অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জানকী অম্মল (উদ্ভিদ বিজ্ঞানী)

জানকী অম্মল (৪ নৱেম্বৰ ১৯৮৭- ৭ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উদ্ভিদবিজ্ঞানী আছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জানকী অম্মল (৪ নৱেম্বৰ ১৯৮৭- ৭ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উদ্ভিদবিজ্ঞানী আছিল।

প্ৰাৰম্ভিক জীৱন

ই কে জনাকী আম্মালৰ মূৰ্তি, বিৰলা ঔদ্যোগিক আৰু প্ৰযুক্তি সংগ্ৰহালয়, কলকাতা, পশ্চিম বংগ, ভাৰত।
ই কে জনাকী আম্মালৰ মূৰ্তি, বিৰলা ঔদ্যোগিক আৰু প্ৰযুক্তি সংগ্ৰহালয়, কলকাতা, পশ্চিম বংগ, ভাৰত।ছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

জানকী অম্মলে ১৮৯৭ চনৰ, ৪ নৱেম্বৰত কেৰালাৰ থলসেৰিত জন্মগ্ৰহন কৰে।১ তেওঁৰ দেউতাক দেওৱান বাহাদুৰ এডভালথ কাক্কট কৃষ্ণন, মাদ্ৰাজ প্ৰেসিডেন্সিৰ উপ-বিচাৰক আছিল। তেখেতৰ মাতৃ, দেবী (১৮৬৪-১৯৪১) আছিল জন চাইল্ড হ্যানিংটন আৰু কুঞ্চি কুড়ুম্বিৰ অবৈধ কন্যা।২তেওঁৰ ছয়জন ভাই-ককাই আৰু পাঁচ গৰাকী বাই-ভনী আছিল। তেওঁলোকৰ পৰিয়ালত পৰিয়ালৰ কন্যা সকলক বৌদ্ধিক চৰ্চা, বিশেষকৈ ললিতকলা চৰ্চাত উৎসাহ দিয়া হৈছিল। কিন্তু অম্মলে বিষয় হিচাপে উদ্ভিদবিজ্ঞানহে বাছি লয় তেল্লিচেৰীৰ স্কুলত পঢ়া-শুনা সাং কৰি জানকী মাদ্ৰাজলৈ গুচি গৈছিল। তাতেই কুইন মেৰি কলেজৰ পৰা স্নাতক ডিগ্ৰি অৰ্জন কৰে আৰু ১৯২১ চনত প্ৰেসিডেন্সি কলেজৰ পৰা উদ্ভিদবিজ্ঞানত সাম্মানিয় স্নাতক ডিগ্ৰি লাভ কৰে। প্ৰেসিডেন্সি কলেজৰ শিক্ষকসকলৰ অনুপ্ৰেৰণাত, জীবকোষ-সুপ্ৰজননবিদ্যাৰ প্ৰতি তেওঁৰ অপাৰ কৌতূহল সৃষ্টি হৈছিল।৩

পেচা

জানকী অম্মল চেন্নাইৰ মহিলাৰ ক্ৰিশ্চান কলেজত শিক্ষকতা আৰম্ভ কৰিছিল। সেইসময়ত তেওঁ বাৰ বাৰকৈ ছাত্ৰীবৃত্তি পায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিশিগান বিশ্ববিদ্যালয়ৰ অচিৰ প্ৰবাসত আছিল। তাত তেওঁ ১৯২৫ চনত তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁ উইমেনস খ্ৰিস্টান কলেজেলৈ পঢ়ুৱাবলৈ যায়। ১৯৩১ চনত তেওঁ পুনৰ মিশিগানলৈ যায় আৰু ডক্টৰ অফ সায়েন্স সম্পন্ন কৰে।

পুৰস্কাৰ আৰু সন্মান

আম্মল ১৯৩৫ চনৰ ভাৰতীয় বিজ্ঞান একাডেমিৰ আৰু ১৯৫৭ চনত ইন্ডিয়ান ন্যাশনাল সায়েন্স একাডেমিৰ ফেলো নিৰ্বাচিত হয়। ১৯৫৬ চনত বোটানি আৰু সাইটিজেনটিক্সৰ অবদানৰ স্বীকৃতিস্বৰূপে মিশিগান বিশ্ববিদ্যালয়ে তেওঁক সম্মানসূচক এল এল ডি প্ৰদান কৰি কয় যে: "শ্ৰমসাধ্য তথা নিৰ্ভুল পৰ্যবেক্ষণ কৰাৰ ক্ষমতাৰ দ্বাৰা ধন্য, তেওঁ তথা তেওঁৰ ধৈৰ্য,একনিষ্ঠতা আৰু নিবেদন বৈজ্ঞানিক কৰ্মীসকলৰ মাজত আদৰ্শ স্বৰূপ হৈ ৰ'ব।" ১৯৭৭ চনত ভাৰত চৰকাৰে তেওঁ সন্মানীয় পদ্মশ্ৰী উপাধি প্ৰদান কৰে।৪ ২০০০ চনত ভাৰত চৰকাৰৰ পৰিবেশ তথা বন মন্ত্ৰণালয়ে তেওঁৰ নামত শ্ৰেণীবিন্যাস বিদ্যাৰ জাতীয় পুৰস্কাৰ আৰম্ভ কৰে।

জানকী অম্মল জাতীয় পুৰস্কাৰ

শ্ৰেণীবিন্যাস বিদ্যাত বিশেষ পাৰদৰ্শিতা দেখুওৱা তথা এই ক্ষেত্ৰত নতুন ছাত্ৰ আৰু পণ্ডিতক এই ক্ষেত্ৰত কাম কৰিবৰ বাবে উৎসাহিত কৰিবৰ হেতু ভাৰত চৰকাৰে ১৯৯৯চনত জানকী অম্মল বঁটা ঘোষণা কৰে। উদ্ভিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ শ্ৰেণীবিন্যাসত অসমান্য অৱদানৰ বাবে দুটি জাতীয় পুৰস্কাৰ ক্ৰমে 'উদ্ভিদ বিজ্ঞানৰ ই.কে জানকী অম্মল জাতীয় পুৰস্কাৰ' আৰু 'প্ৰাণীবিজ্ঞানৰ ই.কে জানকী অম্মল জাতীয় পুৰস্কাৰ' প্ৰদান কৰা হয়।

জানকী অম্মল বৃত্তি

জন ইন্স চেণ্টাৰে জানকী অম্মলৰ নামত উন্নয়নশীল ৰাষ্ট্ৰ সমূহৰ PhDৰ ছাত্ৰ সকললৈ বৃত্তি প্ৰদান কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Subramanian, C V. Edavaleth Kakkat Janaki Ammal – IAS Women in Science. Indian Academy of Sciences
  2. ↑ Damodaran, Vinita. (2013). Gender, Race and Science in Twentieth-Century India: E. K. Janaki Ammal and the History of Science. History of Science. পৃ. 283
  3. ↑ (25 April 2018). Celebrating Women in STEM: Dr. Janaki Ammal. Madalyn Weston. University News
  4. ↑ (2015). Padma Shri. Padma Shri
  5. ↑ Janaki Ammal Scholarships. John Innes Centre

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীপদ্মশ্ৰী বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী অম্মল (উদ্ভিদ বিজ্ঞানী)” প্ৰবন্ধৰ সংশোধন ৪৮৪৯৭৬ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।