ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০)১২ আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা।১ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰাজেশ্বৰী চেটাৰ্জীৰ জন্ম হৈছিল ১৯২২ চনৰ কৰ্ণাটকত। তেখেতে প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিছিল তেখেতে আইতাকে স্থাপন কৰা এখন বিশেষ ইংৰাজী বিদ্যালয়ত। প্ৰাথমিক শিক্ষাৰ শেষত তেখেতে চেণ্ট্ৰেল কলেজ অৱ বাংগালোৰত নামভৰ্তি হয়। মায়ছোৰ বিশ্ববিদ্যালয়ৰ অধীনৰ এইখন শিক্ষানুষ্ঠানৰ পৰা তেখেতে বিজ্ঞানত স্নাতক আৰু গণিতত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১
১৯৪৩ চনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে বাংগালোৰৰ আইআইএছচিৰ বৈদ্যুতিক যোগাযোগ বিভাগত এগৰাকী গৱেষক ছাত্ৰী হিচাপে যোগদান কৰে।৩
তেখেতে চি ভি ৰমনৰ অধীনত কাম কৰিবলৈ গৈছিল। এক সূত্ৰৰ মতে, চি ভি ৰমনে তেখেতক ছাত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। কাৰণ তেখেতৰ পদাৰ্থ বিজ্ঞানত কোনো ডিগ্ৰী নাছিল।৪ অন্যহাতে একাংশৰ মতে, তেখেতে নাৰীক ছাত্ৰী হিচাপে গ্ৰহণ কৰাৰ ধাৰণাটো অপছন্দ কৰিছিল। ৫
১৯৪৬ চনত দিল্লী চৰকাৰৰ দ্বাৰা তেখেতেক "উজ্জ্বল শিক্ষাৰ্থী" নিৰ্বাচিত কৰা হয়। ইয়াৰ লগতে বিদেশলৈ গৈ শিক্ষালাভ কৰিবলৈ এক জলপানি প্ৰদান কৰা হয়। তেখেতে আমেৰিকালৈ যাবলৈ সিদ্ধান্ত ল'লে। সেই সময়ছোৱাত বিদেশলৈ গৈ নাৰী এগৰাকীয়ে শিক্ষাগ্ৰহণ কৰাটো বৰ প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল যদিও ৰাজেশ্বৰী বদ্ধপৰিকৰ আছিল। ১৯৪৭ চনৰ জুলাইৰ মাহত তেখেতে শিক্ষালাভৰ বাবে জাহাজেৰে আমেৰিকালৈ গমন কৰে। আৰু ৩০ দিনৰ মূৰকত গৈ আমেৰিকাত উপস্থিত হয়।৪ আমেৰিকাত তেখেতে মিচিগান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু বৈদ্যুতিক অভিযান্ত্ৰিকত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত ভাৰত চৰকাৰৰ সৈতে থকা চুক্তি মান চলি তেখেতে ৱাশ্বিংটন ডিচিৰ নেশ্যনেল ব্যুৰ' অৱ ষ্টেণ্ডাৰ্ছত ৰেডিঅ' ফ্ৰিকুৱেন্সি পৰিমাপনত আঠমহীয়া ব্যৱহাৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ শেষ কৰি তেখেতে পুনৰ মিচিগান বিশ্ববিদ্যালয়লৈ উভতি যায় আৰু শিক্ষা অব্যাহত ৰাখে। ১৯৫৩ চনৰ আগভাগত তেখেতে প্ৰফেচাৰ উইলিয়াম গোল্ড ডা'ৰ অধীনত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ৩
কৰ্মজীৱন
১৯৫৩ চনত ডক্তৰেট ডিগ্ৰী গ্ৰহণ কৰি অহাৰ পাছত তেখেতে আইআইএছচি বাংগালোৰত বৈদ্যুতিক যোগাযোগ বিভাগত শিক্ষক হিচাপে যোগদান কৰে আৰু বিদ্যুৎ-চুম্বকীয় তত্ত্ব, মাইক্ৰৱেভ প্ৰযুক্তিবিদ্যা আদি বিষয় শিকায়। ৬ একেটা বছৰতে তেখেতে শিশিৰ কুমাৰ চেটাৰ্জীৰ লগত বিবাহপাশত আৱদ্ধ হয়। ৬
চেটাৰ্জী পাছলৈ গৈ সেই বিভাগৰ অধ্যক্ষৰ আসনত বহেগৈ। তেখেতে নিজৰ জীৱনত বিশজন গৱেষকৰ তত্ত্বাৱধান লয়, এশখনতকৈও অধিক গৱেষণাপত্ৰ লিখা আৰু সাতখন গ্ৰন্থ ৰচনা কৰে। ১
১৯৮২ চনত তেখেতে আইআইএছচিৰ পৰা অৱসৰ লয়১ আৰু সামাজিক কিছুমান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেইবোৰ কাৰ্যসূচীত নাৰীশিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হয়। ৬
গ্ৰন্থাৱলী
- Elements of Microwave Engineering
- Antenna Theory And Practice
- A Thousand Streams: A Personal History
- Dielectric And Dielectric Loaded Antennas
- Advanced Microwave Engineering: Special Advanced Topics
- Vasudhaiva Kutumbakam: The Whole World Is But One Family: Real Stories of Some Women and Men of India
- Antennas for Information Super Skyways: An Exposition on Outdoor and Indoor Wireless Antenna, co-authored by Perambur S. Neelakanta৭
বঁটা
তেখেতে লাভ কৰা কেইটামান লেখত ল'বলগীয়া বঁটা-সন্মান হৈছে—৮
- আমেৰিকা যুক্তৰাজ্যৰ বৈদ্যুতিক আৰু ৰেডিঅ' অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ তৰফৰপৰা মাউণ্টবেটেন বঁটা।
- জে.চি. বসুৰ স্মাৰক বঁটা, ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰছ্
- শ্ৰেষ্ঠ গৱেষণা আৰু শৈক্ষিককৰ্মৰ বাবে ৰামলাল ৱাধৱা বঁটা, বৈদ্যুতিক আৰু দূৰযোগাযোগ অভিযন্তাৰ তৰফৰপৰা।
তথ্যসূত্ৰ
- ↑ A. Jayaram. (18 April 2002). The nuts and bolts of a superachiever. The Hindu
- ↑ D.P. Sen Gupta. (1 October 2010). On her own terms. The Hindu
- ↑ ENGINEER’S DAY IN INDIA. KSG
- ↑ Gupta, D. p Sen; Gupta, D. p Sen. (2010-10-01). On her own terms. The Hindu
- ↑ Remembering Rajeswari Chatterjee, IISc’s First Woman Engineer – Connect with IISc. connect.iisc.ac.in
- ↑ Shashikala, K. Lucky to be where I am, Rajeshwari Chatterjee
- ↑ Rajeswari Chatterjee. www.goodreads.com
- ↑ www.thebetterindia.com/109876/things-to-know-raj
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেশ্বৰী চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৪০৩৬৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।