অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা মজুমদাৰ

বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৬৯২ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম। ভাৰতত মহিলাৰ স্থিতিৰ প্ৰথমখন সমিতিৰ তেওঁ সচিবৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৭৪ চনত Towards Equality নামেৰে প্ৰথমখন প্ৰতিনেদন প্ৰকাশ কৰে।১২ ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থাৰ অধীনত ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা স্বায়ত্তশাসিত সংস্থা চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। এই সংস্থাৰ ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বীণা মজিমদাৰে কলকাতাৰ এক মধ্যবিত্ত বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তিনিটা ল'ৰা আৰু দুজনী ছোৱালীৰ মাজত তেওঁ কনিষ্ঠ আছিল। দেউতাক প্ৰকাশ মজুমদাৰ আছিল এজন অভিযন্তা আৰু ককাদেউতাক ৰমেশ চন্দ্ৰ মজুমদাৰ এজন প্ৰসিদ্ধ ইতিহাসবিদ। কলকাতাৰ ছেইণ্ট জন্‌ছ ডায়'চিচান গাৰ্ল্‌ছ হায়াৰ ছেকেণ্ডেৰী স্কুলত শিক্ষাজীৱন আৰম্ভ কৰি তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ মহিলা কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ আশুতোষ কলেজত পঢ়ে। তেতিয়া তেওঁ আশিতোষ কলেজৰ ছাত্ৰী সন্থাৰ সম্পাদিকা নিৰ্বাচিত হয়। সেই পদত থাকোঁতে তেওঁ ৰমা ৰাও সমিতিৰ সমৰ্থনত সভাৰ আয়োজন কৰিছিল। এই সমিতিয়ে হিন্দু আইনৰ সংশোধন কৰি ছোৱালী সন্তানৰ বাবে উত্তৰাধিকাৰ ৰ সমৰ্থন কৰিছিল।৪ ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পাছতে তেওঁ অক্সফ'ৰ্ডৰ ছেইণ্ট হিউজ কলেজলৈ গৈ স্নাতক শিক্ষা সম্পূৰ্ণ কৰে। ১৯৬০ চনত পুনৰ অক্সফ'ৰ্ডলৈ গৈ ১৯৬২ চনত ড ফিল সম্পন্ন কৰে।

কৰ্মজীৱন

পাটনা বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ বক্তা হিচাপে বীণা মজুমদাৰে কৰ্মজীৱন আৰম্ভ কৰে।৫ পাছলৈ তেওঁ বেহৰামপুৰ বিশ্ববিদ্যালয়তো শিক্ষকতা কৰে। ইয়াৰ পাছত তেওঁ নতুন দিল্লীত বিশ্ববিদ্যালয় মঞ্জুৰী কমিচনৰ সচিবালয়ত শিক্ষা কৰ্মকতা হিচাপে যোগদান কৰে আৰু University Education and Social Change in India' (April 1970 – Dec. 1970) শীৰ্ষক গৱেষণাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এড্‌ভান্সড ষ্টাডিজৰ ফেল' নিৰ্বাচিত হয়।১

ভাৰতত নাৰীৰ মৰ্যাদাবিষয়ক সমিতিৰ (১৯৭১-৭৪)তেওঁ সদস্য সচিব আছিল।৬ এই সমিতিৰ প্ৰতিবেদন Towards Equality ত কৃষিমূলকৰ পৰাঔদ্যোগিক সমাজলৈ সলনি হোৱা ভাৰতত মহিলাৰ দাৰিদ্ৰ বাঢ়ি অহা আৰু পুৰুষ নানীৰ অনুপাত কমি অহাৰ কথা কোৱা হৈছিল। এই প্ৰতিবেদনে ভাৰতত নাৰী শিক্ষা আৰু নাৰী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।৭৮ ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ তেওঁ ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থাৰ নাৰী শিক্ষা প্ৰগ্ৰেমৰ সঞ্চালক পদত থাকে।১৯ (ক) এচৌৱে যে ব্যভিচাৰৰ পৰা আঁতৰি থাকে, সেই বিষয়ে আমি কি ক'ব পাৰোঁ?১০

১৯৮০ চনত তেওঁ নতুন দিল্লীত চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ (CWDS) প্ৰতিষ্ঠাপক সঞ্চালক পদত যোগদান কৰি ১৯৯১ চনত অৱসৰলৈকে এই পদত থাকে। এই সংস্থাই ভাৰতত পাছলৈ নাৰী শিক্ষাত অগ্ৰণী ভূমিকা লয়। তেওঁ ইণ্ডিয়ান এছ'চিয়েচন অৱ অ'মেন ষ্টাডিজৰো প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈকে তেওঁ চেণ্টাৰ ফ'ৰ অ'মেন ডেভেল'পমেণ্ট ষ্টাডিজৰ অধ্যক্ষ পদত আছিল।

ব্যক্তিগত জীৱন

১৯৫২ চনত সংগীতজ্ঞ শংকৰ মজুমদাৰৰ লগত বীণা মজুমদাৰৰ বিবাহ হয়।১১ তেওঁলোকৰ তিনিগৰাকী জী আৰু এটি ল'ৰা আছিল। এগৰাকী জী ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ নেতা সীতাৰাম য়েচুৰীৰ প্ৰথমা পত্নী আছিল। ২০১৩ চনৰ ৩০ মে'ত কিছুদিনৰ অসুস্থতাৰ পাছত বীণা মজুমদাৰে ৮৬ বছৰ বয়সত মৃত্যুবৰণ কৰে।১১ ২০১০ চনত তেওঁ আত্মজীৱনীমূলক গ্ৰন্থ Memories of a Rolling Stone প্ৰকাশ কৰিছিল।

গ্ৰন্থপঞ্জী

  • Education & social change: three studies on nineteenth century India. Indian Institute of Advanced Study, 1972.
  • Role of rural women in development. University of Sussex. Institute of Development Studies. Allied Publishers, 1978.
  • Symbols of power: studies on the political status of women in India. Allied, 1979.
  • Women and rural transformation: two studies with Rekha Mehra, Kunjulekshmi Saradamoni. ICSSR. Centre for Women's Development Studies. Pub. Concept, 1983.
  • Emergence of the Women's Question in India and the Role of Women's Studies. Centre for Women's Development Studies, 1985.
  • Khadi and Village Industries Commission. Centre for Women's Development Studies. 1988.
  • Peasant Women Organise for Empowerment: The Bankura Experiment. Centre for Women's Development Studies. 1989.
  • Women workers in India: studies in employment and status, with Leela Kasturi, Sulabha Brahme, Renana Jhabvala. ICSSR. Chanakya Publications, 1990. .
  • Legislative Measures and Policy Directions for Improving the Lot of Farm Women, with Kumud Sarma, Lotika Sarkar. Indian Council of Agricultural Research.
  • Women and Indian nationalism, with Leela Kasturi. Vikas Pub. House, 1994. ISBN 978-81-70010-73-9.
  • Changing Terms of Political Discourse: Women's Movement in India, 1970s–1990s, with Indu Agnihotri. Economic and Political Weekly, Vol. XXX No. 29, 4 March 1995
  • Political Ideology of the Women's Movement's Engagement with Law. Centre for Women's Development Studies, 2000.
  • Face to face with rural women: CWDS' search for new knowledge and an interventionist role. Centre for Women's Development Studies, 2002.
  • The Mind and the Medium. Explorations in the Evolution of British Imperial Policy in India. Three Essays Collective. 2010. ISBN 978-81-88789-64-1
  • Memories of a Rolling Stone. Zubaan Books. 2010. ISBN 978-81-89884-52-9.

তথ্যসূত্ৰ

  1. ↑ Interview with Vina Mazumdar, Global Feminisms Project Deep Blue, Michigan University
  2. ↑ (23 October 1996). First Anniversary Special Fifty Faces, A Million Reasons: Vina Mazumdar: Gender Activist. Outlook (Indian magazine)
  3. ↑ Our people Centre for Women's Development Studies, website
  4. ↑ (30 May 2013). Remembering Vina Mazumdar. The Hindu
  5. ↑ (30 May 2013). Remembering Vina Mazumdar. The Hindu
  6. ↑ Agrawal, p. 62
  7. ↑ (8 March 2010). Educated middle class women are selfish. The Times of India
  8. ↑ (1 June 2013). Vina Mazumdar, freedom's child
  9. ↑ Emerging State Feminism in India: A Conversation with Vina Mazumdar, International Feminist Journal of Politics, Volume 9, Issue 1 March 2007, pp. 104 – 111
  10. ↑ (7 December 2013). Remembering Vina Mazumdar. The Hindu
  11. ↑ (30 May 2013). Remembering Vina Mazumdar. The Hindu"Remembering Vina Mazumdar". The Hindu. 30 May 2013. Retrieved 2 June 2013

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিভাৰতীয় শিক্ষাবিদভাৰতীয় নাৰীবাদীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৮৫ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।