অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্চনা ভট্টাচাৰ্য

অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।১২

শিক্ষা

অৰ্চনা ভট্টাচাৰ্যই ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯ চনত একেখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৬৪ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে "ভাৰতীয় বিজ্ঞান প্ৰতিভা"ৰ জলপানি লাভ কৰে। ১৯৭৫ চনত তেখেতে নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী আহৰণ কৰে। তেখেতে পদাৰ্থ বিজ্ঞানৰ তাত্ত্বিক ঘনীভূত পদাৰ্থৰ ক্ষেত্ৰখনত কাম কৰিছিল।২

কৰ্মজীৱন

১৯৭৮ চনত অৰ্চনা ভট্টাচাৰ্যই 'ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান'ত যোগদান কৰে।৩ তেখেতে আৰ্বানা-চেম্পেইনৰ ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ কেচি য়েহ গ্ৰুপৰ লগত কাম কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৮৭ চনলৈকে তেখেতে সেই প্ৰতিষ্ঠানত কাম কৰে। ১৯৯৮-২০০০ চনত তেখেত আমেৰিকৰ মাচাছুছেটছস্থিত "বায়ু সেনা গৱেষণা প্ৰয়োগশালা"ত এগৰাকী জ্যেষ্ঠ এনআৰচি আৱাসিক গৱেষণা সহযোগী হিচাপে কাম কৰে। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে তেখেত "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক হয়। তেখেত ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠানৰ এগৰাকী এমিৰেটাছ বিজ্ঞানী।২

বঁটা আৰু সন্মান

  • ২০০৮ চনত "ভাৰতীয় ভূভৌতিক সংঘ"ই অৰ্চনা ভট্টাচাৰ্যক "অধ্যাপক কে আৰ ৰামানাথন স্মাৰক বক্তৃতা আৰু পদক"-এৰে পুৰস্কৃত কৰে।
  • ১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয়ে তেখেতক ডা. কে এছ কৃষ্ণন সোণৰ পদক প্ৰদান কৰে।
  • অৰ্চনা ভট্টাচাৰ্য 'ভাৰতীয় বিজ্ঞান একাডেমী' আৰু 'ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত'ৰ সভ্য।২

গৱেষণাৰ ক্ষেত্ৰ

  • বিষুবীয় আয়নমণ্ডলত প্লাজমা অস্থিৰতা
  • ৰেডিঅ' তৰংগৰ জৰিয়তে আয়নমণ্ডলৰ অনুসন্ধান
  • আয়নমণ্ডলত মহাকাশীয় বতৰৰ প্ৰভাৱ
  • ভূচুম্বকীয় ক্ষেত্ৰৰ স্থান-সময়গত পৰিৱৰ্তন(Spatio-temporal variations of the geomagnetic field)৩

তথ্যসূত্ৰ

  1. ↑ IAS- Archana Bhattacharyya
  2. ↑ INSA - Archana Bhattacharyya
  3. ↑ Dr A Bhattacharya. iigm.res.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫১০৪৯১ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।