা আৰু সন্মান

২০০০ চনত বিন্নী য়াংগাই ড॰ দুৰ্গা বাই দেশমুখ বঁটা লাভ কৰিছিল আৰু তাৰ পিছত ২০০৯-১০ চনত চেম্বাৰ অফ স্মল ইণ্ডাষ্ট্ৰি এছোচিয়চনৰ পৰা চিঅএছআইএ উদ্যোগী বঁটা লাভ কৰিছিল। সমবায় উৎকৰ্ষৰ এনচিডিচি বঁটাৰ প্ৰাপক বিন্নীয়ে ২০১২ চনত ৰাষ্ট্ৰীয় জনজাতীয় বঁটা আৰু ইফকো সহকৰিতা ৰত্ন বঁটা লাভ কৰে। একে বছৰে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰ বঁটা প্ৰদান কৰে। ২০১৩ চনত তেওঁক ইষ্টাৰ্ণ পেনোৰামা আলোচনীয়ে ২০১৩ চনৰ এচিভাৰ বঁটা প্ৰদান কৰে।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (14 June 2013). Indian Express. Indian Express
  2. ↑ (2014). OWA. OWA
  3. ↑ (2012). IFFCO. IFFCO
  4. ↑ (28 January 2012). TOI. TOI
  5. ↑ (19 November 2014). Tribune. Tribune
  6. ↑ (16 August 2013). The Cruzader of the Destitute. People's Friend Foundation
  7. ↑ (2012). Woman's Panorama. Woman's Panorama
  8. ↑ (2014). Padma Shri. Padma Shri
  9. ↑ (2014). FIWE. FIWE
  10. ↑ (2012). Banasthali. Banasthali
  11. ↑ (2014). OCC. OCC
  12. ↑ Arunachal activist Binny Yanga dies of illness. The Asian Age
  13. ↑ (2014). TRIFED. TRIFED
  14. ↑ (2013). Eastern Panorama. Eastern Panorama

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ ব্যক্তিসমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিন্নী য়াংগা” প্ৰবন্ধৰ সংশোধন ৫৩৪৩৯১ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।