আয়ালাসোমায়াজুলা ললিতা এম.আই.ই.ই. (এ ললিতা) (জন্ম: ২৭ আগষ্ট ১৯১৯– মৃত্যু:১২ অক্টোবৰ,১৯৭৯) আছিল ভাৰতৰ প্ৰথম মহিলা অভিযন্তা।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯১৯ চনৰ ২৭ আগষ্টত মাদ্ৰাজৰ তথা বৰ্তমানৰ চেন্নাইত এটা তেলেগু ভাষী পৰিয়ালত আয়ালাচোমায়াজুলা ললিতাৰ জন্ম হৈছিল।২ ললিতাৰ ১৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৯৩৭ চনত তেওঁৰ জীয়েক শ্যামালাৰ জন্ম হৈছিল। ৩চাৰি মাহৰ পিছত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেতিয়া তেওঁৰ দেউতাক পাপ্পু চুব্বা ৰাৱে ললিতাক মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিবলৈ আৰু অন্যথা ল'ৰাৰ প্ৰাধান্য থকা অভিযান্ত্ৰিক মহাবিদ্যালয়, গুইণ্ডি (চিইজি)ত অভিযান্ত্ৰিক অধ্যয়ন কৰাৰ ইচ্ছাক সমৰ্থন কৰিছিল কিয়নো তেওঁৰ দেউতাক সেই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰে এজন অধ্যাপক আছিল। চি.ই.জি.-ত ললিতাই অন্যান্য মহিলা অভিযন্তা পি.কে. থ্ৰেচিয়া আৰু লীলাম্মা কোছিৰ (নাই জৰ্জ) সৈতে অধ্যয়ন কৰিছিল৪ তেওঁৰ জীয়েকৰ মতে ললিতাক মহাবিদ্যালয়খনত প্ৰশাসন আৰু অন্যান্য শিক্ষাৰ্থীয়ে সমৰ্থন কৰিছিল। "মানুহে কি ভাবিব পাৰে তাৰ বিপৰীতে, আম্মাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অত্যন্ত সমৰ্থন কৰিছিল। তেওঁ এখন মহাবিদ্যালয়ৰ একমাত্ৰ ছোৱালী আছিল য'ত শ শ ল'ৰা আছিল কিন্তু কোনেও তাইক কেতিয়াও অস্বস্তিকৰ অনুভৱ কৰিবলৈ দিয়া নিছিল আৰু আমি ইয়াক কৃতিত্ব দিব লাগিব। কৰ্তৃপক্ষই তেওঁৰ বাবেও এটা পৃথক হোষ্টেলৰ ব্যৱস্থা কৰিছিল। আম্মাই কলেজ সম্পূৰ্ণ কৰি থাকোঁতে মই মোৰ খুৰাৰ সৈতে বাস কৰিছিলো আৰু তেওঁ প্ৰতি সপ্তাহত মোক লগ কৰিবলৈ আহিছিল।" ৫ ললিতাই ১৯৪৩ চনত বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰে - ভাৰতৰ প্ৰথম মহিলা অভিযন্তা হয়। তেওঁ জামালপুৰ ৰেলৰ ৱৰ্কশ্বপত এবছৰীয়া এপ্ৰেণ্টিছশ্বিপৰ সৈতে তেওঁৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল, যি হৈছে এক গুৰুত্বপূৰ্ণ মেৰামতি আৰু অভাৰহল সুবিধা।৬
অভিযন্তাৰ জীৱন
স্নাতক হোৱাৰ পিছত ললিতাই চিমলাৰ কেন্দ্ৰীয় মানক সংস্থাত কাম কৰিছিল আৰু তেওঁৰ দেউতাকক ধোঁৱাবিহীন অভেন আৰু জেলেক্ট্ৰমোনিয়াম (এটা বৈদ্যুতিক বাদ্যযন্ত্ৰ) গৱেষণা কৰাত সহায় কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ বৈদ্যুতিক আয়ুক্তৰ কাৰ্যালয়ত কাৰিকৰী সহায়ক হোৱাৰ আগতে পূব ভাৰতীয় ৰেলৰ বৈদ্যুতিক বিভাগত এবছৰ ব্যৱহাৰিক প্ৰশিক্ষণ অতিবাহিত কৰিছিল।৭ইয়াৰ পিছত ১৯৪৮ চনত ললিতাই কলিকতাৰ এছ'চিয়েটেড ইলেকট্ৰিকেল ইণ্ডাষ্ট্ৰিজ (এইআই) নামৰ এটা ব্ৰিটিছ প্ৰতিষ্ঠানত যোগদান কৰে আৰু ভাৰতৰ সৰ্ববৃহৎ বান্ধ ভাক্ৰা নাংগল বান্ধ, ট্ৰেন্সমিচন লাইন ডিজাইন কৰা আৰু চাবষ্টেচন লেআউটত কাম কৰে।
১৯৫৩ চনত লণ্ডনৰ ইনষ্টিটিউচন অফ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰচ (আইইই)ৰ পৰিষদে তেওঁক সহযোগী সদস্য হিচাপে নিৰ্বাচিত কৰে, আৰু ১৯৬৬ চনত তেওঁক সম্পূৰ্ণ সদস্যলৈ পদোন্নতি দিয়ে।
১৯৬৪ চনত নিউয়ৰ্ক মহানগৰত মহিলা অভিযন্তা আৰু বিজ্ঞানীৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰা ললিতা ভাৰতৰ একমাত্ৰ মহিলা অভিযন্তা আছিল ললিতা ১৯৬৫ চনত ব্ৰিটিছ মহিলা অভিযান্ত্ৰিক সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল৮ আৰু ১৯৬৭ চনৰ জুলাই মাহত কেমব্ৰিজত অনুষ্ঠিত মহিলা অভিযন্তা আৰু বিজ্ঞানীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ (আইচিডব্লিউইএছ) আয়োজক সমিতিৰ ভাৰতৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু নিশ্চিত কৰিছিল যে ভাৰতৰ পৰা পাঁচগৰাকী মহিলা উপস্থিত থাকিবলৈ সক্ষম হয়।
ব্যক্তিগত জীৱন
স্বামীৰ মৃত্যুৰ পিছত ললিতাই পুনৰ বিবাহ কৰা নাছিল। তেওঁ জীৱনৰ বেছিভাগ সময় নিজৰ ভনীয়েকৰ সৈতে অতিবাহিত কৰিছিল আৰু ভনীয়েকে তাইৰ ছোৱালী শ্যামালাক ডাঙৰ-দীঘল কৰাত সহায় কৰিছিল, যি বিজ্ঞান বিষয়ত ডিগ্ৰী লৈছিল আৰু গণিতৰ শিক্ষক হৈছিল।
১৯৭৯ চনত ললিতাৰ ৬০ বছৰ বয়সৰ মগজুৰ এনিউৰিজমৰ ফলত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Archive, The Telugu. (2019-07-24). India's first female engineer: Lalitha Ayyalasomayajula. Medium
- ↑ Sen Gupta, Nandini. (15 September 2020). Women who engineered a pioneering path · Chennai News - Times of India. The Times of India
- ↑ 76: Ayyalasomayajula Lalitha. Magnificent Women
- ↑ worldcat.org/oclc/1054198087
- ↑ Women in STEM – Ayyalasomayajula Lalitha Rao – The Electric Flame. whastic.com
- ↑ electrifyingwomen.org/international-conviviality
- ↑ Gooday, Graeme. (2020-07-02). International conviviality: recovering women in engineering from Africa and Asia in 'The Woman Engineer'. Electrifying Women
- ↑ The Woman Engineer. www2.theiet.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়ালাসোমায়াজুলা ললিতা” প্ৰবন্ধৰ সংশোধন ৬২৫৩৭২ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।