আন্না মোডায়িল মণি (২৩ আগষ্ট, ১৯১৮ – ১৬ আগষ্ট, ২০০১) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী।১ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ তেওঁ বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যন ক্ষেত্ৰলৈ ভালেমান গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰোপৰি তেওঁ সৌৰ বিকিৰণ, অ'জন আৰু সৌৰ শক্তিৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছে।২
প্ৰাৰম্ভিক জীৱন
১৯১৮ চনত ৰামনাথপুৰমৰ পৰমাকুডি নামে ঠাইত এটা ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত আন্না মণিৰ জন্ম হৈছিল।১৩ তেওঁৰ পিতৃ আছিল এগৰাকী অসামৰিক অভিযন্তা তথা অজ্ঞাতবাদী।১ আঠগৰাকী সন্তানৰ ভিতৰত আন্না মণি আছিল তেওঁলোকৰ পৰিয়ালৰ সপ্তম সন্তান। শৈশৱ কালত আন্না মণিৰ পঢ়াৰ প্ৰতি খুব ধাউতি আছিল।১ ৱায়কম সত্যাগ্ৰহৰ সময়ছোৱাত মোহনদাস কৰমচান্দ গান্ধীৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱিত হৈছিল। জাতীয়তাবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ কেৱল ৰেচম কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল।
মণি পৰিয়ালটো আছিল উচ্চ শ্ৰেণীৰ পেছাদাৰী পৰিয়াল য'ত ল'ৰা সন্তানবোৰক শৈশৱৰ পৰাই উচ্চ পৰ্যায়ৰ জীৱিকা এটা কৰিবলৈ সাজু কৰি তোলা হৈছিল আৰু ছোৱালী সন্তানবোৰক বিবাহৰ বাবে সাজু কৰি তোলা হৈছিল। কিন্তু আন্না মণি বাকীবোৰৰ তুলনাত অলপ বেলেগ প্ৰকৃতিৰ আছিল। শৈশৱ অৱস্থাত তেওঁ বেছিভাগ সময় কিতাপৰ মাজতেই বিভোৰ আছিল। আঠ বছৰ বয়সত তেওঁলোকৰ ৰাজহুৱা পুথিভঁৰালত থকা প্ৰায় সকলোবোৰ মালয়ালম ভাষাৰ কিতাপ পঢ়ি সাং কৰিছিল আৰু বাৰ বছৰ বয়সত ইংৰাজী ভাষাৰ গোটেইবোৰ কিতাপ পঢ়ি সাং কৰিছিল। আঠবছৰীয়া জন্মদিনত মাক-দেউতাকে উপহাৰ হিচাপে দিয়া হীৰাৰ কাণফুলি আন্না মণিয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে তেওঁ বিছাৰিছিল “এনছাইক্ল’পিডিয়া ব্ৰিটানিকা” নামৰ বিশ্বকোষখন। কিতাপৰ জগতখনে তেওঁৰ মনত নতুন নতুন ধাৰণাৰ জন্ম দিছিল যিয়ে তেওঁৰ জীৱনক এক বিশেষ গতি প্ৰদান কৰিছিল।
শিক্ষা
১৯৩৯ চনত চেন্নাইৰ পাচায়াপ্পাছ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত আন্না মণিয়ে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত ১৯৪০ চনত বেংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত গৱেষণা কৰাৰ বাবে আন্না মণিয়ে এটা ছাত্ৰবৃত্তি লাভ কৰে। ১৯৪৫ চনত পদাৰ্থ বিজ্ঞান বিষয়ত পুনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজলৈ যায়। সি যি নহওক অৱশেষত তেওঁ বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যন বিষয়তহে শিক্ষা গ্ৰহণ কৰে।৪
জীৱিকা
পাচাই কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ প্ৰফেছাৰ ছ'ল'মন পাপ্পায়াৰ তত্ত্বাৱধানত ৰুবী আৰু হীৰাৰ আলোকীয় ধৰ্মসমূহৰ ওপৰত গৱেষণা কৰে।২ তেওঁ পাঁচখনকৈ গৱেষণা পত্ৰ লিখি উলিয়াই তেওঁৰ পি এইচ ডি ডিছেৰটেশ্যন জমা দিছিল যদিও পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী নথকাৰ বাবেই তেওঁক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হোৱা নাছিল। ১৯৪৮ চনত ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ পুণেত অৱস্থিত ভাৰত বতৰ বিজ্ঞান বিভাগত কৰ্মজীৱনৰ পাতনি মেলে। বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যনৰ ওপৰত তেওঁ ভালেমান গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।
আন্না মণিয়ে বতৰ বিজ্ঞানৰ সা-সঁজুলিৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হোৱাটো বিছাৰিছিল। তেওঁ এশটাতকৈও অধিক বতৰ বিজ্ঞানৰ সা-সঁজুলিৰ চিত্ৰাংকণ প্ৰমাণীকৃত কৰিছিল। ১৯৫৭-৫৮ সময়ছোৱাত তেওঁ সৌৰ বিকিৰণ পৰিমাপণ কৰাৰ উদ্দেশ্যে এটা নে'টৱৰ্ক ষ্টেচন স্থাপন কৰে। ইয়াৰোপৰি তেওঁ বাংগালোৰত এখন সৰু কৰ্মশালা অনুষ্ঠিত কৰিছিল য'ত সৌৰ বতাহ আৰু সৌৰ শক্তিৰ জোখ লোৱাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি বনোৱা হৈছিল। অ'জনৰ জোখ ল'বলৈ তেওঁ এক বিশেষ সঁজুলিৰ বিকাশ সাধন কৰিছিল। থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰত বতৰ বিজ্ঞানৰ এটা মানমন্দিৰ আৰু ইঞ্চট্ৰুমেনটেশ্যন টাৱাৰ আন্না মণিয়ে স্থাপন কৰিছিল।৪৫
আন্না মণি বহুতো বৈজ্ঞানিক সংগঠনৰ লগত জড়িত আছিল। তাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমি, আমেৰিকান বতৰ বিজ্ঞান সংঘ, আন্তৰ্জাতিক সৌৰ শক্তি সংঘ, বিশ্ব বতৰ বিজ্ঞান সংস্থা আদি উল্লেখযোগ্য।
১৯৬৯ চনত সাধাৰণ উপসঞ্চালক হিচাপে তেওঁক দিল্লীলৈ স্থানান্তৰ কৰা হয়। ১৯৭৫ চনত তেওঁ ইজিপ্তত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই। ১৯৭৬ চনত ভাৰত বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে আন্না মণিয়ে অৱসৰ গ্ৰহণ কৰে।৫
ব্যক্তিগত জীৱন
নিজৰ কৰ্মৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবে আন্না মণি কেতিয়াও বিবাহপাশত আৱদ্ধ নহ'ল।
মৃত্যু
২০০১ চনৰ ১৬ আগষ্ট তাৰিখে তিৰুৱনন্তপুৰমত আন্না মণিয়ে ইহলীলা সম্বৰণ কৰে।১
বঁটা
১৯৮৭ চনত তেওঁ INSA কে. আৰ. ৰামনাথন পদক লাভ কৰে।
স্বীকৃতি
- আন্না মণিক আন্তৰ্জাতিক অ'জন সংস্থাৰ সদস্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
- আন্না মণিৰ জন্মৰ শতবাৰ্ষিকীত বিশ্ব বতৰ বিজ্ঞান সংস্থাই তেওঁক স্মৰণ কৰে আৰু সাক্ষাৎকাৰসহ তেওঁৰ সংক্ষিপ্ত জীৱনবৃত্ত প্ৰকাশ কৰে।৬
প্ৰকাশিত গ্ৰন্থৰাজি
- Wind Energy Resource Survey in India (১৯৯২ চন)
- Solar Radiation over India (১৯৮১ চন)২
- The Handbook for Solar Radiation data for India (১৯৮০ চন)
তথ্যসূত্ৰ
- ↑ Sur, Abha. (14 October 2001). The Life and Times of a Pioneer. The Hindu
- ↑ Sur, Abha. (2007). Lilavati's daughters: The women scientists of India. Indian Academy of Science. পৃ. 23–25
- ↑ Platinum Jubilee Publishing of INSA. Indian National science academy
- ↑ Gupta, Aravind. Anna Mani. Platinum Jubilee Publishing of INSA. Indian National science academy
- ↑ (2017-01-21). Anna Mani Is One of India's Greatest Woman Scientists. Yet You Probably Haven't Heard Her Story. The Better India
- ↑ Deepshikha, Singh. WMO Remembers Indian meteorologist Anna Mani. ABC Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না মণি” প্ৰবন্ধৰ সংশোধন ৫৩৫৯০৩ (৩০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।